ডলু বাগিছাত উচ্ছেদ

তিনিচুকীয়াত চাহ জনগোষ্ঠী জাতীয় মহাসভাৰ বিক্ষোভ

0 9
শতাব্দ প্ৰতিনিধি, তিনিচুকীয়া, ১৪ মেঃ অসম চাহ জনগোষ্ঠী জাতীয় মহাসভাৰ তিনিচুকীয়া জিলা সমিতিৰ উদ্যোগত আজি বিয়লি চহৰখনৰ মাজ মজিয়াৰ থানা চাৰিআলিত কাছাৰ জিলাৰ ডলু চাহ বাগিছাৰ ২,৫০০ বিঘা মাটিত থকা ৩০ লাখ চাহ গছ ধ্বংস কৰাৰ প্ৰতিবাদত বিক্ষোভ  প্ৰদৰ্শন কাৰ্যসূচীৰ লগতে অসমৰ মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মা, চাহ জনগোষ্ঠীয় প্ৰতিনিধিত্ব  কৰা কেন্দ্ৰীয় মন্ত্ৰী ৰামেশ্বৰ তেলী, তিনিচুকীয়াৰ বিধায়ক তথা ৰাজ্যৰ শ্ৰম মন্ত্ৰী সঞ্জয় কিষান, সাংসদ কামাখ্যা প্ৰসাদ তাছা আৰু পল্লৱলোচন দাসৰ পুত্তলিকা দাহ কাৰ্যসূচী গ্ৰহণ কৰা হয়। প্ৰতিবাদকাৰীসকলে কাৰ্যসূচী ৰূপায়ণৰ সময়ত ’মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা মুৰ্দাবাদ, কেন্দ্ৰীয় মন্ত্ৰী ৰামেশ্বৰ তেলী মুৰ্দাবাদ, ৰাজ্যৰ শ্ৰম মন্ত্ৰী সঞ্জয় কিষান মুৰ্দাবাদ, চাহ বাগিছা ধ্বংসকাৰী বিজেপি চৰকাৰ হায় হায়’ আদি শ্ল’গান দি পৰিৱেশ উত্তাল কৰি তোলে । ডলু চাহ বাগিছাৰ ২৫০০বিঘা মাটিৰ চাহগছ উচ্ছেদকাৰী বিজেপি চৰকাৰক আগন্তুক লোকসভা নিৰ্বাচনত সমুচিত প্ৰত্যুত্তৰ দিয়া হব বুলি জাতীয় মহাসভাই সকিয়াই দিয়ে । ইয়াৰোপৰি চাহ শ্ৰমিকক পেটেভাতে মৰাৰ ষড়যন্ত্ৰ কৰা বিজেপি চৰকাৰৰ চক্ৰান্ত আৰু চাহ জনগোষ্ঠীক প্ৰতিনিধিত্ব কৰা মন্ত্ৰী, বিধায়কৰ নিৰৱ ভূমিকাৰ বিষয়ে তিনিচুকীয়া জিলাৰ সকলো চাহ বাগিছাৰ শ্ৰমিক ৰাইজক সজাগ কৰাৰ ব্যৱস্থা হাতত লোৱা হব বুলিও জাতীয় মহাসভাই উল্লেখ কৰে । ’চাহ’ শব্দটোৱেই বৃহত্তৰ অসমীয়া জাতিৰ  অবিচ্ছেদ্য অংগ ’চাহ জনগোষ্ঠী’ৰ পৰিচয় । চাহ জনগোষ্ঠীৰ লোকৰ হৃদয় হৈছে ’চাহ’ । চাহ বাগিছাত জন্ম গ্ৰহণ কৰা নেতা, বিধায়ক, মন্ত্ৰী, সাংসদসকলে বৰ্তমান ডলু চাহ বাগিছাত ২০০ জেচিবিৰে চাহগছ উচ্ছেদ অভিযান চলি থকাৰ পাছতো নিৰৱ ভূমিকা গ্ৰহণ কৰাৰ বাবে জাতীয় মহাসভাৰ তিনিচুকীয়া জিলা সমিতিয়ে ধিক্কাৰ দিছে ।
মন্তব্য দিয়ক

Your email address will not be published.

This website uses cookies to improve your experience. We'll assume you're ok with this, but you can opt-out if you wish. Accept Read More