ডাঃ অমৰেন্দ্ৰ গগৈলৈ “বিহু প্ৰজ্ঞা” বঁটা আৰু ড° অনিল শ‌ইকীয়ালৈ “বিহু মহীয়ান” বঁটা বিহু কৃষ্টি পৰিষদৰ

বিহুৰ এখন চেঞ্চৰ বোৰ্ড গঠনৰ প্ৰস্তাৱ

1 54

শতাব্দ প্ৰতিনিধি তেজপুৰ,১০আগষ্ট: বিহু কৃষ্টি পৰিষদ, অসমৰ “বিহু প্ৰজ্ঞা” বঁটা লোক-সংস্কৃতিৰ গৱেষক ডাঃ অমৰেন্দ্ৰ গগৈ আৰু “বিহু মহীয়ান” বঁটা শিক্ষাবিদ, লোক সংস্কৃতিৰ সাধক ড° অনিল শইকীয়ালৈ আগবঢ়োৱাৰ বিষয়ে আজি ঘোষণা কৰা হৈছে ৷

15469591 1
ড° অনিল শইকীয়া

যোৱা সাত আগষ্টত সাপেখাটি মহাবিদ্যালয়ত অনুষ্ঠিত হৈ যোৱা বিহু কৃষ্টি পৰিষদ, অসম কেন্দ্ৰীয় কাৰ্যনিৰ্বাহক সভাত পৰিষদে এই সিদ্ধান্ত গ্ৰহণ কৰা বুলি আজি প্ৰকাশিত বিবৃতিটোত উল্লেখ কৰা হৈছে৷ এই কাৰ্যনিৰ্বাহক সভাতে কেইবাটাও গুৰুত্বপূৰ্ণ সিদ্ধান্ত গ্ৰহণ কৰা হয় বুলি সদৰি কৰি কোৱা হৈছে যে, বিহু কৃষ্টি পৰিষদ, অসমৰ উপ-সভাপতি তথা নাহৰকটীয়া সমষ্টিৰ প্ৰাক্তন বিধায়ক কুসুম্বৰ টাই গগৈৰ সভাপতিত্বত অনুষ্ঠিত হোৱা সভাখনত উদ্দেশ্য বাখ্যা কৰে পৰিষদৰ সাধাৰণ সম্পাদক দেৱজিৎ শইকীয়াই।সভাত বিশিষ্ট অতিথি হিচাপে উপস্থিত থাকে মুখ্য উপদেষ্টা ডাঃ অমৰেন্দ্ৰ গগৈ, ড° অনিল শ‌ইকীয়া, উপ-সভাপতি নৰহৰি চুতীয়া, শিখাপ্ৰিয়া গগৈ, উপেন নেওগ, বিশিষ্ট লোক শিল্পী ক্ষেত্ৰ বুঢ়াগোহাঁই, অৰুণ গগৈ, সদৌ অসম গাঁওবুঢ়া সন্থাৰ সভাপতি গোবিন গগৈ,মুখপাত্ৰ ড° দীপেন দাস, দেৱেন শৰ্মা, যদুমণি দত্ত,নৰকান্ত ডেকা, যোগেন গগৈ, মাৰ্ঘেৰিটাৰ বিশিষ্ট বিহু সাধক বলোৰাম শইকীয়া,দিব্যজোতি বৰগোহাঁই,পল্লৱী গগৈৰ লগতে ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ পৰা অহা শতাধিক প্ৰতিনিধি। সভাত অসমীয়াৰ বাপতি সাহোন ৰঙালী বিহুৰ পৰিৱেশ্য কলাৰ ওপৰত বক্তব্য ৰাখি বিহুৰ সাধক হেম গগৈয়ে কয় যে, বিহুৰ সাম্প্ৰতিক পৰিৱেশ্য কলাৰ ৰজাঘৰীয়া বা প্ৰজাঘৰীয়া সকলোতে সাংঘাটিক ধৰণেৰে বিকৃতি হ’বলৈ ধৰিছে। হুঁচৰি, গাভৰু বিহু আৰু মুকলি বিহু এই তিনিটা পৰিৱেশ্য কলাৰ অপভ্ৰংশ হৈ আৰু কেইবাটাও শৈলীৰ সৃষ্টি হৈছে। গতিকে এৰা ধৰাৰ মাজত পৰিৱেশ্য কলাৰ এটা নিৰ্দিষ্ট ৰূপ নিৰ্ধাৰণ কৰাৰ সময় সমাগত বুলিও গগৈয়ে মন্তব্য কৰে। বিশিষ্ট বিহু গৱেষক ডাঃ অমৰেন্দ্ৰ গগৈয়ে গাভৰু বিহুৰ পৰিপূৰক তিনিটা নামৰ কথা উল্লেখ কৰি কয় যে যদিও গাভৰু বিহুত গাভৰু সকলেহে অংশগ্ৰহণ কৰিব লাগে যদিও সাম্প্ৰতিক সময়ত বোৱাৰীসকলৰ অংশগ্ৰহণো সমানেই পৰিলক্ষিত হয়। লোক সংস্কৃতিৰ বিশিষ্ট সাধক শিক্ষাবিদ ড° অনিল শ‌ইকীয়াই পৰিৱেশ্য কলাৰ সাতোটা ব্যৱহাৰিক দিশ উল্লেখ কৰি কয় যে বিহুৰ পৰিৱেশ্য কলাৰ দলীয় চাৰিটা শৈলী আৰু একক তিনিটা শৈলী দেখা যায়। সেইকেইটা হৈছে – দলীয় শৈলী হিচাবে হুঁচৰি কেৱল পুৰুষৰ, গাভৰু বিহু বা জেং বিহু বা টকা বিহু কেৱল নাৰীসকলৰ, মুকলি বিহু পুৰুষ আৰু নাৰী একেলগে আৰু হুঁচৰি আৰু মুকলি বিহু একেলগে বিহু হুঁচৰি বা হুঁচৰি বিহুৰ পৰিৱৰ্তে। একক শৈলী হিচাবে ঢোল, পেঁপা, গগণা, সুতুলী পৰিবেশন আৰু একক বিহু নাম। ড° অনিল শ‌ইকীয়াৰ এই সাতোটা ব্যৱহাৰিক দিশ ৰজা ঘৰ বা প্ৰজাঘৰত মানি চলিবলৈ পৰিষদে আহ্বান জনায় আৰু লগতে অসম চৰকাৰৰ মুখ্যমন্ত্ৰীক সাক্ষাৎ কৰি এখন স্মাৰক পত্ৰ প্ৰদানৰ লগতে এখন চেঞ্চৰ বোৰ্ড গঠনৰ সন্দৰ্ভতো সবিশেষ অৱগতকৰণৰ প্ৰস্তাৱ গ্ৰহণ কৰা হয়। উক্ত সভাতে পৰিষদৰ সৰ্বোচ্চ সন্মান বিহু প্ৰজ্ঞা বঁটা আৰু বিহু মহীয়ান বঁটা ক্ৰমে ডাঃ গগৈ আৰু ড° শ‌ইকীয়াক পৰিষদৰ আগন্তুক দ্বি-বাৰ্ষিক অধিৱেশনৰ মুকলি সভাত প্ৰদানৰ সিদ্ধান্ত গ্ৰহণ কৰা হয়। বিহু প্ৰজ্ঞা বঁটাত নগদ পঁচিশ হেজাৰ টকা,এটা স্মাৰক, গ্ৰন্থৰ টোপোলা, চেলেং, গামোচা, শৰাই, সৰু দৈয়া‌ জাপি আৰু বিহু মহীয়ান বঁটাত নগদ দহ হেজাৰ টকা, স্মাৰক, গ্ৰন্থৰ টোপোলা, প্ৰশস্তি পত্ৰ ,শৰাই আৰু সৰু দৈয়া‌ জাপি থাকিব বুলি বিহু কৃষ্টি পৰিষদ অসম ৰ মুখপাত্ৰ ড° দীপেন দাসৰ দ্বাৰা প্ৰকাশিত বিবৃতিটোত কোৱা হৈছে। সভাতে বিশিষ্ট কবি, নিৱন্ধকাৰ তথা বিহু কৃষ্টি পৰিষদ অসমৰ মুখপত্ৰৰ সম্পাদক ব্ৰজেন দাসৰ সম্পাদনাত তিনিমহীয়া “বিহু বাৰ্তা” খন উন্মোচন কৰা হয়। অন্যতম উন্মোচক হিচাপে উপস্থিত থকা ড° অনিল শ‌ইকীয়াই বিহু বাৰ্তাখনৰ বিষয়বস্তুক ভূয়সী প্ৰশংসা কৰে আৰু পৰৱৰ্তী সংখ্যাৰ সমুদায় খৰছ বহন কৰাৰ দায়িত্ব লোৱাত সভাই তেওঁক ধন্যবাদ জ্ঞাপন কৰে। বিহু কৃষ্টি পৰিষদ অসমৰ পৰৱৰ্তী কাৰ্যনিৰ্বাহক সভা কামৰূপ মহানগৰত অহা নবেম্বৰত অনুষ্ঠিত কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰা হয়।

১ টা মন্তব্য
  1. Avatar of বিনয়
    বিনয় says

    বিহুটো ভাগ কৰা, বিহু সুৰক্ষা সমিতি গঠন কৰি বিহু কৃষ্টি কৰা ছাৰ জন নহয় জানো? বিহু নে পদবী আগ আজিও নুবুজিলো।

মন্তব্য দিয়ক

Your email address will not be published.

This website uses cookies to improve your experience. We'll assume you're ok with this, but you can opt-out if you wish. Accept Read More