টিৰাপ ভূখণ্ডত খিলঞ্জীয়া জনগোষ্ঠীৰ অধিকাৰ খৰ্ব কৰিছে চৰকাৰে

তিনিচুকীয়াত টিৰাপ স্বায়ত্ত শাসন দাবী সমিতি গুৰুতৰ অভিযোগ

0 97

শতাব্দ ষ্টাফ ৰিপৰ্টাৰ, তিনিচুকীয়া, ২০ মাৰ্চ : টিৰাপ ভূখণ্ড খিলঞ্জীয়া জনগোষ্ঠীসমূহৰ গৃহভূমি তথা উত্তৰাধিকাৰীভাৱে লাভ কৰা অঞ্চল ৷ ৰাজ্য চৰকাৰে ৰাষ্ট্ৰসংঘৰ খিলঞ্জীয়াৰ চনদ উলংঘা কৰি জনজাতিৰ বিৰুদ্ধে কাম কৰি আছে । খিলঞ্জীয়া জনগোষ্ঠী সমূহৰ অনুমতি তথা সন্মতি অবিহনে চৰকাৰে এই টিৰাপ ভূখণ্ডত কয়লাৰ মুক্ত খননকাৰ্য চলাই খিলঞ্জীয়া জনগোষ্ঠীৰ জনজীৱন তথা পৰিবেশ বিধ্বস্ত কৰিছে ৷ আজি তিনিচুকীয়াত এইদৰে কয় টিৰাপ স্বায়ত্তশাসন দাবী সমিতিয়ে ৷ শীঘ্ৰে মুক্ত কয়লা খননকাৰ্য বন্ধ কৰা, ক্ষতিগ্ৰস্ত লোকসকলক উপযুক্ত ক্ষতিপূৰণ প্ৰদান কৰা, টিৰাপৰ জনজাতি আবেষ্টনীৰ পৰা ১৯৫১ চনৰ পাছত অহা অবৈধ বিদেশী বাঙালী হিন্দু-মুছলমান আৰু নেপালী বিদেশী আৰু বহিৰাগত লোকসকলক বহিস্কাৰ কৰিবলৈ দাবী জনোৱাৰ লগতে ৰাষ্ট্ৰসংঘৰ খিলঞ্জীয়া লোকৰ অধিকাৰ চনদৰ আধাৰত খিলঞ্জীয়া জনগোষ্ঠীসমূহৰ সুৰক্ষাৰ ব্যৱস্থা কৰিবলৈ টিৰাপ স্বায়ত্ত শাসিত পৰিষদ শীঘ্ৰে গঠনৰ দাবী জনাই অসম চৰকাৰৰ মুখ্য সচিবলৈ তিনিচুকীয়াৰ উপায়ুক্তৰ জড়িয়তে এখন স্মাৰক পত্ৰ সমিতিৰ তৰফৰ পৰা প্ৰেৰণ কৰা হয় । ইয়াৰোপৰি ৰাজ্য চৰকাৰৰ ৰাজহ বিভাগৰ সচিব আৰু অনুসূচীত জনজাতি আৰু পিচপৰা সম্প্ৰদায়ৰ কল্যাণ বিভাগৰ সচিবলৈও স্মাৰক পত্ৰ প্ৰেৰণ কৰা হয় ৷ স্মাৰক পত্ৰত টিৰাপ স্বায়ত্ত শাসন দাবী সমিতিয়ে ৰাষ্ট্ৰসংঘৰ খিলঞ্জীয়া লোকৰ অধিকাৰ চনদৰ ২৬, ২৮ আৰু ২৯ অনুচ্ছেদ অসম চৰকাৰে ভংগ কৰাৰ অভিযোগ উত্থাপন কৰে ৷ অনুচ্ছেদ ২৬ মতে খিলঞ্জীয়া লোকসকলে পৰম্পৰাগত ভাবে আহৰণ কৰা, দখল কৰা আনধৰণে অধিকাৰ কৰা বা ব্যৱহাৰ কৰা মাটি, অঞ্চল আৰু সম্পদৰ ওপৰত অধিকাৰ থাকিব ৷ অনুচ্ছেদ ২৮ অনুসৰি খিলঞ্জীয়া মানুহে পৰম্পৰাগত ভাবে আহৰণ কৰা বা আন ধৰণে দখল বা ব্যৱহাৰ কৰা মাটি, অঞ্চল আৰু সম্পদবোৰ তেওঁলোকৰ মুক্ত, আগতীয়া অনুমতি আৰু সন্মতি নোহোৱাকৈ বাজেয়াপ্ত কৰা, দখল কৰা, ব্যৱহাৰ কৰা বা ধ্বংস কৰাৰ অধিকাৰ ৰাষ্ট্ৰৰ নাথাকিব ৷ আনহাতে অনুচ্ছেদ ২৯ মতে খিলঞ্জীয়ালোকৰ অধিকৃত মাটি, অঞ্চল আৰু সম্পদৰ পৰিবেশ আৰু উৎপাদন ক্ষমতাৰ ক্ষেত্ৰত সুৰক্ষিত আৰু সংৰক্ষণৰ ব্যৱস্থা কৰিবলৈ অধিকাৰ থাকিব ৷ টিৰাপ জনজাতি আবেষ্টনীত খিলঞ্জীয়া জনগোষ্ঠীসমূহক নিজৰ হাজাৰ বছৰীয়া অধিকাৰৰ পৰা বঞ্চিত কৰা হৈছে। সংবাদমেলত উপস্থিত থাকি অসমৰ জাতি সংঘ অসম সন্মিলিত মহাসংঘৰ কাৰ্যকৰী সভাপতি মতিউৰ ৰহমানে টিৰাপৰ খিলঞ্জীয়া জনগোষ্ঠী সমূহৰ প্ৰতি অসম চৰকাৰে কৰি অহা অৱহেলা, বঞ্চনাৰ বাবে তীব্ৰ ক্ষোভ প্ৰকাশ কৰে আৰু শীঘ্ৰে ৰাষ্ট্ৰসংঘৰ খিলঞ্জীয়া লোকৰ অধিকাৰ চনদ(২০০৭) অনুসৰি খিলঞ্জীয়া জনগোষ্ঠী সমূহক সম্পূৰ্ণ সুৰক্ষাৰ ব্যৱস্থা কৰি টিৰাপ অঞ্চলত ১৯৫১ চনৰ পাছত অবৈধ ভাবে আহি বসবাস কৰি থকা বিদেশী বাঙালী হিন্দু-মুছলমান আৰু নেপালী বিদেশী আৰু বহিৰাগত লোকসকলক বহিস্কাৰ কৰি জনজাতি আবেষ্টনী সংৰক্ষণ কৰিবলৈ দাবী জনায় । লগতে দীৰ্ঘদিন ধৰি খালি হৈ থকা টিৰাপৰ পলিটিকেল জামাদাৰ পদত চিংফৌ ৰাজকুমাৰ বিছা মুংদাং চিংফৌক নিযুক্তি দিবলৈ দাবী জনায় । সংবাদ মেলত টিৰাপ স্বায়ত্ত শাসন দাবী সমিতিৰ সভাপতি বিছা মুংদাং চিংফৌ, সাধাৰণ সম্পাদক পল্লৱ শ্যাম ৱাইলুং, চিংফৌ জাতীয় পৰিষদৰ সভাপতি চেংগাম লাব্ৰাম, টাংছা নগা ছাত্ৰ সন্থাৰ সভাপতি নাইয়ুং মছাং উপস্থিত থাকে ৷

মন্তব্য দিয়ক

Your email address will not be published.

This website uses cookies to improve your experience. We'll assume you're ok with this, but you can opt-out if you wish. Accept Read More