ডিগবৈত বিধ্বংসী ঔদ্যোগিক অগ্নিকাণ্ড নিয়ন্ত্ৰণত দক্ষ মতিৰাম হাজৰিকাক সম্বৰ্ধনা জ্ঞাপন

0 27

শতাব্দ বিশেষ প্ৰতিনিধি ,২৩এপ্ৰিল: শুকুৰবাৰে তৈলনগৰী ডিগবৈত অনুষ্ঠিত হোৱা এক গাম্ভীৰ্যপূৰ্ণ অনুষ্ঠানত অঞ্চলটোৰ এটা অন্যতম স্বেচ্ছাসেৱী সংগঠন হেল্প ফাউণ্ডেছনে অগ্নিনিৰ্বাপণৰ ক্ষেত্ৰত উল্লেখনীয় সেৱাৰ বাবে ২০২২ বৰ্ষৰ ৰাষ্ট্ৰপতিৰ বঁটাৰে সন্মানিত  মতিৰাম হাজৰিকাক সম্বৰ্ধনা জ্ঞাপন জনায়। ভাৰতীয় তেল নিগমৰ ডিগবৈ শোধনাগাৰত সহকাৰী প্ৰৱন্ধক হিচাপে কৰ্মৰত হাজৰিকাই ইতিমধ্যে কেইবাটাও বিধ্বংসী ঔদ্যোগিক অগ্নিকাণ্ড নিয়ন্ত্ৰণ তথা নিৰ্বাপনত এক গুৰুত্বপূৰ্ণ ভূমিকা গ্ৰহণ কৰিছিল। ‘হেল্প ফাউণ্ডেছন’ৰ সভাপতি হীৰা ফুকনে আঁত ধৰা সভাখনত হাজৰিকাক মানপত্ৰ প্ৰদান কৰে সংগঠনটোৰ উপদেষ্টা ৰাণু বৰুৱাই।IMG 20220422 WA0001 1

এক অন্তৰঙ্গ আলাপত হাজৰিকাই অগ্নিকাণ্ডৰ দৰে জৰুৰীকালীন সেৱাত কেনেদৰে নিজৰ জীৱনকো তুচ্ছ জ্ঞান কৰি ধন-সম্পত্তিৰ লগতে মানুহৰ জীৱন ৰক্ষা কৰাৰ কেইবাটাও শিহৰণকাৰী ঘটনাৰ বৰ্ণনা দাঙি ধৰে। অনুষ্ঠানত আন এটা প্ৰকৃতি সংৰক্ষণ সম্পৰ্কীয় স্বেচ্ছাসেৱী সংগঠন ‘গ্ৰীণ বাডছ’ৰ হৈ দেৱজিৎ মৰাণে দুটা গছৰ পুলিৰে তেখেতক সম্বৰ্ধনা জ্ঞাপন কৰে। উল্লেখযোগ্য যে, হেল্প ফাউণ্ডেছনে অন্যান্য সামাজিক কাম-কাজৰ উপৰি সমাজৰ উত্তৰণত নীৰৱে বৰঙণি আগবঢ়োৱা কেইবাগৰাকী লোকক ৰাজহুৱা সম্বৰ্ধনাৰে স্বীকৃতি প্ৰদান কৰি আহিছে।

মন্তব্য দিয়ক

Your email address will not be published.

This website uses cookies to improve your experience. We'll assume you're ok with this, but you can opt-out if you wish. Accept Read More