টাটা টেকন’লজিছ লিমিটেড আৰু অসম চৰকাৰৰ মাজত বুজাবুজি চুক্তি

ৰাজ্যখনৰ ৩৪ খন পলিটেকনিক প্ৰতিষ্ঠান আৰু ৪৩ খন আই টি আই উৎকৃষ্ট কেন্দ্ৰ ৰূপে গঢ়ি তোলা হ'ব

0 103

শতাব্দ প্ৰতিনিধি, গুৱাহাটী,১১ মে’: ৰাজ্যৰ ঔদ্যোগিক শিক্ষাৰ উন্নয়নৰ বাবে ৰাজ্য চৰকাৰ আৰু টাটা টেকন’লজিছ লিমিটেডৰ লগত বুধবাৰে এক বুজাবুজিৰ চুক্তি স্বাক্ষৰিত হয়। জনতা ভৱনত অনুষ্ঠিত এক অনুষ্ঠানত মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা আৰু টাটা টেকনলজিছ লিমিটেডৰ অধ্যক্ষ সুব্ৰমনিয়াম ৰামদোৰায়ৰ উপস্থিতিত এই বুজাবুজিৰ চুক্তি স্বাক্ষৰিত হয় । উল্লেখ্য যে ৰাজ্যিক কেবিনেট বৈঠকত এই চুক্তি স্বাক্ষৰিত কৰাৰ সন্দৰ্ভত সিদ্ধান্ত লোৱা হৈছিল। এই চুক্তিৰ জৰিয়তে অসম চৰকাৰে টাটা টেকন’লজিছ লিমিটেডৰ সহযোগত ৰাজ্যখনৰ ৩৪ খন পলিটেকনিক প্ৰতিষ্ঠান আৰু ৪৩ খন আই টি আই উৎকৃষ্ট কেন্দ্ৰ ৰূপে গঢ়ি তোলা হ’ব। এই সমগ্ৰ প্ৰকল্পটোৰ ৰূপায়ন কৰাৰ বাবে টাটা টেকন’লজিছ লিমিটেডে ২,৩৯০ কোটি টকা ব্যয় কৰিব বুলি অনুষ্ঠানত মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই সদৰী কৰে । ভাষণ প্ৰসংগত মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই কয় যে ৰাজ্য চৰকাৰে এই প্ৰকল্পটো ৰূপায়ণ কৰাৰ বাবে ৰাজ্যখনৰ ৩৪ খন পলিটেকনিক প্ৰতিষ্ঠান আৰু ৪৩ খন চৰকাৰী ঔদ্যোগিক প্ৰশিক্ষণ প্ৰতিষ্ঠানত ১২০০০ বৰ্গ ফুটৰ গৃহ নিৰ্মাণ কৰিব ।
গড়কাপ্তানী বিভাগে নিৰ্মাণ কৰিবলগীয়া এই গৃহসমূহ টাটা টেকন’লজিছ লিমিটেডক ব্যৱহাৰৰ বাবে দিয়া হ’ব । টাটা টেকন’লজিছ লিমিটেডে এই গৃহবোৰ নিৰ্মাণ কৰাৰ বাবে নক্সা প্ৰস্তুত কৰিছে । অহা বছৰৰ ভিতৰত এই প্ৰকল্প মুকলি কৰা হ’ব । মুখ্যমন্ত্ৰী গৰাকীয়ে কয় যে এই প্ৰকল্প দেশত প্ৰথমবাৰৰ বাবে কৰ্ণাটকৰ চৰকাৰে ৰূপায়ণ কৰিছে । এই প্ৰকল্পৰ জৰিয়তে ৰাজ্যখনৰ পলিটেকনিক আৰু আই টি আইৰ শিক্ষাত ৰূপান্তৰৰ যাত্ৰা আৰম্ভ হ’ব ।
এই প্ৰকল্পই চাহ প্ৰক্ৰিয়াকৰণ, খাদ্য প্ৰক্ৰিয়াকৰণ, হস্তশিল্প আৰু বস্ত্ৰ আদি বিভিন্ন উদ্যোগত কাম কৰা অসমৰ দক্ষ শ্ৰমিকসকলক উৎসাহজনক সুযোগ প্ৰদান কৰিব বুলি মন্তব্য কৰে মুখ্যমন্ত্ৰীগৰাকীয়ে । এই প্ৰকল্পৰ জৰিয়তে ৰাজ্যখনৰ পলিটেকনিক আৰু আই টি আইৰ শিক্ষাৰ লগত জড়িত থকা ১৫,০০০ পৰা ২০,০০০ ছাত্ৰ-ছাত্ৰী উপকৃত হ’ব। আকৌ এই প্ৰকল্পৰ জৰিয়তে ছাত্ৰ-ছাত্ৰীসকলক ভৱিষ্যতে কৰ্মসংস্থাপিত কৰাৰ ব্যৱস্থা কৰা হ’ব । এই প্ৰকল্পৰ জৰিয়তে ৰাজ্যখনৰ পলিটেকনিক আৰু আই টি আইৰ শিক্ষা ব্যৱস্থাত উন্নত আৰু আধুনিক প্ৰযুক্তি ব্যৱহাৰ কৰি শিক্ষাৰ গুণগত মান উন্নত কৰি দক্ষ মানৱ সম্পদ সৃষ্টি কৰা হ’ব ।

মন্তব্য দিয়ক

Your email address will not be published.

This website uses cookies to improve your experience. We'll assume you're ok with this, but you can opt-out if you wish. Accept Read More