ছাইন ইন / যোগদান
ছাইন ইন
পাছৱৰ্ড ৰিক’ভাৰ কৰক.
A password will be e-mailed to you.
শতাব্দ ষ্টাফ ৰিপ’ৰ্টাৰ, ১০ মে’ : ব্রিটিছ অভিনেতা আৰু পৰিচালক মেকেঞ্জি ক্রুকৰ পৰিচিত টিভি ছিৰিজ ‘ডিটেক্টৰিষ্ট’ৰ গল্প যেন এইবাৰ পর্দা ফালি ওলাই আহিল বাস্তৱৰ মাটিলৈ। আমেৰিকাৰ আৰকানছ প্রদেশৰ পাইক কাউন্টিৰ ক্রেটাৰ অব ডায়মণ্ডছ ষ্টেট পার্ক তথা জাতীয় উদ্যানত আডাম হার্ডিন নামৰ এজন ব্যক্তিয়ে বিচাৰি পালে ২.৩৮ কেৰটৰ এটুকুৰা বিৰল বাদামী হীৰা। হার্ডিনে চখৰ বাবে হীৰাৰ অন্বেষণ কৰে, যাক ডিটেক্টৰিষ্ট বুলি কোৱা হয়। ষ্টেট পার্কৰ কর্তৃপক্ষৰ দাবী— এই পার্কত ইমান বৃহৎ হীৰা এইবাৰেই প্রথম বিচাৰি পোৱা গৈছে। আডামে এই হীৰাৰ নাম ৰাখিছে ‘ফ্রাঙ্কেনষ্টোন’। কর্তৃপক্ষৰ সূত্রত প্ৰকাশ, যোৱা ১০ এপ্রিলত আৰকানছৰ ক্রেটাৰ অব ডায়মণ্ডছ ষ্টেট পার্কত হীৰা ডোখৰ বিচাৰি পায় আডামে। যোৱা ৩ মে’ত এক টুইটত এই বিষয়ে পোষ্ট কৰে আৰকানছ ষ্টেট পার্কৰ কর্তৃপক্ষই। সুদীর্ঘ ১০ বছৰৰো বেছি এই পার্কলৈ আহিছে হার্ডিন। পূৰ্বে সৰু সৰু অজস্র হীৰা বিচাৰি পালেও দুই কেৰটতকৈ বেছি ডাঙৰ আকাৰৰ হীৰা এইবাৰেই প্রথম তেওঁ বিচাৰি পালে। জনা গৈছে, মূলতঃ ৱেট ছিফটিং পদ্ধতিত তালাচী চলাই তেওঁ হীৰা ডোখৰ আৱিষ্কাৰ কৰে। পোৱা লগে লগে পার্কৰ ডায়মণ্ড ডিছকভাৰি চেন্টাৰত বিষয়টো অৱগত কৰে। হার্ডিনে জনোৱা মতে, যন্ত্রৰ সহায়ত মাটি লুটিৱাওতেই হীৰা ডোখৰ জলমল কৰি উঠে। কফি ৰঙা হীৰাডোখৰ ৰাজমা বা পিন্টো বিনৰ আকাৰৰ। এলেকাটো আগ্নেয়গিৰি অধ্যুষিত হোৱাত ইয়াৰ পূৰ্বেও এই পার্কত হীৰা বিচাৰি পাইছে বহু কেইজন অন্বেষণকাৰীয়ে। হার্ডিনে জনোৱা মতে, হীৰা ডোখৰ তেওঁ বিক্রী কৰিব বিচাৰে। আপুনিও কিনিব পাৰে।
পূৰ্বৱৰ্তী লেখা
পৰৱৰ্তী লেখা