ডায়েট লখিমপুৰৰ শিক্ষক-প্ৰশিক্ষাৰ্থীৰ সৌজন্যত শিশুমেলা

0 28

উত্তৰ লখিমপুৰ, ৩০ এপ্ৰিলঃ  যোৱা ২৬ এপ্ৰিল তাৰিখৰ পৰা উত্তৰ লখিমপুৰস্থিত সোৱণশিৰি সেৱাশ্ৰম এম. ই. স্কুলত আৰম্ভ হোৱা আজাদস্থিত ডায়েট লখিমপুৰৰ ডিএলএড পাঠ্যক্ৰমৰ তৃতীয় ষান্মাসিক শিক্ষক- প্ৰশিক্ষাৰ্থীসকলৰ ‘”স্কুল ইন্টাৰ্ণশ্বিপ প্ৰগ্ৰেম ২০২২” ৰ অন্তৰ্গত ৫ দিনীয়া “প্ৰেকটিছ- টিছিং” কাৰ্যসূচীৰ আজি ৩০এপ্ৰিল তাৰিখে সফল সমাপ্তি ঘটে। উক্ত ৫ দিনীয়া কাৰ্যসূচীৰ প্ৰথম ৪ দিন দৈনিক পুৱা ৮.৩০ বজাত সামুহিক চাফাই অভিযানৰ অন্ত:ত পুৱা ৮.৪৫ বজাত ছাত্ৰ-ছাত্ৰী সকলৰ প্ৰাত:সভা তথা শৰীৰ চৰ্চাৰ বিভিন্ন ক্ৰিয়া ও যোগাভ্যাস ৰূপায়ণ কৰাৰ পিছত শিক্ষক-প্ৰশিক্ষাৰ্থী সকলৰ দ্বাৰা বিভিন্ন শ্ৰেণীত পাঠদান কাৰ্যসূচী ৰূপায়ণ কৰা হয়। কাৰ্যসূচীৰ পঞ্চম দিনা গতানুগতিক পাঠদানৰ পৰিৱৰ্তে কণ কণ ছাত্ৰ-ছাত্ৰীসকলৰ মাজত ” শিশু মেলা” অনুষ্ঠিত কৰা হয়। মেলাৰ প্ৰথম কাৰ্যসূচীত সামুহিক চাফাই অভিযানৰ অন্তত ৮.৪৫ বজাত ছাত্ৰ- ছাত্ৰীসকলৰ দ্বাৰা প্ৰাত:সভা তথা যোগাভ্যাসৰ বিভিন্ন ক্ৰিয়া কলাপ সমাপন কৰা হয়। ইয়াৰ পিছত বিদ্যালয়খনিৰ সমূহ ছাত্র-ছাত্ৰী, শিক্ষক-শিক্ষয়িত্ৰী তথা শিক্ষক-প্ৰশিক্ষাৰ্থীসকলৰ সহযোগত গছপুলি ৰোপণ কৰা হয়। ইয়াৰ পিছতে শিক্ষক-প্ৰশিক্ষাৰ্থীসকলৰ দ্বাৰা সমৱেত সংগীত, দেশপ্ৰেমমূলক গীত আৰু বিহু গীত পৰিৱেশন কৰা হয়। এই শিশু মেলাত ছাত্ৰ-ছাত্ৰীসকলে কবিতা আবৃত্তি, কুইজ, নাট্যভিনয়, একক আৰু দলীয় আধুনিক গীত ও নৃত্য, বিহু নৃত্য, বিভিন্ন লঘু ক্ৰিয়া আদিত সক্রিয় ভাৱে অংশগ্ৰহণ কৰে। এই ” স্কুল ইন্টাৰ্ণশ্বিপ প্ৰগ্ৰেম” ৰ নিৰীক্ষক হিচাপে দায়িত্ব পালন কৰে ডায়েটৰ প্ৰৱক্তা ইলিমণি চলিহা, ইন্দ্রজিত গাম আৰু চিন্ময়ী দাসে।

মন্তব্য দিয়ক

Your email address will not be published.

This website uses cookies to improve your experience. We'll assume you're ok with this, but you can opt-out if you wish. Accept Read More