ঢেকিয়াজুলি আৰক্ষীয়ে হাৰিয়ানাৰ পৰা উদ্ধাৰ কৰিলে নিৰুদিষ্ট কিশোৰীক

0 22

শতাব্দ প্ৰতিনিধি তেজপুৰ ,১৫অক্টোবৰ: শোণিতপুৰৰ ঢেকিয়াজুলি আৰক্ষীয়ে হাৰিয়ানাৰ পৰা উদ্ধাৰ কৰি আনিলে ঢেকিয়াজুলিৰ ডিব্ৰুদৰং হাটখলাৰ পৰা নিৰুদিষ্ট হৈ থকা এগৰাকী ১৬ বছৰীয়া কিশোৰীক৷ উল্লেখ্য যে যোৱা ছয় অক্টোবৰত অঞ্জনা কিষাণ ৰঙাপৰাস্থিত বায়েকৰ ঘৰলৈ বুলি ঘৰৰ পৰা ওলাই যোৱাৰ পিছৰে পৰা নিৰুদ্দেশ হৈছিল৷সেই সংক্ৰান্তত কিশোৰীগৰাকীৰ মাতৃ মিনতি কিষাণে সাত অক্টোবৰত ঢেকিয়াজুলি আৰক্ষীথানাত এজাহাৰ দাখিল কৰে৷এই এজাহাৰৰ ভিত্তিত ঢেকিয়াজুলি আৰক্ষীয়ে তদন্ত অব্যাহত ৰাখে আৰু তেনে অৱস্থাতে সন্ধানহীন কিশোৰী গৰাকীয়ে সহায় বিচাৰি মাতৃলৈ ফোন কৰে৷ কিশোৰীগৰাকীয়ে মাতৃলৈ কৰা ফোন নম্বৰৰ জৰিয়তে ঢেকিয়াজুলি আৰক্ষীয়ে তদন্ত প্ৰক্ৰিয়া ক্ষিপ্ৰতাৰে চলায় আৰু অৱশেষত শোণিতপুৰ জিলাৰ আৰক্ষী অধীক্ষকৰ সহযোগত ঢেকিয়াজুলি আৰক্ষীয়ে ফোন নম্বৰ ট্ৰেক কৰি কিশোৰীগৰাকী হাৰিয়ানাত থকাৰ সম্ভেদ পায়৷ সেইমৰ্মে ঢেকিয়াজুলি আৰক্ষী থানাৰ উপ পৰিদৰ্শক মুন্নাফ আলীৰ নেতৃত্বত আৰক্ষীৰ এটা দল হাৰিয়ানালৈ যায় আৰু হাৰিয়ানা আৰক্ষীৰ সহযোগত কিশোৰীগৰাকীক এটা কোঠাত আবদ্ধ কৰি ৰখা অৱস্থাত উদ্ধাৰ কৰিবলৈ সক্ষম হয়৷ উল্লেখযোগ্য যে, কিশোৰীগৰাকীক প্ৰেমৰ চক্ৰান্তৰে হাৰিয়ানালৈ নিয়া হিমাংশু সুৰজ নামৰ যুৱক জনকো গ্ৰেপ্তাৰ কৰি হাৰিয়ানাৰ আদালতত হাজিৰ কৰাই ঢেকিয়াজুলি আৰক্ষী থানালৈ আনে৷ কিশোৰীগৰাকীক উদ্ধাৰৰ ক্ষেত্ৰত ক্ষীপ্ৰ ভূমিকা গ্ৰহণ কৰা ঢেকিয়াজুলি আৰক্ষী থানাৰ উপপৰিদৰ্শক মুন্নাফ আলিয়ে জানিবলৈ দিয়া মতে আটকাধীন যুৱকজনৰ ঘৰ উত্তৰ প্ৰদেশৰ প্ৰতাপগড় জিলাৰ লালগঞ্জ আৰক্ষীথানাৰ অন্তৰ্গত দেউলি গাঁৱত৷ইতিমধ্যে ঢেকিয়াজুলি আৰক্ষীয়ে যুৱকজনৰ বিৰুদ্ধে ঢেকিয়াজুলি আৰক্ষীথানাত ৩০৩/২২ নম্বৰ গোচৰ ৰুজো কৰি তেজপুৰ আদালতত হাজিৰ কৰাই আৰু আদালতে যুৱকজনক ন্যায়িক জিন্মালৈ প্ৰেৰণৰ নিৰ্দেশ দিয়ে৷

মন্তব্য দিয়ক

Your email address will not be published.

This website uses cookies to improve your experience. We'll assume you're ok with this, but you can opt-out if you wish. Accept Read More