টুইটাৰত পৰিল এল’ন মাস্কৰ ‘ব্লু টিক’ঃ ৪৪ বিলিয়ন ডলাৰত ক্ৰয়

0 35

দাদুল দেৱকৃষ্ণ বৰুৱা

অৱশেষত টুইটাৰৰ ওপৰত পৰিল এল’ন মাস্কৰ ‘ব্লু টিক’। ৪৪ বিলিয়ন মার্কিন ডলাৰৰ বিনিময়ত বিশ্বৰ অন্যতম জনপ্রিয় ছ’চিয়েল মিডিয়া প্লেটফর্ম কিনিলে টেচলাৰ মালিকে। যি ভাৰতীয় মুদ্রাৰ হিচাপত প্রায় ৩৩,৬৭২ কোটি টকা। আনুষ্ঠানিকভাৱে টুইটাৰ বিক্রীৰ ঘোষণাৰ পিছত এক যৌথ বিবৃতিত এল’ন মাস্কে কয় যে, গণতন্ত্রই (সঠিকভাৱে) কাম কৰাৰ ভিত্তি হ’ল বাক স্বাধীনতা। টুইটাৰ হ’ল সেই ডিজিটেল বৃত্ত য’ত মানুহৰ ভৱিষ্যতৰ ক্ষেত্রত যিকোনো গুৰুত্বপূর্ণ বিষয় লৈ আলোচনা কৰা হয়। আনহাতে টুইটাৰৰ ব’র্ডৰ চেয়াৰপাৰ্ছন ব্রেট টেলৰে দাবী কৰে যে, মাইক্র’ ব্লগিং ছাইট কিনাৰ বাবে এল’নে যি প্রস্তাৱ দিছিল, সেয়া গুৰুত্ব সহকাৰে বিবেচনা কৰা হৈছে। যিটো টুইটাৰৰ ছেয়াৰহ’ল্ডাৰৰ বাবে শ্ৰেষ্ঠ পথ হ’ব। এল’নৰ হাতলৈ টুইটাৰৰ মালিকানা যোৱাৰ গুৰুত্বপূর্ণ বিষয়বোৰ আছিল তলত দিয়া ধৰণৰ।

* চলিত মাহৰ আৰম্ভণিতেই টুইটাৰৰ ৯.২ শতাংশ মালিকানা কিনিছিল এল’ন মাস্কে। টুইটাৰ ব’র্ডতো এল’নে যোগ দিব বুলি ঘোষণা কৰা হৈছিল। কিন্তু কিছুদিন পিছত সেই সিদ্ধান্তৰ পৰা পিছুৱাই আহিছিল এল’ন। তাৰ পিছত ৫৪.২ ডলাৰত টুইটাৰ কিনি লোৱাৰ প্রস্তাৱ দিছিল টেচলাৰ কর্ণধাৰজনে। তেওঁ দাবী কৰিছিল যে, টুইটাৰত বাক স্বাধীনতাৰ প্রসাৰ ঘটাবলৈ বিচাৰে আৰু সংস্থাটোক ব্যক্তিগত মালিকানাৰ আওঁতালৈ আনিব বিচাৰে।

* যদিও প্রাথমিকভাৱে এল’ন ৰ প্রস্তাৱত ৰাজি হোৱা নাছিল টুইটাৰ। বৰং এল’নৰ ৰাস্তা যাতে কণ্টকপূর্ণ কৰি তোলা যায়, তাৰ বাবেহে বিশেষ কৌশল অৱলম্বন কৰা হৈছিল। টুইটাৰৰ কৌশল আছিল, এল’নে যি ছেয়াৰ কিনিব নোৱাৰে, সেয়া অন্যক সস্তাত বেচি দিয়া হ’ব। তাৰ ফলত বিশ্বৰ অন্যতম জনপ্রিয় ছচিয়েল মিডিয়া প্লেটফর্ম টুইটাৰ কিনিবলৈ গ’লে আৰু বেছি অর্থ খৰচ কৰিবলগীয়া হ’ব এল’নে।

* একাংশৰ দাবী আছিল, এল’নৰ প্রস্তাৱত সহমত নাছিল টেচলাৰ বিনিয়োগকাৰীসকলৰ একাংশৰ। এই বিনিয়োগকাৰীসকলৰ মতে, টুইটাৰ কিনি ল’লে বিশ্বৰ অন্যতম শ্ৰেষ্ঠ গাড়ী প্রস্তুতকাৰক সংস্থাৰ ‘গতি’ কিছু কমি যাব পাৰে। গাড়ী প্রস্তুতকাৰক সংস্থাৰ কর্ণধাৰ হিচাবে এল’নে যি দায়িত্ব পালন কৰে, সেয়াও প্রভাৱিত হ’ব পাৰে। কেৱল সেয়াই নহয়, একাংশৰ দাবী আছিল, টেচলাৰ কর্ণধাৰৰ সম্ভাৱ্য প্রভাৱক লৈয়ো টুইটাৰৰ কর্মীসকলৰ একাংশই প্রশ্ন তুলিছিল।

* এল’নৰ আর্থিক পৰিকল্পনা আৰু টুইটাৰৰ ব’র্ডৰ ‘গঠনমূলক আলোচনাৰ’ যি মনোভাৱ আছিল, তাৰ ফলস্বৰূপে টেচলাৰ কর্ণধাৰৰ প্রস্তাৱ বিবেচনা কৰি চোৱা হয়। সোমবাৰে বিয়লিৰ ফালে ‘দ্য ৱাছিংটন প’ষ্টত CFRA Researchৰ বিশেষজ্ঞ এঞ্জেল’ জিনোৱে জনায়, টুইটাৰ ব’র্ডক উপেক্ষা কৰা যেন অনুমান হৈছে। আৰু তেতিয়াৰ পৰাই পিছলৈ ঘূৰিব বিচৰা নাই এল’ন মাস্ক।

* সেই পৰিস্থিতিত সোমবাৰে বিয়লিৰফালে স্পষ্ট হৈ পৰিছিল যে এল’নৰ ইচ্ছা পূৰণ হ’বলৈ গৈ আছে। যি টুইটাৰত সদা সক্রিয়। বিভিন্ন বিষয় লৈ টুইট কৰে। সোমবাৰে টেচলাৰ কর্ণধাৰে মাস্কে টুইট কৰে, ‘’মই আশা কৰিম যে, মোৰ সকলোতকৈ ক্ষুৰধাৰ সমালোচকসকলো টুইটাৰত থাকিব। কাৰণ সেয়াই আক্ষৰিক অর্থত হ’ব বাক স্বাধীনতা।’’

* কিদৰে টুইটাৰ কিনাৰ টকা আহিছে? এল’নে জনায় যে, বেংক ঋণ আৰু নিজা ইকুটিৰ যোগেদি ৪৬.৫ বিলিয়ন ডলাৰ যোগাৰ কৰিছে। সেই তথ্যৰ ফলত এল’নৰ বিশ্বাসযোগ্যতা আৰু বৃদ্ধি পায়। সূত্রৰ উদ্ধৃতি দি দ্য ৱাছিংটন প’ষ্টত জনোৱা হৈছে যে, টুইটাৰৰ একাধিক বৃহৎ ছেয়াৰহল্ডাৰৰ লগতো দেখা কৰিছিলে এল’ন মাস্কে। তেওঁলোকৰ ভিতৰত বহুখিনিয়ে এল’নক সমর্থন কৰে।

মন্তব্য দিয়ক

Your email address will not be published.

This website uses cookies to improve your experience. We'll assume you're ok with this, but you can opt-out if you wish. Accept Read More