ডাৱল চেঞ্চুৰি কৰা বিশ্বনাথ জিলাৰ প্ৰথমজন বেটছমেন

বিশ্বনাথৰ সিদ্ধাৰ্থৰ দ্বিশতক অৰ্জন

0 31

 বিশ্বনাথ, ২০এপ্ৰিলঃ অসম ক্ৰিকেট সংস্থাৰ অধীনৰ নুৰুদ্দিন আহমেদ ট্ৰফি চিনিয়ৰ আন্তঃ জিলা ক্ৰিকেট প্ৰতিযোগিতাত লখিমপুৰ জিলাৰ বিপক্ষে বিশ্বনাথ জিলাৰ সিদ্ধাৰ্থ শংকৰ বৰুৱাই আজি দ্বিশতক অৰ্জন কৰে। মঙ্গলদৈত অনুষ্ঠিত হোৱা ক্ৰিকেট প্ৰতিযোগিতাত আজি টছত জিকি বেট ধৰাৰ সিদ্ধান্ত লোৱা বিশ্বনাথ জিলাৰ হৈ অপেনাৰ বিকাশ কুৰ্মীয়ে ৪৬ আৰু দিৱস হাজৰিকাই ৫১ ৰান কৰাৰ পিছত বেট ধৰিবলৈ অহা সিদ্ধাৰ্থ শংকৰ বৰুৱাই ১৩ টা চাৰি আৰু ১৩ টা ছয়ৰ সহায়ত ১৫৫ টা বলত ২০২ ৰান কৰি নট আউট হৈ থাকে। ৪১৮ ৰান কৰি ইনিংছ ঘোষণা কৰা বিশ্বনাথ জিলাৰ হৈ হাছান শ্বেখেও ৪৪ ৰাণৰ বৰঙণি যোগায়। লখিমপুৰ জিলাৰ বিৰুদ্ধে আজি ডাৱল চেঞ্চুৰি কৰা বিশ্বনাথৰ লেহুগাঁৱৰ সিদ্ধাৰ্থ শংকৰ বৰুৱা ডাৱল চেঞ্চুৰি কৰা বিশ্বনাথ জিলাৰ প্ৰথমজন বেটছমেনত পৰিণত হয়।

মন্তব্য দিয়ক

Your email address will not be published.

This website uses cookies to improve your experience. We'll assume you're ok with this, but you can opt-out if you wish. Accept Read More