ঢকুৱাখনাত বিশ্ব  পৰিৱেশ দিৱস উদযাপন

চাৰিকড়ীয়াৰ পাৰত হোমেন বৰগোহাঞিক স্মৰণ

0 99

শতাব্দ প্ৰতিনিধি,ঢকুৱাখনা,৫ জুনঃ ‘এখনেই মাত্ৰ পৃথিৱী’ মূল বাণীক লৈ সমগ্র বিশ্বৰ লগতে ঢকুৱাখনা মহকুমাৰ বিভিন্ন স্থানত আজি দিনজোৰা কাৰ্যসূচীৰে ২০২২ চনৰ বিশ্ব পৰিৱেশ দিৱস পালন কৰা হয়। ইয়াৰ ভিতৰত ঢকুৱাখনা মহকুমা প্ৰশাসনৰ উদ‍্যোগত তথা ঢকুৱাখনা পৌৰসভা, ঢকুৱাখনা উন্নয়ন খণ্ড, মেগামিক্স প্ৰকৃতি সংঘ, অসম বিজ্ঞান সমিতিৰ ঢকুৱাখনা শাখা হোমেন বৰগোহাঞি ন‍্যাস, ঢকুৱাখনা লেখিকা সমাৰোহ সমিতি, ঢকুৱাখনা মহাবিদ্যালয়ৰ এন এছ এছ গোট আৰু চেম্বাৰ্চ অব্ কৰ্মাচৰ সহযোগত পালন কৰা বিশ্ব পৰিৱেশ দিৱস অন‍্যতম। পুৱা ৬-৩০ বজাত ঢকুৱাখনাৰ স্বাভিমান, প্ৰখ্যাত কথাশিল্পী, সাংবাদিক হোমেন বৰগোহাঞিৰ প্ৰতিচ্ছবিত বন্তি প্ৰজ্বলন আৰু পুষ্পাঞ্জলীৰে অৰ্পণ কৰি তেওঁৰ প্ৰথম প্ৰেমিকা চাৰিকড়ীয়াৰ উত্তৰ পাৰতো চাফাই কৰি দিৱসৰ কাৰ্যসূচী শুভাৰম্ভ কৰা হয়।  ইয়াৰ পিছত প্ৰতিষ্ঠাৰ ১৫০ বছৰ পূৰ্ণ হোৱা ঢকুৱাখনা চৰকাৰী মজলীয়া বিদ্যালয়ৰ চৌহদত গছপুলি ৰোপণ কাৰ্যসূচী শুভাৰম্ভ কৰে ঢকুৱাখনা মহকুমাৰ মহকুমাধিপতি অৰিন্দম বৰুৱাই। উক্ত অনুষ্ঠানটোত স্থানীয় বিধায়ক তথা প্ৰাক্তন মন্ত্ৰী নৱ কুমাৰ দলেৰ পৃষ্ঠপোষকতাত  ১৫০ টা থলুৱা উদ্ভিদৰ পুলি ৰোৱা হয়। ইয়াৰ পিছত ঢকুৱাখনা মহাবিদ্যালয়ৰ প্ৰেক্ষাগৃহত অনুষ্ঠিত মূল সভাখন উদ্বোধন কৰে মহকুমাধিপতি অৰিন্দম বৰুৱাই। উদ্বোধনী ভাষণত তেওঁ  বিশ্ব পৰিৱেশ দিৱসৰ তাৎপৰ্য, ইতিহাস আৰু জৈৱ বৈচিত্ৰতাৰ গুৰুত্ব সম্পৰ্কে চমু আলোকপাত কৰে। উক্ত মূলসভাত সমল ব‍্যক্তি হিচাবে বক্তব্য ৰাখে বিশিষ্ট এইবাৰ অসম চৰকাৰে পৰিৱেশ মিত্ৰ হিচাবে স্বীকৃতি প্ৰদান কৰা বিশিষ্ট পৰিৱেশবিদ দেৱজিৎ ফুকন, ঢকুৱাখনা মহাবিদ্যালয়ৰ সহযোগী অধ‍্যাপকদ্বয় সেৱক চন্দ্ৰ চুতীয়া আৰু নৰেন্দ্ৰ নাথ দত্তই। সভাখনত সমল ব‍্যক্তিৰ বক্তব্যৰ মাজে মাজে পৰিৱেশ প্ৰদূষণৰ কুপ্ৰভাৱৰ সম্পৰ্কীয় চুটি তথ্যচিত্ৰ প্ৰদৰ্শন কৰা হয়। ইফালে ঢকুৱাখনাৰ এখন অন‍্যতম শিক্ষানুষ্ঠান কাইজেন একাডেমিতো দিনজোৰা কাৰ্যসূচীৰে শিক্ষানুষ্ঠানখনৰ প্ৰতিষ্ঠা দিৱস আৰু বিশ্ব পৰিৱেশ দিৱস পালন কৰা হয়। ইয়াতো পুৱা ৯-৪৫ বজাত গছপুলি ৰোপণেৰে দিৱসৰ কাৰ্যসূচী শুভাৰম্ভ কৰে মহকুমাধিপতি অৰিন্দম বৰুৱাই। ইয়াত’ সকলোৰে বাবে  এখন পৃথিৱী’ শীৰ্ষক বিষয়বস্তুৰ ওপৰত আলোচনা আগবঢ়াই মেগামিক্স প্ৰকৃতি সংঘৰ সভাপতি তথা পৰিৱেশ কৰ্মী চেনীৰাম বৰুৱাই। সন্ধিয়া মহকুমা প্ৰশাসনৰ উদ‍্যোগত ঢকুৱাখনা নগৰৰ গান্ধী ময়দানত তথ্যচিত্ৰ  প্ৰদৰ্শনৰে  দিৱসৰ সামৰণি পৰে।

মন্তব্য দিয়ক

Your email address will not be published.

This website uses cookies to improve your experience. We'll assume you're ok with this, but you can opt-out if you wish. Accept Read More