তিনিচুকীয়াৰ উন্নয়ন আয়োগৰ বৈঠকত কঠোৰ উপায়ুক্ত

আঁচনি ৰূপায়ণত গাফিলতি কৰিলে তৎকালে ব্যৱস্থা গ্ৰহণৰ নিৰ্দেশ

0 24

শতাব্দ প্ৰতিনিধি, তিনিচুকীয়া, ৫ ডিচেম্বৰ : তিনিচুকীয়া জিলা উন্নয়ন আয়োগৰ বৈঠকত আজি (৫ ডিচেম্বৰ) উপায়ুক্ত নৰসিং পৱাৰে আঁচনি ৰূপায়ণত গাফিলতি কৰিলে কঠোৰ ব্যৱস্থা গ্ৰহণৰ নিৰ্দেশ দিয়ে। উপায়ুক্তৰ কাৰ্যালয়ৰ সভাকক্ষত উপায়ুক্ত নৰসিং পৱাৰৰ সঞ্চালনাত অনুষ্ঠিত উন্নয়ন আয়োগৰ বৈঠকত পঞ্চায়ত আৰু গ্ৰামোন্নয়ন, বন, কৃষি, পশুপালন, মীন, স্বাস্থ্য, শিক্ষা, পৰিবহণ, লোকনিৰ্মাণ পথ, লোকনিৰ্মাণ গৃহ, জলসম্পদ, জলসিঞ্চন আদি জিলাখনৰ সকলো বিভাগৰ বিষয়া তথা প্ৰতিনিধিসকল উপস্থিত থাকে। উপায়ুক্তই প্ৰধানমন্ত্ৰী আৱাস যোজনা (গ্ৰামীণ), অমৃত সৰোবৰ আচঁনিৰ অগ্ৰগতিৰ লগতে মহাত্মা গান্ধী ৰাষ্ট্ৰীয় গ্ৰামীণ নিয়োগ নিশ্চিতকৰণৰ অগ্ৰগতিৰো বুজ লয়্ প্ৰধানমন্ত্ৰী আৱাস যোজনাৰ (গ্ৰামীণ) অধীনত যোগ্য প্ৰতিজন হিতাধীকাৰিয়ে যাতে সময়মতে গৃহ লাভ কৰিব পাৰে সেয়া নিশ্চিত কৰাৰ লগতে গৃহ নিৰ্মানৰ কামত কোনো ধৰণৰ গাফিলতি হলে কঠোৰ আইনী ব্যৱস্থা লবলৈ খণ্ড উন্নয়ন বিষয়াসকলক উপায়ুক্তই নিৰ্দেশ দিয়ে। আজিৰ বৈঠকত উপায়ুক্তই প্ৰধানমন্ত্ৰী ফচল বীমা যোজনা, প্ৰধানমন্ত্ৰী কিষাণ সন্মান নিধি, ধান ক্ৰয়ৰ অগ্ৰগতি সম্পৰ্কেও বুজ লয়। প্ৰতিটো বিভাগৰ মুৰব্বী বিষয়াসকলক নিৰ্ধাৰিত সময়ৰ ভিতৰত কোনোধৰণৰ বেমেজালি নোহোৱাকৈ আচঁনিসমূহৰ কাম সম্পন্ন কৰিবলৈ উপায়ুক্তই আহ্বান জনায়। আজিৰ বৈঠকত জিলা উন্নয়ন আয়ুক্ত নয়নজ্যোতি ভাগৱতী, জিলা পৰিষদৰ মুখ্য কাৰ্যবাহী বিষয়া মুনিন্দ্ৰ বৰদলৈ, অতিৰিক্ত উপায়ুক্তসকল ক্ৰমে দিপু কুমাৰ ডেকা, পলাশ ৰাজকুমাৰ আহোম, সুশান্ত দত্ত, চৰফ্ৰাজ হক, মনজিৎ বৰকাকতী, মাৰ্ঘেৰিটা মহকুমাৰ মহকুমাধিপতি প্ৰীতি কুমাৰীৰ উপৰি জিলাখনৰ কেওটা ৰাজহ চক্ৰৰ চক্ৰ বিষয়াসকল উপস্থিত থাকে।

মন্তব্য দিয়ক

Your email address will not be published.

This website uses cookies to improve your experience. We'll assume you're ok with this, but you can opt-out if you wish. Accept Read More