ডি আই ডি লিটিল মাষ্টাৰ চিজন  ফাইভ ৰ দ্বিতীয় শ্ৰেষ্ঠ বিজয়ী আধ্যাশ্ৰী উপাধ্যায়ক উষ্ম অভিনন্দন

0 35
শতাব্দ প্ৰতিনিধি, জামুগুৰিহাট, ৩০ জুনঃ পুনৰ অসমলৈ গৌৰৱ কঢ়িয়াই আনিলে অসম কন্যা তথা চিলাপথাৰ নিবাসী কনমানী নৃত্য প্ৰতিয়সী আধ্যাশ্ৰী উপাধ্যায়। ৰাষ্ট্ৰীয় টেলিভিছন চেনেলৰ ৰিয়েলিটি শ্ব’ ডি আই ডি লিটিল মাষ্টাৰ চিজন ফাইভৰ দ্বিতীয় শ্ৰেষ্ঠ বিজয়ী অসম কন্যা আধ্যাশ্ৰী উপাধ্যায়ৰ সফলতাৰে গৃহমূখী যাত্ৰাত বুধবাৰে জামুগুৰিহাটৰ জীয়া ভৰলীপাৰৰ টৌভঙা আৰু টুপিয়াত উপস্থিত হোৱাৰ লগে লগেই এক উৎসৱমূখৰ পৰিৱেশ সৃষ্টি হয়। ঢোল, তালৰ ধ্বনিৰে অসম কন্যা আধ্যাশ্ৰীক উষ্ম সম্বৰ্ধনা জ্ঞাপন কৰি যুব সমাজকৰ্মী গোবিন কাৰ্কী, ৰাজিৱ শৰ্মা আৰু চঞ্জয় শৰ্মাৰ বিশেষ তৎপৰতাত বিভিন্ন গোৰ্খা দল-সংগঠনৰ লগতে জীয়াভৰলী মিচিং ৰাইজেও আন্তৰিক ওলগ যচাৰ লগতে কন্যাগৰাকীৰ দিৰ্ঘায়ু কামনা কৰে।
মন্তব্য দিয়ক

Your email address will not be published.

This website uses cookies to improve your experience. We'll assume you're ok with this, but you can opt-out if you wish. Accept Read More