ড্ৰাইভিং লাইচেন্স লাভৰ বাবে সহজ পদক্ষেপ

প্ৰযোজ্য হৈছে নতুন নিয়ম

0 28

শতাব্দ ষ্টাফ ৰিপ’ৰ্টাৰ, ৮ জুলাই : এইবাৰ কেন্দ্ৰীয় চৰকাৰে ড্ৰাইভিং লাইচেন্স প্ৰস্তুত কৰাৰ ক্ষেত্ৰত যথেষ্ট সকাহ দিব পৰা পদক্ষেপ গ্ৰহণ কৰিছে। যদি আপুনিও ড্ৰাইভিং লাইচেন্স লোৱাৰ কথা ভাবিছে, তেন্তে এই প্ৰতিবেদন নিশ্চিতভাৱে আপোনাৰ বাবে গুৰুত্বপূৰ্ণ হ’ব। মূলতঃ এইবাৰ আৰ টি অ’লৈ নোযোৱাকৈ, আনকি কোনো পৰীক্ষা নিদিয়াকৈয়ে অনুজ্ঞাপত্ৰ লাভ কৰিব পাৰিব। জানিব পৰা মতে, কেন্দ্ৰীয় পথ পৰিবহণ আৰু ঘাইপথ মন্ত্ৰালয়ে জাৰি কৰা নিৰ্দেশ অনুসৰি নতুন নিয়মৰ অধীনত যিকোনো স্বীকৃতিপ্ৰাপ্ত ড্ৰাইভিং প্ৰশিক্ষণ কেন্দ্ৰৰ সহায়ত ড্ৰাইভিং লাইচেন্স লাভ কৰিব পাৰিব। কিন্তু ইয়াৰ বাবে সংশ্লিষ্ট পৰীক্ষাৰ্থী সেই ড্ৰাইভিং ট্ৰেইনিং চেণ্টাৰৰ দ্বাৰা পৰিচালিত পৰীক্ষাত উত্তীৰ্ণ হ’ব লাগিব। যোগ্য পৰীক্ষাৰ্থীক পৰীক্ষাত উত্তীৰ্ণ হোৱাৰ পিছত ড্ৰাইভিং লাইচেন্স প্ৰদান কৰা হ’ব। এনে ক্ষেত্ৰত এবাৰ এই নিয়ম প্ৰৱৰ্তন হ’লে প্ৰাৰ্থীসকলে আৰু আৰ টি অ’লৈ গৈ অনুজ্ঞাপত্ৰ ল’বলৈ দীঘলীয়া শাৰীত থিয় হ’ব নালাগিব। জানিব পৰা মতে, কেন্দ্র বা ৰাজ্যিক পৰিবহণ বিভাগে এনে প্রশিক্ষণ কেন্দ্র চলাব। যিসকলে ড্ৰাইভিং লাইচেন্সৰ বাবে আবেদন কৰিব তেওঁলোকে স্বীকৃতিপ্ৰাপ্ত চালক প্ৰশিক্ষণ কেন্দ্ৰত প্ৰশিক্ষণৰ বাবে পঞ্জীয়ন কৰিব লাগিব আৰু প্ৰশিক্ষণ কেন্দ্ৰৰ দ্বাৰা পৰিচালিত পৰীক্ষাত উত্তীৰ্ণ হ’ব লাগিব। উত্তীৰ্ণ হোৱাৰ পিছত কেন্দ্ৰটোৱে প্ৰদান কৰিব প্ৰমাণ পত্ৰ। এই প্ৰমাণ পত্ৰ লাভ কৰাৰ পিছতহে প্ৰাৰ্থীসকলে ড্ৰাইভিং লাইচেন্সৰ বাবে আবেদন কৰিব পাৰিব। ফলত আৰ টি অ’ই সেই প্ৰমাণ পত্ৰৰ ভিত্তিত কোনো পৰীক্ষা নকৰাকৈ অনুজ্ঞাপত্ৰ প্ৰদান কৰিব। জানিব পৰা মতে, প্ৰশিক্ষণ কেন্দ্ৰসমূহত চিমুলেটৰ আৰু নিৰ্দিষ্ট ড্ৰাইভিং টেষ্ট ট্ৰেকৰ ব্যৱস্থা কৰা হ’ব। ইয়াৰ উপৰি স্বীকৃতিপ্ৰাপ্ত প্ৰশিক্ষণ কেন্দ্ৰটোৱে লঘু মটৰ গাড়ী (এল এম ভি)ৰ লগতে মধ্যমীয়া আৰু গধুৰ বাহন (এইচ এম ভি) চলোৱাৰ প্ৰশিক্ষণ প্ৰদান কৰিব পাৰিব। এল এম ভি প্ৰশিক্ষণৰ মুঠ সময়সীমা হ’ব ২৯ ঘণ্টা। যিটো নিজ নিজ পাঠ্যক্ৰম আৰম্ভ হোৱাৰ চাৰি সপ্তাহৰ ভিতৰত সম্পূৰ্ণ কৰিব লাগিব।

মন্তব্য দিয়ক

Your email address will not be published.

This website uses cookies to improve your experience. We'll assume you're ok with this, but you can opt-out if you wish. Accept Read More