ঢেকিয়াজুলি,বৰছলাত খহনীয়াৰ আতংক

মিছামাৰিত জাহগ’ল জলসম্পদৰ কোটিটকীয়া আঁচনি

0 16
শতাব্দ প্ৰতিনিধি‍,তেজপুৰ,২০জুনঃ শোণিতপুৰ জিলাৰ ঢেকিয়াজুলি আৰু বৰছলাত গাভৰু আৰু  বেলশিৰি নৈৰ খহনীয়াই সংহাৰী ৰূপ ধাৰণ কৰিছে। উল্লেখযোগ্য যে,বৰছলা বিধান সভা সমষ্টি অন্তৰ্গত অঞ্চলত ইতিমধ্যে বহুকেটা পথ আৰু কালভাৰ্ট ছিঙি পেলোৱা এই বান আৰু খহনীয়াৰ ফলত গৰুডোবা আৰু ধিৰাইমাজুলীৰ মাজত থকা গুৰুত্বপূৰ্ণ দলং খনৰ অৱস্থা সম্প্ৰতি শোচনীয় হৈ পৰিছে। উল্লেখযোগ্য যে, আপাৰ বেঞ্চিমাৰী গাঁও খন বৰ্তমান বিধ্বংসী খহনীয়াৰ কবলত পৰিছে। ইতিমধ্যেই ইয়াৰ বহু পৰিমানৰ মাটি খহনীয়াত জাহ যোৱাত স্থানীয় ৰাইজৰ মাজত হাহাকাৰ অৱস্থাৰ সৃষ্টি হৈছে। আজি খহনীয়া ক্ৰান্ত অঞ্চলত উপস্থিত হৈ এই ভয়াবহ পৰিস্থিতিৰ বুজ লয় স্থানীয় বিধায়ক গণেশ কুমাৰ লিম্বুৱে। উল্লেখযোগ্য যে, ধিৰাইমাজুলী আৰু গৰুডোবাৰ মাজৰ দলংখন বেলশিৰি নৈৰ বাঢ়নী পানী আৰু খহনীয়াৰ ফলত য়িকোনো মূহুৰ্ততে ভাঙি পৰাৰ আশংকা বৃদ্ধি পোৱাৰ বিপৰীতে সম্প্ৰতি এই দলংখন ৰক্ষাৰ বাবে লোকনিৰ্মাণ বিভাগে কিছু চেষ্টা চলোৱা বুলি স্থানীয় লোকে প্ৰকাশ কৰিছে। ইপিনে,বান্দৰ মাৰী গাঁও পঞ্চায়ত অন্তৰ্গত সৰকা বালিগাঁৱতো হাহাকাৰ অৱস্থাৰ সৃষ্টি কৰিছে গৰাখহনীয়াই। অঞ্চলটোত গাভৰু নৈৰ গৰাখহনীয়াই ইতিমধ্যে শতাধিক কৃষকৰ বৃহৎ পৰিমানৰ কৃষিভূমি গ্ৰাস কৰিছে। চাৰিদুৱাৰ ৰাজহচক্ৰৰ অন্তৰ্গত এই অঞ্চলত অব্যাহত গৰাখহনীয়া ৰোধৰ কোনো ব্যৱস্থাই এই পৰ্যন্ত হোৱা নাই বুলি অভিযোগ উঠিছে। ইপিনে ঢেকিয়াজুলিটো বেলশিৰি নৈৰ খহনীয়াই কালৰূপ ধাৰণ কৰিছে। ঢেকিয়াজুলিৰ পঠালিখোৱা অঞ্চলত ইতিমধ্যে নৱনিৰ্মীত পকী পথ ছিঙি যোগাযোগ বিচ্ছিন্ন কৰা বেলশিৰি নৈৰ প্ৰৱল খহনীয়াত কেবাটাও বাসগৃহ জাহ গৈছে। নৈখনৰ এনে বিধ্বংসী ৰূপে ৰাইজক আতংকিত কৰাৰ লগতে বহু কেটা পৰিয়ালক আশ্ৰয়হীন কৰিছে। উল্লেখযোগ্য যে,গাভৰু নৈৰ বিধ্বংসী গৰাখহনীয়াই মিছামাৰীৰ একনম্বৰ জীয়া গাভৰু গাঁও পঞ্চায়ত অন্তৰ্গত অঞ্চলতো বিষম পৰিস্থিতিৰ উদ্ভৱ কৰিছে। জীয়া গাভৰু গাঁৱৰ ছয়টা পৰিয়ালৰ বাৰী মাটি ইতিমধ্যেই এই খহনীয়াত জাহ যোৱাৰ উপৰি শশ বিঘা কৃষি ভূমি এই বিধ্বংসী খহনীয়াত জাহ গৈছে। উল্লেখযোগ্য যে, ঢেকিয়াজুলি বিধানসভা সমষ্টি অন্তৰ্গত এই অঞ্চলত কিছুদিন পূৰ্বে জলসম্পদ বিভাগে কোটি টকীয়া এক শিলৰ খহনীয়া প্ৰতিৰোধী আঁচনি ৰূপায়ণ কৰিছিল যদিও বৰ্তমান সেই আঁচনি খহনীয়াত জাহ গ’ল। যোৱা দীঘলীয়া সময় ধৰি ইয়াত খহনীয়া অব্যাহত থকাত বহুকেইটা পৰিয়াল আন স্থানলৈ উঠি আহে যদিও শেহতীয়াকৈ বানৰ লগতে আৰম্ভ হোৱা খহনীয়াত গাঁওখনৰ বৃহৎ অংশ জাহ যায়। স্থানীয় ৰৰইজে অভিযোগ কৰা অনুসৰি শিলৰে খহনীয়া প্ৰতিৰোধৰ বাবে ইয়াত ৰূপায়ণ কৰা আঁচনিখনত থকা আসোঁৱাহৰ বাবেই এনে ঘটনা সংঘটিত হয়। অভিযোগ মতে, শিল ধৰি ৰাখিবলৈ যি নেটৰ ব্যৱহাৰ কৰা হয় সেই নেট ৰাইজৰ বাৰম্বাৰ অনুৰোধ সত্বেও ইয়াত নিদিয়াত গাভৰুৰ প্ৰৱল সোঁতে কোটি টকীয়া আঁচনিখন নিমিষতে উটুৱাই নিয়াৰ পাছতে অঞ্চলটোত খহনীয়াই সংহাৰী ৰূপ ধাৰণ কৰে। আনকি এই খহনীয়া বৰ্তমান মিছামাৰীৰ বৃহৎ সেনা চাউনিৰ প্ৰতিও ভাবুকী হৈ পৰা বুলি স্থানীয় ৰাইজে মন্তব্য কৰিছে। জলসম্পদ বিভাগৰ বিষয়া অভিযন্তাৰ ঠিকাদাৰৰ প্ৰতি অহেতুক দৰদৰ বাবেই কোটিটকীয়া আঁচনিখন শক্তিশালীভাবে ৰূপায়ণ নোহোৱাৰ পৰিণতি নৈপৰীয়া ৰাইজে ভূগীব লগীয়া হোৱা বুলিও বহুসংখ্যক লোকে ক্ষোভ প্ৰকাশ কৰিছে।
মন্তব্য দিয়ক

Your email address will not be published.

This website uses cookies to improve your experience. We'll assume you're ok with this, but you can opt-out if you wish. Accept Read More