ডন ব’স্ক’ বিশ্ববিদ্যালয়ত প্ৰাক্তন শিক্ষাৰ্থীৰ বক্তৃতা অনুষ্ঠান সম্পন্ন

0 46

গুৱাহাটী, ৭ ফেব্ৰুৱাৰী : অসম ডন ব’স্ক’ বিশ্ববিদ্যালয় স্কুল অৱ টেকন’লজীৰ যান্ত্রিক অভিযান্ত্রিক বিভাগৰ উদ্যোগত ৭ ফেব্ৰুৱাৰী তাৰিখে আজাৰা চৌহদৰ কনফাৰেন্স হলত এখন প্ৰাক্তন শিক্ষাৰ্থীৰ বক্তৃতা অনুষ্ঠান সম্পন্ন হয়। যান্ত্রিক অভিযান্ত্রিক বিভাগৰ মুৰব্বী তথা কেৰিয়াৰ পৰামৰ্শদাতা ড° বুলজিৎ বুঢ়াগোহাঁয়ে সমল ব্যক্তিক সম্বৰ্ধনা জ্ঞাপন কৰাৰ লগতে প্ৰাক্তন শিক্ষাৰ্থীৰ বক্তৃতা অনুষ্ঠানৰ গুৰুত্ব উল্লেখ কৰি আদৰণী ভাষণ আগবঢ়োৱা অনুষ্ঠানটোত সমল ব্যক্তি হিচাপে উপস্থিত থাকে যান্ত্রিক অভিযান্ত্রিক বিভাগৰ প্রাক্তন ছাত্র অভিজিৎ বৰুৱা । এই অনুষ্ঠানত যান্ত্রিক অভিযান্ত্রিক বিভাগৰ শিক্ষাৰ্থীসকলৰ লগতে অধ্যাপকসকলে অংশগ্ৰহণ কৰে। ২০১৩-১৭বৰ্ষৰ ছাত্ৰ অভিজিৎ বৰুৱাই ২০১৭ চনত আই টি চি লিমিটেড (ITC Limited)ত জি ই টি (GET) হিচাপে যোগদান কৰিছিল আৰু বৰ্তমান তেওঁ গুজৰাটত আঞ্চলিক ৰক্ষণাবেক্ষণ কাৰ্যবাহী হিচাপে আই টি চি লিমিটেডত সেৱা আগবঢ়াই আছে। তেওঁৰ বক্তৃতাত তেওঁ আইটিচিৰ সামগ্ৰী, প্ৰক্ৰিয়া আৰু ইউনিটৰ বিভিন্ন খণ্ডৰ বিষয়ে প্ৰকাশ কৰে । তেওঁ বৰ্তমানৰ চাকৰিৰ সুযোগৰ বিষয়ে উল্লেখ কৰে আৰু কেনেকৈ এজন চাকৰি সৃষ্টিকৰ্তা হ’ব পাৰে সেই বিষয়েও আলোচনা কৰে। লগতে তেওঁ আইটিচিত নিৰ্বাচনৰ সময়ত সন্মুখীন হোৱা সাক্ষাৎকাৰৰ বিভিন্ন পৰ্যায়ৰ বিষয়ে বিতং তথ্য আগবঢ়ায় আৰু শিক্ষাৰ্থীসকলৰ সৈতে মত বিনিময় কৰে। যান্ত্রিক অভিযান্ত্রিক বিভাগৰ সহকাৰী অধ্যাপক হৰজিৎ দাস আৰু লীনা এইছ নেমাদে যুটীয়াভাৱে সমন্বয় কৰা অনুষ্ঠানটি পল্লৱ গগৈয়ে শলাগৰ শৰাই আগবঢ়ায়।

মন্তব্য দিয়ক

Your email address will not be published.

This website uses cookies to improve your experience. We'll assume you're ok with this, but you can opt-out if you wish. Accept Read More