ঢোলৰ গুমগুমনিৰে ম’হঘুলি চাপৰিত ফাটবিহু আৰম্ভ

হিলদল ভাঙি ওলাই আহিল তিনি কুৰিৰো অধিক বিহুদল আৰু হাজাৰ হাজাৰ বিহুপ্ৰমী

0 29

শতাব্দ প্ৰতিবেদক, ১৩ মেঃ ঢোলে গুমগুমাইছে ফাটবিহুতলীত। আজিৰ পুৱাৰে পৰা প্ৰতিকূল বতৰকো নেওচি ফাটবিহু তলীলৈ হিলদল ভাঙি ওলাই আহিছে তিনি কুৰিৰো অধিক বিহুদল আৰু হাজাৰ হাজাৰ বিহুপ্ৰমী । দুদিন ধৰি অব্যাহত থকা নেৰানেপেৰা বৰষুণেও ম্লান কৰিব পৰা নাই ফাটবিহু পৰম্পৰাগত গৰিমা । আজি প্ৰথমদিনাই তিনি কুৰিৰো অধিক বিহুদলৰ বিহুৱাৰ ঢোল ,তাল ,পেঁপা ,বাঁহী আৰু নাচনীৰ টকা,গগনা, সুতুলিৰ শব্দ আৰু নাচোনৰ গিৰিপনিত ঢকুৱাখনাৰ আকাশ -বতাহ মুখৰ হৈ পৰিছে । ঢকুৱাখনাত আজিৰে পৰা আৰম্ভ হৈছে অসমৰ সাংস্কৃতিক জগতৰ একক আৰু অনন্য বিহু- ঐতিহ‍্যমণ্ডিত ফাটবিহু । চাৰিকড়ীয়া নৈৰ পাৰৰ ম’হঘুলি চাপৰিৰ প্ৰায় ৪০ বিঘা এলেকাৰ ফাটবিহুৰ স্থায়ী বাকৰিত আজিৰে পৰা তিনিদিনীয়া বৰ্ণাঢ্য কাৰ্যসূচীৰে আৰম্ভ হৈছে ২০২২ বৰ্ষৰ ফাটবিহু । ক’ভিডৰ বাবে বিগত দুটা বৰ্ষত ফাটবিহুৰ উদযাপন বাতিল কৰাৰ পিছত পুনৰবাৰ প্ৰখ্যাত সাহিত্যিক হোমেন বৰগোহাঞিৰ ল’ৰালিৰ বিচৰণ ভূমি ম’হঘুলি চাপৰিৰ বিনন্দীয়া সেউজ পৰিৱেশ আনন্দত প্ৰাণৱন্ত হৈ উঠিছে। আজি পুৱা ১০-৩০ বজাত নৱ-গঠিত ফাটবিহু সমিতিৰ সভাপতি বসন্ত শইকীয়াই কৰা পতাকা উত্তোলনৰে ২০২২ বৰ্ষৰ উদযাপন আৰম্ভ হয়। ইয়াৰ পিছত উদযাপন সমিতিৰ সভাপতি প্ৰাঞ্জল গোহাঁয়ে স্মৃতি তৰ্পণ কৰাৰ পিছত ঢকুৱাখনাৰ লগতে অসমৰ অন্যান্য প্ৰান্তৰৰ পৰা অহা বিহুদলসমূহক ফাটবিহুতলীলৈ পৰম্পৰাগত ৰীতি-নীতিৰে আদৰণি জনোৱা হয় । ইয়াৰ পিছত ফাটবিহুৰ মঞ্চ মুকলি কৰে ঢকুৱাখনাৰ প্ৰবীণ চিন্তাবিদ, লেখক তথা ফাটবিহুৰ আনুষ্ঠানিক উদযাপনৰ সংগঠক জগদীশ গগৈয়ে । নাতি দীৰ্ঘ ভাষণত গগৈয়ে ফাটবিহুৰ ইতিহাসৰ ওপৰত এক চমু অৱলোকন আগবঢ়ায় । দুপৰীয়া ১২ -৩০ বজা আৰম্ভ হোৱা টকাবিহু প্ৰতিযোগিতা প্ৰবীণ বিহুৱতী কল্পনা সেনাপতি বৰুৱাই আৰু চেমনীয়াৰ বিহু প্ৰতিযোগিতা ভাৰতীয় বায়ুসেনা বাহিনীৰ অভিযন্তা দুলাল দাসে উদ্বোধন কৰে । আজিৰ টকা বিহু প্ৰতিযোগিতাত ৪০ টাৰো অধিক দল আৰু চেমনীয়াৰ বিহু প্ৰতিযোগিতাত ২০ টাৰো অধিক বিহুদলে অংশগ্ৰহণ কৰি ফাটবিহুক মহীয়ান কৰি তোলে ।

১৪ মে’ত কি হ’ব

আনহাতে কাইলৈ দ্বিতীয় দিনাৰ কাৰ্যসূচী পুৱা ৯ বজাত ফাটবিহুতলীত কপৌফুল আৰু গছপুলি ৰোপণ কাৰ্যসূচীৰে শুভাৰম্ভ হ’ব । ইয়াৰ পিছত দিনৰ ১১ বজাৰ পৰা আৰম্ভ হ’ব লগা প্ৰাপ্তবয়স্কৰ হুঁচৰি প্ৰতিযোগিতা উদ্বোধন কৰিব শিৱসাগৰৰ প্ৰবীণ বিহুৱা হেমন্ত গগৈয়ে । আনহাতে ফাটবিহুৰ বাৰ্ষিক প্ৰকাশ ‘ বিহুৱান’ৰ হেমন্ত কুমাৰ বৰুৱাৰ সম্পাদনাত প্ৰকাশ পাব লগা একত্ৰিংশ সংখ্যাটি উন্মোচন কৰিব বিশিষ্ট বুৰঞ্জীবিদ তথা মাজুলী সাংস্কৃতিক বিশ্ববিদ্যালয়ৰ উপাচাৰ্য ড° ডম্বৰুধৰ নাথে ।

১৫ মে’ৰ অন্তিম দিনৰ কাৰ্যসূচী

 দেওবাৰে তৃতীয় তথা অন্তিম দিনাৰ কাৰ্যসূচী আৰম্ভ হ’ব পুৱা-১০ বজাত বৰ্ণাঢ্য সাংস্কৃতিক শোভাযাত্ৰাৰে।এই শোভাযাত্ৰা উদ্বোধন কৰিব অসমীয়া বোলছৱি জগতৰ মোহময়ী অভিনেত্ৰী অমৃতা গগৈয়ে।ইয়াৰ পিছতে দুপৰীয়া ১২ বজাৰ পৰা ফাটবিহুৰ মুল আকৰ্ষণ সকলো জাতি জনগোষ্ঠীৰ সমন্বয়ত গছতলৰ মুকলি বিহু অনুষ্ঠিত হ’ব। এই মুকলি বিহু উদ্বোধন কৰিব জনপ্ৰিয় সংগীত শিল্পী ৰূপা মিলিয়ে।ইফালে বিয়লি ২ বজাৰ পৰা মুকলি সভা অনুষ্ঠিত হ’ব। অসমীয়া চলচিত্ৰ জগতৰ বিশিষ্ট অভিনেতা প্ৰাঞ্জল শইকীয়াই উদ্বোধন কৰিব লগীয়া মুকলি সভাত মুখ্য অতিথিৰূপে অসম চৰকাৰৰ সাংস্কৃতিক পৰিক্ৰমা মন্ত্ৰী বিমল বৰা, নিৰ্দিষ্ট বক্তা হিচাপে বিশিষ্ট বিহুৱা নিৰঞ্জন গোস্বামী, আমন্ত্ৰিত অতিথিৰূপে ভাৰত চৰকাৰৰ পূব মাণ্ডলিক আৰু উত্তৰ পূব ক্ষেত্ৰ সাংস্কৃতিক কেন্দ্ৰৰ সঞ্চালক গৌৰী বসু ,লখিমপুৰ জিলাৰ উপায়ুক্ত সুমিত সাত্তাৱন ,ঢকুৱাখনা মহকুমাৰ মহকুমাধিপতি অৰিন্দম বৰুৱা আৰু বিশিষ্ট অতিথিৰূপে লখিমপুৰৰ সাংসদ প্ৰদান বৰুৱা, ঢকুৱাখনাৰ বিধায়ক নৱ কুমাৰ দলে আৰু ঢকুৱাখনা মহাবিদ্যালয়ৰ অৱসৰী অধ‍্যক্ষ শিৱপ্ৰসাদ গগৈয়ে অংশগ্ৰহণ কৰিব ।আনহাতে মিচিং স্বায়ত্ত পৰিষদৰ মুখ্য কাৰ্যবাহী পৰমানন্দ চায়েঙীয়া,দেউৰী স্বায়ত্ত পৰিষদৰ মুখ্যকাৰ্যবাহী মাধৱ দেউৰী,যোৰহাটৰ উপায়ুক্ত অশোক বৰ্মনকে আদি কৰি বহু সংখ্যক বিশিষ্টলোকে মুকলি সভাত অংশগ্ৰহণ কৰিব।ফাটবিহুৰ তিনিওটা দিনৰ কাৰ্যসুচীতে ৰাইজক জাতীয় সাজপাৰ পৰিধান কৰি অংশগ্ৰহণৰ বাবে উদযাপন সমিতিয়ে আহ্বান জনাইছে।

মন্তব্য দিয়ক

Your email address will not be published.

This website uses cookies to improve your experience. We'll assume you're ok with this, but you can opt-out if you wish. Accept Read More