তালিবান সেনাধ্যক্ষৰ আজব কাণ্ড

সামৰিক হেলিকপ্টাৰত শহুৰৰ ঘৰলৈ

0 24

শতাব্দ ষ্টাফ ৰিপ’ৰ্টাৰ, ৫ জুলাই : বিধ্বংসী ভূমিকম্পত বিধ্বস্ত আফগানিস্তান। উদ্ধাৰ কাৰ্যৰ নামত কাৰ্যতঃ ঠাট্টা-মস্কৰা কৰি আছে দেশৰ জেহাদী চৰকাৰে। বিধ্বস্ত অঞ্চললৈ খাদ্য আৰু ঔষধ যোগান ধৰিবলৈ পৰ্যাপ্ত বাহন নাই। আহত বহু লোকক এতিয়াও উদ্ধাৰ কৰিব পৰা নাই। এনে অৱস্থাত এজন তালিবানৰ সেনাপতিয়ে সামৰিক হেলিকপ্টাৰেৰে শহুৰেকৰ ঘৰলৈ উৰা মাৰিল। নতুন পত্নী আনিবলৈ এই ভ্ৰমণ। আফগান সংবাদ মাধ্যমৰ সূত্ৰ অনুসৰি শেহতীয়াকৈ তালিবানৰ এজন সেনাধ্যক্ষ সামৰিক হেলিকপ্টাৰত উঠি লগাৰ প্ৰদেশৰ শহুৰেকৰ ঘৰলৈ গৈছিল। তাৰ পৰা তেওঁ নতুন পত্নীক লৈ খোষ্ট প্ৰদেশৰ নিজৰ ঘৰলৈ উভতি যায়। খামা প্ৰেছৰ মতে, সেনাপতিগৰাকী তালিবানৰ অতি প্ৰভাৱশালী হাক্কানি নেটৱৰ্কৰ সদস্য। সংবাদ মাধ্যমে আৰু দাবী কৰে যে, ২ জুলাইত তালিবানৰ সেনাপতিজনৰ হেলিকপ্টাৰখন লগাৰ প্ৰদেশৰ শ্বাহমাজাৰ অঞ্চলৰ এটা ঘৰৰ ওচৰত ৰখা হৈছিল। বিবাহৰ পিছত সেনাধ্যক্ষগৰাকীয়ে শহুৰেকক ১২ লাখ আফগানি মুদ্ৰাও দিছিল। মুঠতে তালিবান নেতাগৰাকীয়ে নিজৰ বিয়াত বহু টকা খৰচ কৰা বুলি জানিব পৰা গৈছে। ইফালে, ছ’চিয়েল মিডিয়াত এই হেলিকপ্টাৰ চলোৱাৰ ভিডিঅ’ ক্ষিপ্ৰতাৰে বিয়পি পৰে। ফলত সমগ্ৰ দেশত সমালোচনাৰ ধুমুহা সৃষ্টি হয়। বহু স্থানীয় লোকে কয় যে, যি সময়ত মানুহে খাবৰ বাবে হাহাকাৰ কৰিছে, তেনে সময়ত সামৰিক হেলিকপ্টাৰত উঠি বিয়া কৰাবলৈ যোৱাটো কেনেধৰণৰ ‘মজাক’ ? তালিবানৰ নেতাই চৰকাৰী ধন অপচয় কৰি আছে বুলিও বহুতে অভিযোগ কৰিছে। অৱশ্যে এনে কোনো ঘটনাৰ কথা তালিবানে প্ৰকাশ কৰা নাই। জেহাদী গোটটোৰ মুখপাত্ৰ কাৰী ইউছুফ আহমদীয়ে দাবী কৰে যে, ই তালিবানক বদনাম কৰাৰ বাবে শত্ৰুৰ ষড়যন্ত্ৰ। মে’ মাহত সংগঠনটোৰ আমিৰ হায়াতুল্লাহ আখুন্জাদাই তালিবানৰ যোদ্ধাসকলক ‘অপ্ৰয়োজনীয় খৰচ’ ৰোধ কৰিবলৈ এগৰাকীতকৈ অধিক বিবাহৰ পৰা বিৰত থাকিবলৈ নিৰ্দেশ দিছিল। ইয়াৰ পূৰ্বে ২০২১ চনত তালিবানে সদস্যসকলৰ একাধিক বিবাহত নিষেধাজ্ঞা আৰোপ কৰিছিল। কাৰণ, তালিবানৰ শীৰ্ষ নেতৃত্বই ভাবে যে, বিবাহৰ বাবে বহু টকা খৰচ কৰিলে দলটোৰ বাহিৰৰ পৰা আৰু ভিতৰৰ পৰা সমালোচনাৰ ধুমুহাৰ সৃষ্টি হ’ব পাৰে। যি সময়ত জনসাধাৰণে খাদ্য বিচাৰি হাহাকাৰ কৰিছে, সেই সময়ত তালিবান যোদ্ধাসকলৰ গৌৰৱময় বিবাহক লৈ প্ৰশ্ন উত্থাপন হোৱাটো স্বাভাৱিক।

মন্তব্য দিয়ক

Your email address will not be published.

This website uses cookies to improve your experience. We'll assume you're ok with this, but you can opt-out if you wish. Accept Read More