ঢোল বজাই নাচি বাগি বিহু মাৰিলে অৰুণাচলৰ মুখ্যমন্ত্ৰীয়ে

0 30

চিজুছা :২২এপ্ৰিল: অৰুণাচল প্ৰদেশৰ মুখ্যমন্ত্ৰী পেমা খাণ্ডুৰ বিহু নৃত্যই কালি আপ্লুত কৰিলে অসমীয়া ৰাইজক। অৰুণাচলত কৰ্মৰত অসমৰ লোকসকলে যোৱা নিশা ইটানগৰস্থিত মুখ্যমন্ত্ৰী পেমা খাণ্ডুৰ চৰকাৰী বাসভৱনলৈ গৈছিল হুঁচৰি গাবলৈ । হুঁচৰি গাবলৈ যোৱা অসমীয়া লোকৰ দলটোক মুখ্যমন্ত্ৰী গৰাকীয়ে উষ্ম আদৰণি জনোৱাৰ লগতে তেঁও নিজে হুঁচৰি দলটোৰ লগত ঢোল বজোৱাৰ উপৰি প্ৰদৰ্শন কৰা বিহু নৃত্যই সকলোৰে মন জয় কৰে । মুখ্যমন্ত্ৰী প্ৰেমা খণ্ডুৱে পৰিবেশন কৰা অসমবাসীৰ হিয়াৰ আমঠু স্বৰূপ বিহু গীত নৃত্যই হুঁচৰি দলটোকো আনন্দিত কৰি তোলে । অসমীয়া কৃষ্টি সংস্কৃতিক আদৰণি জনাই অৰুণাচল প্ৰদেশৰ মুখ্যমন্ত্ৰীয়ে গ্ৰহণ কৰা ইতিবাচক পদক্ষেপৰ বাবে অসমবাসীয়ে গৌৰৱবোধ কৰিছে ।

মন্তব্য দিয়ক

Your email address will not be published.

This website uses cookies to improve your experience. We'll assume you're ok with this, but you can opt-out if you wish. Accept Read More