টিৰাপত দুৰ্ধৰ্ষ ই এন এন জি কেডাৰৰ মাৰণাস্ত্ৰসহ আত্মসমৰ্পণ

0 13

শতাব্দ প্ৰতিনিধি, তিনিচুকীয়া, ১২ জুলাই : ইষ্টাৰ্ণ নাগা নেশ্যনেল গৱৰ্ণমেণ্ট (ই এন এন জি) নামৰ সশস্ত্ৰ সংগঠনটোৰ এজন দুৰ্ধৰ্ষ সদস্যই মাৰণাস্ত্ৰসহ সোমবাৰে অৰুণাচল প্ৰদেশৰ টিৰাপ জিলাত আত্মসমৰ্পণ কৰে । টিৰাপ জিলাৰ উপায়ুক্ত, অৰুণাচল আৰক্ষী আৰু ৬ আছাম ৰাইফলছৰ বিষয়াবৰ্গৰ উপস্থিতিত অস্ত্ৰ সম্বৰণ কৰি মূলসুঁতিলৈ উভতি অহা ই এন এন জিৰ দুৰ্ধৰ্ষ সদস্যজন স্বয়ম্ভু কেপ্তেইন আলাং নডাম বুলি প্ৰকাশ । চুবুৰীয়া ৰাজ্যখনৰ লংডিং জিলাৰ খাচা গাঁৱৰ আলাং নডামে বিগত ২০১৬ চনত সশস্ত্ৰ সংগঠনটোত যোগদান কৰিছিল । আত্মসমৰ্পণৰ সময়ত তেওঁ এটা পইণ্ট ৩২ এম এম পিষ্টল, এটা মেগজিন আৰু কেইবা জাঁই সজীৱ গুলী জমা দিয়ে ।

মন্তব্য দিয়ক

Your email address will not be published.

This website uses cookies to improve your experience. We'll assume you're ok with this, but you can opt-out if you wish. Accept Read More