তিতাবৰত গঁড়ৰ খৰ্গৰ চোৰাং ব্যৱসায়ী আটক, ১.৫০ কোটি মূল্যৰ খৰ্গ উদ্ধাৰ

0 20

শতাব্দ ষ্টাফ ৰিপ’ৰ্টাৰ, ৬ জুন : যোৰহাট জিলাৰ তিতাবৰ অঞ্চলত আৰক্ষীয়ে দুই চোৰাং ব্যৱসায়ীক আটক কৰাৰ লগতে ধৃত ব্যৱসায়ীৰ হাতৰ পৰা প্ৰায় ১.১৫৮ কেজি ওজনৰ এটা গঁড়ৰ খৰ্গ উদ্ধাৰ কৰিছে। চোৰাংচোৱাৰ তথ্যৰ ভিত্তিত তিতাবৰ মহকুমাৰ মহকুমা আৰক্ষী বিষয়াৰ নেতৃত্বত যোৰহাট জিলাৰ এটা আৰক্ষী দলে ৫ জুন দেওবাৰে নিশা অভিযান চলাই তিতাবৰৰ সমীপৰ তেলিয়াপট্টী এলেকাত খৰ্গসহ এই দুই ব্যৱসায়ীক ধৰা পেলায়। যোৰহাট জিলাৰ অতিৰিক্ত আৰক্ষী অধীক্ষক মৃন্ময় গোস্বামীয়ে জনোৱা মতে, খৰ্গটোৰ বজাৰ মূল্য প্ৰায় ১.৫০ কোটি টকা। ঘটনাৰ বিৱৰণী মতে, কালি আৰক্ষীৰ লোকে তথ্য পাইছিল যে, তিতাবৰলৈ দুজন ব্যক্তি আহি আছে গঁড়ৰ খৰ্গ বিক্ৰী কৰিবলৈ। লগে লগে মৈত্ৰয়ী ডেকাৰ নেতৃত্বত আৰক্ষীৰ এটা দলে নিশা অভিযান চলাই চুনি তেলিয়াপট্টীত এই দুই খৰ্গ বেপাৰীক আটক কৰে। লগতে আৰক্ষীৰ দলটোৱে প্ৰায় ১.১৫৮ কেজি ওজনৰ গঁড়ৰ খৰ্গটো উদ্ধাৰ কৰে। এই বিষয়ে আৰু অধিক তথ্যৰ বাবে তদন্ত চলি আছে। ধৃত চোৰাং ব্যৱসায়ীদ্বয় হৈছে ৰাজেন বাউৰী আৰু আজিজুল ৰহমান।

মন্তব্য দিয়ক

Your email address will not be published.

This website uses cookies to improve your experience. We'll assume you're ok with this, but you can opt-out if you wish. Accept Read More