টুইটাৰৰ মালিক হৈয়েই আক্ৰমণাত্মক এলন মাস্ক
শতাব্দ ষ্টাফ ৰিপ’ৰ্টাৰ, ২৯ অক্টোবৰ : টুইটাৰ ক্ৰয়ৰ চুক্তি সম্পূৰ্ণ কৰিলে এলন মাস্কে আৰু এই চুক্তি হোৱাৰ কিছু সময়ৰ পাছতে মাস্কে টুইটাৰৰ চিইঅ’ পৰাগ আগৰৱালক বৰ্খাস্ত কৰে। চিএনবিচিৰ এক প্ৰতিবেদনত এই কথা দাবী কৰা হৈছে। কেৱল চিইঅ’ পৰাগ আগৰৱালাকে নহয়, টুইটাৰৰ মুখ্য বিত্তীয় বিষয়া নেড ছেইগাল, চিএফঅ’ আৰু আইনী মুৰব্বী বিজয়া গাড্ডেকো চাকৰিৰ পৰা বৰ্খাস্ত কৰিছে এলন মাস্কে। ইয়াৰ পূৰ্বে এলন মাস্কে পৰাগ আগৰৱালে প্ৰমাণৰ লগত খেলা-ধূলা কৰাৰ অভিযোগ উত্থাপন কৰিছিল। প্ৰসংগক্ৰমে এলন মাস্কে টুইটাৰৰ সৈতে হোৱা চুক্তি বাতিল কৰিবলৈ চেষ্টা কৰিছিল। আনকি এই বিষয়টো আদালতত উপনীত হৈছে। ইয়াৰ পিছত তেওঁ শেহতীয়াকৈ ঘোষণা কৰিছে যে তেওঁ পূৰ্বে ঘোষণা কৰা ধৰণে টুইটাৰ কিনিবলৈ ইচ্ছুক। এনে পৰিস্থিতিত এলন মাস্কে টুইটাৰ ক্ৰয়ৰ চুক্তি সম্পূৰ্ণ কৰিলে। ইয়াৰ পূৰ্বে টেছলাৰ চিইঅ’ এলন মাস্কে টুইটাৰত প্ৰৱঞ্চনাৰ অভিযোগ উত্থাপন কৰিছিল। মাস্কে অভিযোগ কৰে যে ৪৪ মিলিয়ন ডলাৰৰ চুক্তিৰ সময়ত টুইটাৰে তেওঁক কোম্পানীটোৰ বিষয়ে বিপথে পৰিচালিত কৰিছিল। এনে পৰিস্থিতিত টুইটাৰে মাস্কৰ বিৰুদ্ধে গোচৰ তৰিছিল যাতে চুক্তিখন বাতিল নকৰাকৈয়ে সম্পূৰ্ণ কৰিব পাৰে।
* চুক্তি ভংগ কৰাৰ কাৰণ কি ক’লে মাস্কে?
এলন মাস্কে টুইটাৰক ভুৱা বা স্পেম একাউণ্টৰ তথ্য প্ৰকাশ কৰিবলৈ কয়। তেওঁৰ প্ৰশ্নৰ সঠিক উত্তৰ নিদিলে টুইটাৰ কৰ্তৃপক্ষই। আৰু সেইবাবেই টেছলাৰ নেতাগৰাকীয়ে চুক্তি বাতিল কৰাৰ দাবী কৰিছিল। লগতে টুইটাৰত বট আৰু স্পেম একাউণ্ট নিষ্কাষণ নকৰিলে চুক্তি স্বাক্ষৰ নকৰে বুলিও কৈছিল। ইয়াৰ ফলত পৰাগ আগৰৱালা আৰু মাস্কৰ মাজত তিক্ততা বৃদ্ধি পায়। শেষত মাস্কে পৰাগক কোম্পানীটোৰ মুখ্য কাৰ্য্যবাহী বিষয়া পদৰ পৰা বৰ্খাস্ত কৰে। টুইটাৰৰ মালিক হোৱাৰ পিছত এলন মাস্কে কোম্পানীটোৰ ৭৫ শতাংশ কৰ্মশক্তিক চাকৰিৰ পৰা বৰ্খাস্ত কৰিব বুলি পূৰ্বে কেইবাটাও বাতৰিত দাবী কৰা হৈছিল। অৱশ্যে ছান ফ্ৰান্সিস্কোত থকা কোম্পানীটোৰ মুখ্য কাৰ্যালয়লৈ যোৱাৰ সময়ত মাস্কে কৰ্মচাৰীসকলক চাকৰিৰ বিষয়ে আশ্বাস দিয়ে। তেওঁ কয় যে তেওঁৰ টুইটাৰ অধিগ্ৰহণৰ ফলত ছুটীৰ কোনো সম্ভাৱনা নাই। ইফালে, যোৱা ২৬ অক্টোবৰত এলন মাস্কে নিজৰ ‘বায়’ সলনি কৰি লিখিছে, ‘চিফ টুইট’। ইয়াৰ পৰা স্পষ্ট হৈ পৰে যে তেওঁ নিজেই সংগঠনটোৰ মুৰব্বী হ’বলৈ গৈ আছে।