ডলুৰ উচ্ছেদৰ বিৰুদ্ধে উত্তাল প্ৰতিবাদেৰে তিনিচুকীয়াৰ উপায়ুক্তৰ কাৰ্য্যালয় কঁপালে আটছাই

 শ্ৰমিক নেতা সুভাষ সেন প্ৰতিবাদমুখৰ

0 10
শতাব্দ প্ৰতিনিধি, তিনিচুকীয়া, ১৮ মে’ : কাছাৰ জিলাৰ ডলু চাহ বাগিছাৰ উচ্ছেদৰ বিৰুদ্ধে আজি তিনিচুকীয়াৰ উপায়ুক্তৰ কাৰ্যালয়ৰ সন্মুখত উত্তাল প্ৰতিবাদ সাব্যস্ত কৰে আটছাৰ জিলা সমিতিয়ে । হাতে হাতে তেওঁলোকৰ দাবী সম্বলিত বেনাৰ, প্লেকাৰ্ড লৈ আটছাৰ বহু সংখ্যক কৰ্মীয়ে বিভিন্ন শ্ল’গান দি কঁপাই তোলে তিনিচুকীয়াৰ উপায়ুক্তৰ কাৰ্যালয়। চাহ শ্ৰমিকৰ এনে বিপদৰ সময়ত চাহ জনগোষ্ঠীয় নেতা, বিধায়ক, মন্ত্ৰী, সাংসদসকলে নিৰৱ ভুমিকা গ্ৰহণ কৰাত তীব্ৰ ক্ষোভ উজাৰি তেওঁলোকক ধিক্কাৰ দিয়াৰ লগতে চাহ শ্ৰমিকৰ হকে মাত মাতিবলৈ আটছাই দাবী জনায় । প্ৰতিবাদকাৰীসকলে চৰকাৰক চাহ বাগিছাত উচ্ছেদ চলোৱাৰ পৰা বিৰত থাকিবলৈ সকিয়াই দিয়ে। ইফালে অল ইণ্ডিয়া চেণ্ট্ৰেল কাউন্সিল অৱ ট্ৰেড ইউনিয়নছ্‌ৰ (এ আই চি চি টি ইউ) অন্যতম কেন্দ্ৰীয় সদস্য তথা অসম ৰাজ্যিক সমিতিৰ সম্পাদক আৰু অসম সংগ্ৰামী চাহ শ্ৰমিক সংঘৰ উপ-সভাপতি সুভাষ সেনে উৎপাদনশীল চাহ গছ আৰু নিৰীহ চাহ শ্ৰমিকৰ বিৰুদ্ধে চৰকাৰে চলোৱা অমানৱীয় উচ্ছেদ বন্ধৰ দাবী কৰিছে । তেওঁ কয় যে ডলু চাহ বাগিছাত স্বাক্ষৰিত হোৱা তথাকথিত বুজাবুজিৰ চুক্তি আচলতে চৰকাৰ আৰু বাগিছাৰ মালিকৰ মাজত স্বাক্ষৰিত এক শ্ৰমিক বিৰোধী চুক্তিহে। বাগিছা মালিক আৰু চৰকাৰৰ মাজৰ চুক্তিৰ সাৰাংশৰ ভেটিতে কিছুমান শ্ৰমিক নেতা আৰু চৰকাৰৰ মাজত বুজাবুজিৰ চুক্তি স্বাক্ষৰিত হৈছে। এই চুক্তিৰ ইতিবাচক দিশসমূহক চিহ্নিত কৰাৰ আগত চুক্তিত সন্নিবিষ্ট শ্ৰমিকবিৰোধী দফাসমূহক ফঁহিয়াই চোৱা উচিত বুলি সেনে উল্লেখ কৰে। শ্ৰমিক নেতাজনে জাতি, ধৰ্ম তথা শ্ৰমিক সংগঠন নিৰ্বিশেষে সকলোকে শোষণ, বঞ্চনাৰ বলি হৈ অহা চাহ শ্ৰমিকৰ পক্ষত থিয় দিবলৈ আহ্বান জনায় ।
মন্তব্য দিয়ক

Your email address will not be published.

This website uses cookies to improve your experience. We'll assume you're ok with this, but you can opt-out if you wish. Accept Read More