তস্মৈ শ্ৰী গুৰুৱে নমঃ

0 113

দীপামণি হাজৰিকা বৰুৱা

“দীপাই মাৰিলে টিপা
গড়গাঁও পালেগৈ শিপা”
মানুহজনে আনক হহুৱাই ভাল পায়।আমাৰ প্ৰত্যেককে তেখেতে কিবা নহয় কিবা এটা বেলেগ নাম দি মাতে। বিভিন্ন উপমা দি জোকায় ।পঢ়োৱাৰ মাজে মাজে নানান খুহুতীয়া কথাৰে আমাৰ মনবোৰ অহৰহ‌ ৰসাল কৰি ৰাখে। কিন্তু প্ৰয়োজনত তেওঁ হৈ উঠে ব্ৰজৰ দৰে কঠিন । আঁতৰৰ পৰা তেখেতক চাইকেল চলাই আহি থকা দেখিলে প্ৰত্যেক ল’ৰা ছোৱালীৰে বুকু ভয় আৰু শ্ৰদ্ধাত খন্তেকৰ বাবে কঁপি উঠে! ৰাস্তাত তেখেতৰ মুখামুখি হোৱাৰ সাহসেই বা কাৰ! কেতিয়াবা মুখামুখি হবলগীয়া হলে‌ও ল’ৰা ছোৱালীৰ মুখৰ মাত হৰে।শ্ৰেণীকোঠাত তেখেতৰ কন্ঠত যেন সৰস্বতীয়েহে বাস কৰে।অকনো ভাগৰ নলগাকৈ এটাৰ পিছত এটা বিষয় অতি মনোগ্ৰাহীকৈ শিকাই যায় তেওঁ। আমাৰ কনমাণি মনবোৰে মন্ত্ৰমুগ্ধ হৈ শুনি যাওঁ তেওঁ কোৱা প্ৰতিটো ৰসাল কাহিনী, তেওঁৰ কন্ঠেৰে ওলাই অহা প্ৰতিটো অমূল্য শব্দ।মানুহ কেনেকৈ ইমান জ্ঞানী হব পাৰে! ইমানবোৰ ছাত্ৰ ছাত্ৰীক ঘন্টাৰ পাছত ঘন্টা শাসন আৰু মমতাৰ জৰীৰে মৌন কৰি বান্ধি ৰাখিব পৰাকৈ কেনেকৈ ইমান শক্তিশালী হ’ব পাৰে!
মোৰ জীৱনশৈলীত আটাইতকৈ বেছি প্ৰভাৱ পেলোৱা মানুহজন অতি হেঁপাহৰ অসমৰ আগশাৰীৰ প্ৰাথমিক বিদ্যালয় ঘিলামৰা আদৰ্শ নিম্ন বুনিয়াদী বিদ্যালয়ৰ এসময়ৰ প্ৰধান শিক্ষক প্ৰয়াত শশীন্দ্ৰ শইকীয়া ছাৰ।বগা ধূতি আৰু মুগা বৰণৰ পাঞ্জাৱী এটাৰে ছাৰক যেতিয়া প্ৰথমবাৰৰ বাবে দেখিছিলোঁ,ভক্তিত দুচকু সেমেকি উঠিছিল।কিয়নো সেইসময়ত ঘিলামৰা অঞ্চলত আটাইতকৈ বেছি চৰ্চিত হৈ থকা নামটোৱেই হৈছে শশীন্দ্ৰ শইকীয়া ছাৰ।চৰ্চা নহ’বই বা কিয়? প্ৰচাৰ ভাল নোপোৱা, কেৱল কৰ্তব্য চিনি পোৱা ছাৰৰ বাবে বিদ্যালয়খনেই ঘৰ আৰু ছাত্ৰ ছাত্ৰীয়েই জীৱন। বিদ্যালয় বন্ধ থকা দিনবোৰতো ঘৰে ঘৰে গৈ তেখেতে ছাত্ৰ ছাত্ৰীৰ পঢ়াৰ খবৰ লৈছিল আৰু নোৱাৰাটো বুজাই থৈ আহিছিল।
ছাৰে আমাক চতুৰ্থ শ্ৰেণীত পাঠদান কৰিছিল ।ৰাতিপুৱা দহবজাৰ পৰা আবেলি চাৰি বজালৈকে ছাৰৰ লগত পাৰ কৰা সেই সময়খিনিয়েই মোৰ জীৱনৰ আটাইতকৈ মূল্যবান সময়।তেখেতে প্ৰদান কৰা শাস্তিবোৰ, তেখেতে দিয়া নীতিশিক্ষাবোৰ আৰু পঢ়োৱাৰ মাজে মাজে কোৱা খুহুতীয়া কথাবোৰ এতিয়াও মনৰ একোণত সজীৱ হৈ আছে।
ছাৰে প্ৰতিদিনাই বৰ্ডত ভূগোলৰ টোকাবোৰ লিখি দিয়ে। পাছদিনা মুখস্থ লয়। মুখস্থ দিব নোৱাৰিলে কিন্তু কঠোৰ শাস্তি। কঠিন শব্দবিলাক আৰু টান টান ভাজক, ভাজ্যৰ অংকবিলাক ছাৰে চুই দিয়াৰ লগে লগে কেনেকৈ যে সহজ হৈ পৰে! তেওঁ ইমান সুন্দৰকৈ সমাজ বিজ্ঞানৰ টোকা বিলাক বৰ্ডত লিখি যায় যে লিখি থাকোতেই আমাৰ বহুতৰে মুখস্থ হৈ যায়। দহবজাৰ পৰা চাৰিবজালৈকে একেৰাহে পঢ়ুৱাই থাকিব পৰা ছাৰক কোনোদিনে ভাগৰুৱা হোৱা নেদেখিলোঁ।।ক্লাছৰ মাজে মাজে তামোল এখন মুখত ভৰাই লোৱাটো ছাৰৰ এৰাব নোৱাৰা অভ্যাস।আমি কিন্তু তেখেতৰ এই অভ্যাসটোত অসন্তুষ্ট হোৱা নাছিলোঁ। বৰঞ্চ ঘৰৰ পৰা কেতিয়াবা তেখেতৰ বাবে তামোলৰ টোপোলা লৈহে গৈছিলোঁ। তামোল শেষ হলে পঢ়াই থকাৰ মাজতে সহপাঠী বুবুলক ওচৰতে থকা মইনা ককাৰ দোকানখনলৈ ছাৰে তামোল আনিবলৈ পঠিয়াইছিল।সেই সময়ত গাড়ী, মটৰচাইকেল নচলিছিলেই বাবে বুবুলেও একে দৌৰে তামোল কিনি আনি ছাৰৰ ওচৰ পাইছিলহি। আমাৰ সকলোৰে বাবে শশীন্দ্ৰ ছাৰ মানে তামোলেৰে ভৰপূৰ মুখেৰে গহীন গম্ভীৰ এক বিশাল ব্যক্তিত্ব।আচলতে তামোলখন মুখত নাথাকিলে সেই সময়ত ছাৰক অসম্পূৰ্ণ যেন লাগিছিল।
শশীন্দ্ৰ ছাৰৰ প্ৰতি সকলো অভিভাৱকৰে অগাধ বিশ্বাস আছিল। সকলোৱে জানে, তেখেতৰ শাখাত পৰিছে যেতিয়া তেওঁলোকৰ কন্যা বা পুত্ৰই বৃত্তি পাবই। একমাত্ৰ ছাৰৰ নেৰানেপেৰা চেষ্টাৰ বাবেই সেইসময়ত বৃত্তি পৰীক্ষাত অৱতীৰ্ণ হোৱা প্ৰায় সকলো ছাত্ৰই বৃত্তি লাভ কৰিবলৈ সক্ষম হৈছিল আৰু অসমৰ ভিতৰত ঘিলামৰা আদৰ্শ নিম্ন বুনিয়াদী বিদ্যালয়খন জিলিকি উঠিছিল। (বৰ্তমানেও এই গৌৰৱ অটুট আছে।)
তেখেতৰ বাবে সকলো ছাত্ৰ ছাত্ৰীয়েই সমান মৰমৰ। এল পি বৃত্তি পৰীক্ষাত মহকুমাৰ ভিতৰত প্ৰথম হোৱা মোক সাবটি ধৰি ছাৰে কৈছিল,”সময়ৰ লগে লগে দ্বায়িত্ববোৰ আগতকৈ বাঢ়ি গৈ থাকিব।গৈয়ে থাকিব।মই জানো,তই পাৰিবি”।ছাৰৰ এই কথাষাৰে এতিয়াও মোৰ জীৱনত জাগৰণ মন্ত্ৰ হিচাপে কাম কৰি আছে।
ছাৰৰ ওচৰত দেখা একমাত্ৰ বেয়া স্বভাটোৱেই এসময়ত তেখেতৰ জীৱনলৈ দুৰ্যোগ মাতি আনিছিল। মুখমণ্ডলৰ কৰ্কট ৰোগত আক্ৰান্ত হৈ ছাৰে বিছনা লোৱাৰ কথাটো গম পাই খবৰ লবলৈ আমি দুজনমান সহপাঠী ছাৰৰ ঘৰলৈ গৈছিলো।কথাৰে ঘন্টাৰ পাছত ঘন্টা ছাত্ৰ ছাত্ৰীক মোহি ৰাখিব পৰা ছাৰৰ সেই মুহুৰ্তত কন্ঠ ৰুদ্ধ হৈ পৰিছিল।কথা কব পৰা নাছিল যদিও ছাৰে কিন্তু আমাৰ প্ৰত্যেককে চিনি পাইছিল। সেইবাবেই ছাগে আমি নিজৰ নাম কৈ চিনাকি দিয়াৰ লগে লগে তেখেতে প্ৰতিজনলৈ আঙুলি টোৱাই সন্তুষ্টিৰ হাঁহি‌ একোটা মাৰিছিল। পৃথিৱীৰ আটাইতকৈ শক্তিশালী বুলি ভবা মানুহজনৰ সেই ৰূপ চাব পৰাকৈ কাৰোৰে সাহস নাছিল বাবেই সোনকালে ছাৰৰ ওচৰৰ পৰা ঘূৰি আহিছিলোঁ।আহোতে বাটত মনে মনে ভগৱানক প্ৰাৰ্থনা কৰিছিলো,”প্ৰিয় মানুহজনৰ ইমান কষ্ট সহ্য কৰিব নোৱাৰো। তেখেতক সোনকালে লৈ যোৱা প্ৰভু”
তেখেত সোনকালেই গৈছিলগৈ। কিন্তু তেখেতৰ লগত কটোৱা প্ৰতিটো মুহুৰ্ত এতিয়াও কালিৰ ঘটনাৰ দৰেই মনত মেৰ খাই আছে। এতিয়া শিক্ষয়িত্ৰী হিচাপে এটা কথাই ভাবো,ছাৰৰ দৰে কেতিয়াও হৈ উঠিব নোৱাৰো সঁচা, কিন্তু অলপকৈ হ’লেও যদি ছাত্ৰ ছাত্ৰীৰ বুকুত ঘৰ সাজিব পাৰো তেন্তে সেয়া জীৱনৰ শ্ৰেষ্ঠতম প্ৰাপ্তি হব।যেতিয়াই সংকটৰ সন্মুখীন হওঁ,ভাগি টুকুৰা টুকুৰ হৈ বহি পৰো,সাহস হৈ ছাৰ মোৰ কাষত থিয় হয় আৰু পৰিচিত সেই আপোন গলগলীয়া মাতটোৰে কৈ উঠে, “মোৰ ছাত্ৰী হৈ ইমান সহজতে ভাগৰিলে হবনে? থিয় হ। মই জানো, তই পাৰিবি।”
কব নোৱাৰাকৈয়ে মই থিয় হওঁ। আগতকৈও উৎসাহেৰে আগলৈ চাই আগবাঢ়োঁ।কিয়নো মই জানো, আন কোনো নাথাকিলেও সাহস হৈ ছাৰ সদায়ে মোৰ আশে-পাশে আছে। আচলতে, শেষ বুলি কলেই সকলো শেষ হৈ নাযায়। কিছুমান সত্বা অমৰ।ছাৰৰ এতিয়াও মৃত্যু ঘটা নাই। ঘটিব নোৱাৰে।ভেটি গঢ়ি থৈ যোৱা শ শ ছাত্ৰ ছাত্ৰীৰ প্ৰতিটো ভাল কামৰ মাজত তেওঁ জীয়াই আছে। জীয়াই থাকিব আজীৱন।।

মন্তব্য দিয়ক

Your email address will not be published.

This website uses cookies to improve your experience. We'll assume you're ok with this, but you can opt-out if you wish. Accept Read More