শতাব্দ ষ্টাফ ৰিপ’ৰ্টাৰ, ১০ মে’ : ভাৰতীয় বিমান বাহিনীয়ে (IAF) নতুন ফাইটাৰ জেটৰ আসন্ন ক্রয়ৰ ক্ষেত্রত ‘গ্ল’বেল প্রকিউৰমেন্ট আৰু ইণ্ডিয়া মেড মডেল’ অনুসৰণ কৰিব। যিটো ইতিমধ্যেই C-295MW পৰিবহণ বিমান নিৰ্মাণৰ বাবে টাটা-এয়াৰবাছ (Tata) অংশীদাৰিত্বৰ দ্বাৰা সফলভাৱে গৃহীত হৈছে। এতিয়া এই অংশীদাৰিত্বই ভাৰতীয় বিমান বাহিনীৰ বাবে দ্রুত অত্যাধুনিক যুদ্ধ বিমান কিনাৰ পথো প্রশস্ত কৰিব। ইতিমধ্যেই ১১৪খন মাল্টি-ৰোল ফাইটাৰ এয়াৰক্রাফ্টৰ (MRFA) বাবে প্রায় 20 বিলিয়ন ডলাৰৰ চুক্তিখন পূর্বে সামৰিক অংশীদাৰিত্বৰ (SP) মাধ্যমেৰে সম্পন্ন হৈছে। যিখন চুক্তিত ভাৰতত মূল প্লেটফর্মসমূহ নিৰ্মাণ কৰাৰ বাবে ভাৰতীয় ব্যৱসায়িক মডেলসহ এক বিদেশী সৰবৰাহকাৰীৰ লগত অংশীদাৰিত্ব কৰা হয়।
* টাটা গ্রুপে নিৰ্মাণ কৰিব F-21?
জনা গৈছে তিনিবিধ আমেৰিকান বিমান, F-18, F-15, আৰু F-21ৰ সমান্তৰালকৈ ৰাছিয়ান MiG-35 আৰু Su-35, ফ্রান্সৰ ৰাফেল, ছুইডিচ ছাব গ্রিপেন আৰু ইউৰো ফাইটাৰ টাইফুনে IAFৰ চুক্তিৰ বাবে প্রতিদ্বন্দ্বিতা কৰিছে। আনহাতে আমেৰিকান প্রতিৰক্ষা সংস্থা লকহিড মার্টিনে সক্রিয়ভাৱে ভাৰতৰ বাবে তেওঁলোকৰ F-21 ফাইটাৰ বিক্ৰী কৰিছে। তেওঁলোকে দাবী কৰিছে যে, F-21 ভাৰতীয় বায়ুসেনাৰ বাবে শ্ৰেষ্ঠ বিমান হিচাবে প্রমাণিত হ’ব। ইয়াৰ বাবে কোম্পানীটোৱে ইতিমধ্যেই Tata Advanced Systemsৰ লগত অংশীদাৰিত্ব কৰিছে। ২০২১ চনৰ ডিচেম্বৰত লকহিড মার্টিনে F-21 ফাইটাৰ উইংছ নিৰ্মাণৰ বাবে ভাৰতত টাটা এডভান্সড ছিষ্টেমৰ লগতে এক উৎপাদনস্থলৰো প্রতিষ্ঠা কৰে।
* লকহিড মাৰ্টিনৰ লগত টাটাৰ চুক্তি
সম্পূর্ণৰূপে ‘মেক ইন ইণ্ডিয়া’ পদ্ধতি এতিয়াও সফল বুলি প্রমাণিত হোৱা নাই। মূলতঃ নৌবাহিনীৰ দুটা প্রকল্প ইয়াৰ কাৰণে ব্যর্থ হৈছে আৰু সেই কাৰণেই ভাৰতীয় বিমান বাহিনী সামৰিক অংশীদাৰিত্বৰ কৌশলৰ অংশ হিচাবে ‘গ্ল’বেল প্রকিউৰমেন্ট এণ্ড ইণ্ডিয়া মেড এপ্রোচ’ৰ দিশে ধাৱমান হৈছে। এই ক্রমানুসাৰে মার্কিন প্রতিৰক্ষা জায়েন্ট লকহিড মার্টিনে ভাৰতীয় বায়ুসেনাক F-21 সৰবৰাহ কৰাৰ বাবে Tata Advanced Systemsৰ লগত তেওঁলোকৰ সম্পর্ক জোৰদাৰ কৰিছে। আনফালে ‘বাই গ্ল’বেল, মেক ইন ইণ্ডিয়া’ হ’ল ২০২০ চনত প্রতিৰক্ষা মন্ত্রী ৰাজনাথ সিঙৰ দ্বাৰা প্রতিষ্ঠিত এক ক্রয় বিভাগ। যিটোৱে ‘মেক ইন ইণ্ডিয়া’ প্রতিৰক্ষা উদ্যোগৰ অংশ হিচাবে বিদেশী সামৰিক ব্যৱস্থা সংগ্রহ আৰু উৎপাদন সহজতৰ কৰাৰ প্রক্রিয়া সম্পন্ন কৰে। আপাতত যৌথ উদ্যোগত C-295 পৰিবহন বিমান উৎপাদনৰ বাবে এক চুক্তি স্বাক্ষৰৰ মাধ্যমেৰে ‘গ্ল’বেল, মেক ইন ইণ্ডিয়া’ৰ যাত্ৰা আৰম্ভ হৈছে। এই প্রক্রিয়াটো মূলতঃ অত্যন্ত সহজ আৰু আপাতত ইয়াত এখন তালিকা তৈয়াৰ প্রক্রিয়া বাকী আছে যাতে ভাৰতীয় অংশীদাৰীয়ে তেওঁলোকৰ প্রযুক্তিগত অংশীদাৰ বাছি লোৱাৰ ক্ষেত্রত আৰু স্বাধীনতা পাব পাৰে। প্রসঙ্গক্ৰমে উল্লেখ্য যে, ভাৰতীয় বিমান বাহিনীয়ে এই সিদ্ধান্ত লোৱা পূৰ্বে অন্ততঃ চাৰিটা ভিন্ন ক্ষেত্রত ক্রয়ৰ বিকল্প বিবেচনা কৰিছে। একেদৰে দেশীয় লাইট কমবেট এয়াৰক্রাফ্ট (LCA) তেজচ আৰু পঞ্চম প্রজন্মৰ এডভান্সড মিডিয়াম ফাইটাৰ এয়াৰক্রাফ্ট প্রকল্পৰ কাম ইতিমধ্যেই চলিছে।