ডুবাইত জিলিকিল তেজপুৰৰ নৃত্য শিল্পী ৰুবি বৰা বৰদলৈ দলে

আজুৰি আনিলে কেবাটাও বঁটা

0 15

শতাব্দ প্ৰতিনিধি তেজপুৰ ২০ আগষ্টঃ দেশৰ ৭৬ সংখ্যক স্বাধীনতা দিৱসৰ লগত সংগতি ৰাখি ইণ্টাৰনেশ্বনেল কালচাৰেল কনক্লেভ নামৰ অনুষ্ঠানটিয়ে সুদূৰ ডুবাইত আয়োজন কৰা এক সাংস্কৃতিক সমাৰোহত তেজপুৰৰ দলে সুনাম কঢ়িয়াই আনিবলৈ সক্ষম হৈছে৷ ডুবাইৰ ম’ল অব এমেৰিটাছত যোৱা ১৩ ৰ পৰা ১৬ আগষ্টলৈ আয়োজিত এই সাংস্কৃতিক সমাৰোহত তেজপুৰৰ বিশিষ্ট নৃত্যশিল্পী ৰুবি বৰা বৰদলৈ আৰু কন্যা ভায়লিনা বৰদলৈয়ে নিমন্ত্ৰণ মৰ্মে নৃত্য প্ৰদৰ্শন কৰি ভূয়সী প্ৰশংসা লাভ কৰিবলৈ সক্ষম হয়৷ ইয়াৰ উপৰিও ৰুবি বৰদলৈৰ তত্ত্বাৱধানত অসমভেলী স্কুল আৰু নুপুৰ নৃত্যাংগনাৰ ছাত্ৰ-ছাত্ৰীয়ে শাস্ত্ৰীয়, আংশিক শাস্ত্ৰীয় আৰু লোক নৃত্য শাখাত কেবাটাও পুৰস্কাৰ লাভ কৰিবলৈ সক্ষম হয়৷ তেজপুৰৰ দলটিয়ে শাস্ত্ৰীয় নৃত্য প্ৰদৰ্শন কৰি ৫ টাকৈ প্ৰথম পুৰস্কাৰ আৰু অসমৰ বিহু নৃত্যৰে ১ টা প্ৰথম পুৰস্কাৰৰ উপৰি আংশিক শাস্ত্ৰীয় নৃত্য প্ৰদৰ্শনেৰে প্ৰথম পুৰস্কাৰ লাভ কৰে৷ প্ৰকাশ যে, ৰুবী বৰদলৈয়ে অসমৰ শাস্ত্ৰীয় আৰু বিহু নৃত্যক বহু কেইটা আন্তৰাষ্ট্ৰীয় প্লেটফৰ্মত অনুষ্ঠান কৰিছে ৷ ২০১৪ চনত থাইলেণ্ডত, ২০১৫ চনত কলম্বিয়াত, ২০১৬ চনত থাইলেণ্ডত আৰু ২০১৭ চনত চিংগাপুৰত৷ তেখেতে ১৯৯০ চনৰ পৰাই শাস্ত্ৰীয় নৃত্যৰ লগত একনিষ্ঠ ভাৱে কাম কৰি বহুতো শিক্ষাৰ্থীক পাৰদৰ্শিতা দেখুৱাই আগবঢ়াই আনিছে৷ তেওঁ বালিপাৰাত থকা অসমভেলী স্কুলত ২০০৬ চনৰ পৰা এগৰাকী শাস্ত্ৰীয় নৃত্যৰ শিক্ষয়িত্ৰী ৰূপে নিয়োজিত হৈ থাকি সামাজিক অনুষ্ঠান সমুহৰ লগত জড়িত হৈ আহিছে ৷ উল্লেখ্য যে, ৰুবী বৰা বৰদলৈ আৰু বিশিষ্ট কণ্ঠশিল্পী প্ৰয়াত পংকজ বৰদলৈৰ কন্যা ভায়লিনা বৰদলৈয়ে ডুবাইত অনুষ্ঠিত সাংস্কৃতিক অনুষ্ঠানটোত অসমীয়াৰ গৌৰৱ এড়ি কাপোৰৰে তৈয়াৰ কৰা পোচাক পৰিধান কৰি কলম্বিয়ান নৃত্য শিল্পী আৰু মডেল অম্বিকা দেৱীৰ লগত ডিজাইনাৰ অনন্যা শৰ্মাৰ তত্ত্বাৱধানত ৰেম্প ৱাক কৰি সকলোৰে দৃষ্টি আকৰ্ষণ কৰিবলৈ সক্ষম হয়।

মন্তব্য দিয়ক

Your email address will not be published.

This website uses cookies to improve your experience. We'll assume you're ok with this, but you can opt-out if you wish. Accept Read More