তিনিচুকীয়া কলেজত চাৰি বছৰীয়া প্ৰাকস্নাতক কাৰ্য্যক্ৰম সন্দৰ্ভত কৰ্মশালা

0 18

শতাব্দ ষ্টাফ ৰিপৰ্টাৰ, তিনিচুকীয়া, ২৬ মে’ : তিনিচুকীয়া মহাবিদ্যালয়ৰ আভ্যন্তৰীণ মান নিৰূপণ কোষৰ উদ্যোগত মহাবিদ্যালয়ৰ সভাগৃহত ‘Implementation of Four Year Undergraduate Programme (FYUP) as per National Education Policy -20 under Dibrugarh University’ শীৰ্ষক এখন এদিনীয়া কৰ্মশালা অনুষ্ঠিত হৈ যায় ৷ কৰ্মশালাত ৰাষ্ট্ৰীয় শিক্ষা নীতি – ২০ অনুসৰি ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ অধীনৰ চাৰি বছৰীয়া প্ৰাকস্নাতক পৰ্যায়ৰ কাৰ্য্যক্ৰম তথা পাঠ্যক্ৰমত সন্নিৱিষ্ট ব্যাপক সালসলনি সম্পৰ্কত বিশদভাৱে আলোচনা কৰা হয় ৷ এই কৰ্মশালাত আমন্ত্ৰিত সমল‌ ব্যক্তিৰূপে ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ পৰিসংখ্যা বিভাগৰ অধ্যাপক ড° শৰৎ চন্দ্ৰ কাকতি আৰু ৰাজনীতি বিজ্ঞান বিভাগৰ ড° বৰুণ দেই অংশগ্ৰহণ কৰে ৷ কৰ্মশালাত তিনিচুকীয়া মহাবিদ্যালয়ৰ অধ্যাপকসকলৰ উপৰি স্থানীয় ৱিমেনজ্ কলেজ, কমাৰ্চ কলেজ, জনতা মহাবিদ্যালয়, মাকুম মহাবিদ্যালয় আৰু ডুমডুমা মহাবিদ্যালয়ৰ অধ্যাপকসকলে ভাগ লয় ৷ কৰ্মশালাৰ আৰম্ভণিতে তিনিচুকীয়া মহাবিদ্যাল‌য়ৰ অধ্যক্ষ ড° সূৰ্য্য চুতীয়াই আদৰণি ভাষণ আগবঢ়ায় ৷ আগন্তুক শিক্ষাবৰ্ষত কাৰ্য্যকৰী হোৱাকৈ প্ৰস্তুত কৰা এই কাৰ্য্যক্ৰম আৰু তাৰ অন্তৰ্গত পাঠ্যক্ৰমৰ পৰিপ্ৰেক্ষিতত মহাবিদ্যাল‌য়সমূহে সন্মুখীন হ’বলগী‌য়া সুবিধা-অসুবিধাসমূহৰ‌ প্ৰতি লক্ষ্য ৰাখি তিনিচুকীয়া মহাবিদ্যালয়ৰ আভ্যন্তৰীণ মান নিৰূপণ কোষে লোৱা এই সময়োপযোগী উদ্যোগৰ সকলোৱে শলাগ লয় ৷ আভ্যন্তৰীণ মান নিৰূপণ কোষৰ যুটীয়া সমন্বয়ক ময়ূৰী শৰ্মা বৰুৱাই আঁত ধৰা অনুষ্ঠানৰ অন্তত কোষৰ সহকাৰী সমন্বয়ক ড° বিপ্লৱ বণিকে শলাগ জ্ঞাপন কৰে ৷

মন্তব্য দিয়ক

Your email address will not be published.

This website uses cookies to improve your experience. We'll assume you're ok with this, but you can opt-out if you wish. Accept Read More