ঠেলামৰাত উৎকোচলৈ গ্ৰেপ্তাৰ হোৱা মণ্ডলৰ তেজপুৰস্হিত বাসগৃহত তালাচী

0 16

শতাব্দ ষ্টাফ ৰিপ’ৰ্টাৰ,তেজপুৰ,২৩মাৰ্চঃ শোণিতপুৰৰ ঠেলামৰাত উৎকোচ লোৱা অৱস্থাত আজি হাতেলোটে কৰায়ত্ত হ’ল এজন মণ্ডল৷ উল্লেখযোগ্য যে,ৰাজ্য চৰকাৰে দুৰ্নীতিৰ বিৰুদ্ধে চলোৱা অভিযানৰ অংশ হিচাবে আজি তদাৰকী আৰু দুৰ্নীতি নিবাৰক শাখাৰ এটা দলে শোণিতপুৰৰ ঠেলামৰা ৰাজহ চক্ৰ বিষয়াৰ কাৰ্যালয়ৰ লাট মণ্ডল পৰাগ বৰাক ১৫হেজাৰ টকা উৎকোচ লোৱাৰ সময়তে হাতে লোটে কৰায়ত্ত কৰিবলৈ সক্ষম হয়। ধৃত লাট মণ্ডল জনে এগৰাকী লোকৰ মাটি বাটোৱাৰা কৰাৰ বাবে দাবী কৰা ধন ঠেলামৰা ৰাজহচক্ৰ বিষয়াৰ কাৰ্যালয় চৌহদতে থকা কেন্টিনত লোৱাৰ সময়তে দুৰ্নীতি আৰু তদাৰকী শাখাৰ দলটোৱে হাতে লোটে আটক কৰিবলৈ সক্ষম হয়। আনহাতে মণ্ডল গৰাকীক কৰায়ত্ত কৰাৰ পিছত অসম আৰক্ষীৰ উপ অধীক্ষক লুইত তালুকদাৰৰ নেতৃত্বত যোৱা এটা আৰক্ষীৰ দলে ধৃত লাট মণ্ডল গৰাকীৰ তেজপুৰৰ ঊষা নগৰত থকা বাস ভৱনত অভিযান চলাই নগদ ১০২০০টকা উদ্ধাৰ কৰাৰ লগতে বেংকৰ পাছ বুক আৰু কেতবোৰ বিত্তীয় নথি পত্ৰ জব্দ কৰিছে। আনহাতে এই গৰাকী লাট মণ্ডলৰ বিৰুদ্ধে পূৰ্বে ভূমিকেন্দ্ৰীক অভিযোগ টোকাত লিপিবদ্ধ কৰি তেজপুৰ মুঢ়াতেতেলীৰ এগৰাকী লোকে আত্ম হত্যা কৰিছিল আৰু এই টোকাৰ ভিত্তিত আৰক্ষীয়ে মণ্ডল বৰাক গ্ৰেপ্তাৰ কৰিছিল৷ সম্প্ৰতি এই গোচৰৰো চাৰ্জ শ্বীট আদালতত দাখিল কৰিছে আৰক্ষীয়ে।

মন্তব্য দিয়ক

Your email address will not be published.

This website uses cookies to improve your experience. We'll assume you're ok with this, but you can opt-out if you wish. Accept Read More