ডুমডুমাত কৃতী ছাত্ৰক জিতু হাজৰিকা সোঁৱৰণী বঁটা প্ৰদান

0 48

শতাব্দ তালাপৰ প্ৰতিবেদক, ৩ জুন : সদ্য ঘোষিত উচ্চ মাধ্যমিক শিক্ষান্ত পৰীক্ষাত ডুমডুমাৰ হুনলাল উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ ছাত্ৰদ্বয় ক্ৰমে অনিক ধৰ আৰু মিহিৰজ্যোতি মৰাণে সৰ্বাধিক নম্বৰ পাই উত্তীৰ্ণ হোৱাত জিতু হাজৰিকা সোঁৱৰণি বঁটা লাভ কৰিবলৈ সক্ষম হয় ৷ আজি প্ৰয়াত জিতু হাজৰিকাৰ প্ৰথম মৃত্যু বাৰ্ষিকীৰ দিনটোত ছাত্ৰদ্বয়ৰ প্ৰত্যেককে নগদ ১০ হাজাৰকৈ টকা, একোখনকৈ ফুলাম গামোচা, স্মাৰক, প্ৰেৰণা পত্ৰ, হেমকোষ অভিধান, আৰু একোচা কলমেৰে সন্মানিত কৰা হয় । এই বছৰ বঁটাৰ নগদ ধন ১০ হাজাৰকৈ টকা স্বৰ্গীয় জিতু হাজৰিকাৰ সহধৰ্মিনী জুৰি লহকৰ হাজৰিকা আৰু আৰক্ষী অধীক্ষক তথা তেওঁলোকৰ ভাতৃপ্ৰতীম গুনেন্দ্ৰ ডেকাই আগবঢ়ায় ।WhatsApp Image 2023 06 03 at 7.41.03 PM 1 আছুৰ একালৰ নিষ্ঠাবান নেতা, ইয়াৰ হুনলাল উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ সৰ্বজন সমাদৃত প্ৰাক্তন ছাত্ৰ, গুৱাহাটী নিবাসী জিতু হাজৰিকাৰ ২০২২ চনৰ ৩ জুনত অকাল মৃত্যু ঘটাৰ পিছতে বিদ্যালয়খনৰ তেওঁৰ সহপাঠীসকলে দিলীপ মৰাণক সভাপতি আৰু জিতু ডেকাক সম্পাদক ৰূপে লৈ ডুমডুমাত ‘জিতু হাজৰিকা সোঁৱৰণী মঞ্চ’ নামৰ এখন সমিতি গঠন কৰিছিল । এই মঞ্চই প্ৰতি বছৰেই জিতু হাজৰিকাৰ স্মৃতি দিৱসত হুনলাল উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ পৰা উচ্চ মাধ্যমিক শিক্ষান্ত পৰীক্ষাত সৰ্বোচ্চ নম্বৰপ্ৰাপ্ত ছাত্ৰজনক ১০ হাজাৰ টকাৰ পুৰস্কাৰ প্ৰদান কৰা হ’ব বুলি ঘোষণা কৰিছিল । সেই অনুসাৰে আজি তেওঁৰ প্ৰথম মৃত্যু বাৰ্ষিকীত মঞ্চৰ সভাপতি দিলীপ মৰাণৰ পৌৰোহিত্যত অনুষ্ঠিত এক গাম্ভীৰ্যপূৰ্ণ অনুষ্ঠানত এই বঁটা প্ৰদান কৰা হয় ৷ মঞ্চৰ সম্পাদক জিতু ডেকাই আঁত ধৰা অনুষ্ঠানটোত প্ৰয়াত হাজৰিকাৰ সহধৰ্ম্মিণী জুৰি লহকৰ হাজৰিকা, কেইবাগৰাকীও জিতু হাজৰিকাৰ সহপাঠী, বিদ্যালয়খনৰ প্ৰাক্তন অধ্যক্ষ ঝিকানন্দ বৰগোহাঁই, ৰূপাই হাইস্কুলৰ অৱসৰপ্ৰাপ্ত প্ৰধান শিক্ষক প্ৰকাশ দত্ত আদি ব্যক্তিসকল উপস্থিত থাকি জিতু হাজৰিকাক সোঁৱৰণ কৰি বক্তব্য আগবঢ়ায় ।

মন্তব্য দিয়ক

Your email address will not be published.

This website uses cookies to improve your experience. We'll assume you're ok with this, but you can opt-out if you wish. Accept Read More