ডিগবৈত ৰজাফেঁটী সাপৰ চফৰ, উদ্ধাৰ, মুক্তি

0 36

ডিগবৈ, ১২ অক্টোবৰঃ সমগ্ৰ সৰ্পকূলৰ ভিতৰত আটাইতকৈ বিষধৰ বুলি পৰিচিত তথা অসমত সেৰেঙা উপস্থিতি থকা এটা ৰজা ফেঁটী সাপ আজি ডিগবৈত উদ্ধাৰ হয়। বিষধৰ হলেও সততে বিহ প্ৰয়োগ নকৰা তথা সৰ্প জগতৰ মাজত “গহীন”, “ভদ্ৰ” বুলি পৰিচিত ৰজাফেঁটীক কিং কোব্ৰা বুলিও জনা যায়। দিহিং পাটকাই ৰাষ্ট্ৰীয় উদ্যানৰ পৰা ওলাই আহি ডিগবৈৰ ইটাভাটাস্থিত টিপাম চাহ বাগিচাত প্ৰৱেশ কৰা ৰজাফেটী সাপটো Wild care Foundation ৰ কৰ্মকৰ্তা ফাৰুক আলিয়ে যথা নিয়মেৰে ধৰি পুনৰ ৰাষ্ট্ৰীয় উদ্যানত মুকলি কৰি দিয়ে। আজি পুৱা ভাগত চাহ বাগিচাত কাম কৰা কেইগৰাকীমান মহিলা বনুৱাই প্ৰত্যক্ষ কৰি Wild care Foundationৰ কৰ্মকৰ্তা ফাৰুক আলি আৰু ডিগবৈ থানাৰ আৰক্ষীক খবৰ দিয়াত আলিয়ে ঘটনাস্থলীত উপস্থিত হৈ যথা নিয়মেৰে, কোনোধৰণৰ আঘাত নোপোৱাকৈ সাপটো ধৰি পুনৰ বন বিভাগৰ পৰামৰ্শ অনুসৰি দিহিং পাটকাই ৰাষ্ট্ৰীয় উদ্যানৰ মাজত মুকলি কৰি দিয়ে। ৰজাফেঁটী সাপ কাজিৰঙাৰ লগতে ডিগবৈতো আছে বুলি জনা যায় যদিও এই প্ৰজাতিৰ সাপৰ সংখ্যা কম।

মন্তব্য দিয়ক

Your email address will not be published.

This website uses cookies to improve your experience. We'll assume you're ok with this, but you can opt-out if you wish. Accept Read More