তাচ পাতৰ দৰে খহিছে গেৰুকামুখ পাহাৰ

খহি পৰিছে ইটোৰ পাছত সিটো সুৰংগ

0 23

থৰকাছুটি হেৰুৱাইছে এন এইচ পিচিয়ে

শতাব্দ প্ৰতিনিধি,লখিমপুৰ,১১অক্টোবৰঃ এন এইচ পিচিত ধাৰাবাহিক খহনীয়া অব্যাহত আছে।তাচপাতৰ দৰে খহিবলৈ ধৰিছে এন এইচ পিচিৰ গেৰুকামুখৰ পাহাৰ।প্ৰথমে গাৰ্ড ৱাল,তাৰ পাছত টাৰ্নেল আৰু শেহতীয়াকৈ হুৰাহুৰে খহিছে এন এইচ পিচিৰ সুৰংগ।এন এইচ পিচিত হৈ থকা এনে খহনীয়াই এতিয়া নিদ্ৰা হৰিছে বান্ধ নিৰ্মাণ কোম্পানীটোৰ।১১৬ মিটাৰ উচ্চতাৰে নিৰ্মাণ সম্পুৰ্ণ কৰিবলৈ তৎপৰতা চলোৱা এন এইচ পিচিৰ ২০০০মেগাৱট শক্তি সম্পন্ন বৃহৎ বান্ধটো যদিহে ভাঙি পৰে তেনে হলে উত্তৰ পাৰৰ চাৰিখন জিলা যে ভয়াৱহভাবে ক্ষতিগ্ৰস্ত হব সেই কথা এতিয়া সকলোৰে মুখে মুখে চৰ্চা হৈছে। ভৰ বাৰিষা নৌহওতেই খৰালিতে যদি এই পাহাৰ তাচপাতৰ দৰে খহে তেন্তে বাৰিষা কি অৱস্থা হব পাৰে সেয়া সকলোৱে এতিয়া বুজি উঠিছে।যদিহে এটা ভূমিকম্প আহে তেনেহলে গেৰুকামুখৰ থুনুকা পাহাৰটোত নিৰ্মাণ কৰা বৃহৎ বান্ধটো নিমিষতে ভাঙি পৰিব বুলি লখিমপুৰ ধেমাজিৰ সচেতন মহলে আশংকা কৰিছে।সম্প্ৰতি এন এইচ পিচিত প্ৰকৃতিয়ে যি ধৱংস লীলা চলাইছে তাক লৈ এন এইচ পিচিয়েও বাৰুকৈয়ে থৰকাছূতি হেৰুৱাব লগা হৈছে।

মন্তব্য দিয়ক

Your email address will not be published.

This website uses cookies to improve your experience. We'll assume you're ok with this, but you can opt-out if you wish. Accept Read More