ডলুৰ উচ্ছেদৰ প্ৰতিবাদত তিনিচুকীয়াৰ চাহ বাগিচাত এ চি এম এছৰ ধর্ণা

0 26

শতাব্দ প্ৰতিনিধি, তিনিচুকীয়া, ২০ মে’ : কাছাৰৰ ডলু চাহ বাগিছাৰ নিৰীহ চাহ শ্ৰমিকৰ কাতৰ আহ্বানক নেওচি উচ্ছেদ চলাই যোৱা আদানি, আম্বানী দৰে পুঁজিপতিৰ পদলেহনকাৰী বিজেপি চৰকাৰৰ শ্ৰমিক বিৰোধী নীতিৰ প্ৰতিবাদত আজি অসম চাহ মজদুৰ সংঘৰ (এ চি এম এছ) এথেলবাৰী চাহ বাগিছাৰ প্ৰাথমিক গোটৰ উদ্যোগত তথা শ্রমিক ৰাইজৰ সহযোগত ধর্ণা কাৰ্য্যসূচী ৰূপায়ণ কৰা হয় । এ চি এম এছৰ কেন্দ্রীয় উপ-সভাপতি আৰু পানীতোলা শাখাৰ সম্পাদকৰ দায়িত্বপ্ৰাপ্ত চাবুৱাৰ প্রাক্তন বিধায়ক ৰাজু চাহুৱে কয় যে গ্রীনফিল্ড বিমান বন্দৰ নিৰ্মানৰ নামত দুশ বছৰীয়া চাহ বাগিছাত জে চি বি চলাই দিয়া হ’ল কিন্তু চাহ জনগোষ্ঠীয় নিৰ্বাচিত জনপ্রতিনিধি ৰামেশ্বৰ তেলী, সঞ্জয় কিষাণ, পল্লৱ লোচন দাস, কামাখ্যা প্ৰসাদ তাছা, তেৰছ গোৱালা, ৰূপেশ গোৱালা, ৰূপজ্যোতি কুৰ্মীৰ দৰে নেতাসকল মুখত মাত এষাৰো নোলাল । এই চাহ শ্রমিকসকলেই বিজেপিক চৰকাৰ গঠন কৰাত সহায় কৰিলে । কিন্তু এতিয়া জাতি, মাটি, ভেটিৰ কথা কোৱা চৰকাৰে শিলচৰত বিমান বন্দৰ থকাৰ পাছতো আৰু এটা বিমান বন্দৰ নিৰ্মাণ কৰিবলৈ পুঁজিপতি বনিয়া গোষ্ঠীৰ লগত গোপন বুজা বুজিৰে ২,৫০০ বিঘা মাটিত থকা ৩ লাখ চাহগছ উচ্ছেদ কৰিছে । এই উচ্ছেদ শীঘ্ৰে বন্ধৰ দাবীত আজি প্ৰতিবাদকাৰী শ্ৰমিসকলে পৰিবেশ উত্তাল কৰি তোলে । বিজেপি দলে বিধানসভা নিৰ্বাচনৰ প্ৰাকক্ষণত অসমৰ চাহ শ্রমিকসকলক সকলো ক্ষেত্ৰতে সুৰক্ষা প্ৰদানৰ প্ৰতিশ্ৰুতি দিছিল । কিন্তু ক্ষমতা দখলৰ পাছত চাহ বাগিছাত ২০০ খন জে চি বি লগাই উচ্ছেদ চলাই শ্রমিক ৰাইজক হাৰাশাস্তি কৰিবলৈ উঠিপৰি লাগিছে । এই কাৰ্য যদি ইমানতে বন্ধ নকৰে তেন্তে অহা লোকসভা আৰু বিধানসভা নিৰ্বাচনত ইয়াৰ যথোচিত প্ৰত্যুত্তৰ পাবলৈ সাজু থাকক বুলি সকীয়নি দিয়ে ।

মন্তব্য দিয়ক

Your email address will not be published.

This website uses cookies to improve your experience. We'll assume you're ok with this, but you can opt-out if you wish. Accept Read More