শতাব্দ বিশেষ প্ৰতিবেদক, ১৪ জুলাইঃ শিশু সকলৰ মানসিক উৎকৰ্ষ সাধনৰ উদ্দেশ্যে উত্তৰ লক্ষীমপুৰৰ অগ্ৰণী নাট্যানুষ্ঠান “সান্নিধ্য নাট্য বিদ্যালয়”ৰ উদ্যোগত প্ৰতি বছৰৰ দৰে গৰমৰ বন্ধৰ দিন কেইটাত এইবছৰো আয়োজন কৰা হৈছিল “ড্ৰামাটিক চামাৰ” নামেৰে ১৩ দিনীয়া এক অভিনয়, মুকাভিনয় আৰু আবৃত্তিৰ কৰ্মশালা । ৩০ টি শিশুৰ যোগদানেৰে যোৱা ১ জুলাই ৰ পৰা ১৩ জুলাইলৈ অনুষ্ঠিত হোৱা কৰ্মশালাখনিত মুকাভিনয় ৰ প্ৰশিক্ষণ প্ৰদান কৰে বিশিষ্ট মুকাভিনয় শিল্পী নিপুঞ্জ কুমাৰ গগৈয়ে, “নৃত্যবন ডান্স একাডেমী” ৰ সঞ্চালিকা ময়ূৰী দত্তই প্ৰদান কৰে আবৃত্তি আৰু নৃত্যৰ প্ৰশিক্ষণ। অভিনয় ৰ বিভিন্ন দিশৰ সৈতে শিশু সকলক চিনাকি কৰাই দিয়াত সহায় কৰিলে “সান্নিধ্য নাট্য বিদ্যালয়”ৰ নিয়মীয়া প্ৰশিক্ষক ভাৰ্গৱ গোস্বামী, ৰাকেশ বৰা আৰু ৰাহুল শৰ্মাই।
১৩ টা দিনত অভিনয়ৰ দৰে এটা বিশাল বিষয়ক সামৰি লোৱাটো সহজ নহয় যদিও, শিশু সকলৰ একাগ্ৰতা আৰু মনোযোগিতাই যেন সেয়া সম্ভৱ কৰি তুলিলে, তাৰেই ফলশ্ৰুতিত ১৩ জুলাইৰ সন্ধিয়া কৰ্মশালাৰ সামৰণি অনুষ্ঠানত শিশু সকলে প্ৰদৰ্শন কৰিলে তিনিটা আবৃত্তি, এটি মুকাভিনয় ৰ অনুষ্ঠানৰ লগতে ৰূপকোঁৱৰ জ্যোতিপ্ৰসাদ আগৰৱালাৰ কালজয়ী কবিতা “কুম্পুৰ সপোন (ভূত পোৱালি)” ৰ এক সাংকেতিক নাট্যৰূপ।
বিশিষ্ট নাট্যকর্মী ৰাকেশ বৰাই আঁত ধৰা অনুষ্ঠানটিৰ প্ৰাক মুহূৰ্তত অৱসৰপ্ৰাপ্ত শিক্ষয়িত্ৰী ডিম্বেশ্বৰী দত্তই বন্তি প্ৰজ্বলন কৰি তথা কৰ্মশালাৰ প্ৰশিক্ষাৰ্থী সকলে পৰিবেশন কৰা এক প্ৰাৰ্থনাৰে অনুষ্ঠানটিৰ এক মাংগলিক শুভাৰম্ভ কৰা হয়। কৰ্মশালা খনিৰ সফল ৰূপায়নত বিশেষ ভাবে সহযোগিতা আগবঢ়োৱা নৃত্যবন ৰ ধৰিত্ৰী মিলি, যোগেশ বড়ো আৰু আকাংক্ষা মাধৱ দত্তক তথা অনুষ্ঠানটি পোহৰেৰে সজাই তোলাৰ বাবে নিতুল বৰাক এই মঞ্চৰ পৰাই কৃতজ্ঞতা জনোৱা হয়। শেষত অভিভাৱক সকলৰ সৈতে এক মত বিনিময়ৰ কাৰ্যসূচী ৰখা হয়। বিভিন্ন জন অভিভাৱকে নিজৰ মত ৰাখে আৰু মাত্ৰ তেৰ দিনৰ এই প্ৰচেষ্টাত নিজ নিজ শিশুৰ ক্ষেত্ৰত দেখা পৰিবৰ্তনৰ কথা উল্লেখ কৰে। লগতে যান্ত্ৰিকতাৰ পৰা বহু নিলগত এক সুস্থ সবল মানসিকতাৰে শিশু সকলক এখন নিভাঁজ সমাজ গঢ়াৰ ক্ষেত্ৰত আগুৱাই নিয়াৰ বাবে সান্নিধ্য নাট্য বিদ্যালয়ৰ প্ৰচেষ্টাক শলাগ লয়।