তিনিচুকীয়া-দুলীয়াজান ঘাইপথ নিৰ্মাণত ব্যাপক দুর্নীতিৰ অভিযোগ

0 31

শতাব্দ ষ্টাফ ৰিপৰ্টাৰ, তিনিচুকীয়া, ১২ মে’ : তিনিচুকীয়া চহৰৰ নপুখুৰী অঞ্চলৰ পৰা দুলীয়াজান অভিমুখী ঘাইপথ নিৰ্মাণত ব্যাপক অনিয়ম আৰু দুর্নীতি সংঘটিত হোৱাৰ অভিযোগ তুলি ইয়াৰ এক তদন্ত কৰি বিহিত ব্যৱস্থা গ্ৰহণৰ বাবে দাবী জনাইছে অসম চাহ জনগোষ্ঠী জাতীয় মহাসভাৰ তিনিচুকীয়া জিলা সমিতিয়ে ৷ এই সন্দৰ্ভত আজি অসম চাহ জনগোষ্ঠী জাতীয় মহাসভাৰ তিনিচুকীয়া জিলা সমিতিৰ তৰফৰ পৰা উপায়ুক্তক এখন স্মাৰক-পত্ৰ প্ৰদান কৰা হয় । অসম চাহ জনগোষ্ঠী জাতীয় মহাসভাৰ তিনিচুকীয়া জিলা সমিতিৰ সভাপতি বাবলু কুলদ্বীপ আৰু সাধাৰণ সম্পাদক ৰবিন কুৰ্মিয়ে ক্ষোভ প্ৰকাশ কৰি কয় যে দীৰ্ঘদিন ধৰি জৰাজীৰ্ণ অৱস্থাত থকা পথটোৰ নিৰ্মাণকাৰ্য্যই ৰাইজক সকাহ দিছিল যদিও বর্তমান নিৰ্মাণৰ ক্ষেত্ৰত বহুকেইটা আসোঁৱাহ প্ৰত্যক্ষ কৰি ৰাইজ চিন্তিত হৈছে ৷ অভিযোগ অনুসৰি পথটোৰ উচ্চতা (ৰ’ড থিকনেছ) ঠায়ে ঠায়ে ১০ এম এমৰ পৰা কিছু ঠাইত ২০ এম এমহে হৈছে যদিও জানিব পৰা মতে পথটোৰ উচ্চতা গড়ে ২৫ এম এম হ’ব লাগিছিল ৷ আনহাতে পথটোৰ দুয়ো কাষে কোনোধৰণৰ মাটি বা গ্ৰেভেল নিদিয়াৰ বাবে বিভিন্ন ঠাইত মৰণফান্দ সদৃশ গাঁতৰ সৃষ্টি হৈছে যাৰবাবে যিকোনো সময়তে উক্ত পথত আকস্মিক দুর্ঘটনা সংঘটিত হোৱাৰ প্ৰবল সম্ভাৱনাই গা কৰি উঠিছে ৷ উক্ত পথেৰে প্ৰায় অনবৰতে অইল ইণ্ডিয়া লিমিটেডৰ প্ৰকাণ্ড প্ৰকাণ্ড গাড়ীসমূহে সমগ্ৰ পথটো দখল কৰি অহাযোৱা কৰে বাবে অন্যান্য যানবাহনৰ চলাচলত গুৰুতৰ সমস্যা সৃষ্টি হোৱাৰ উপৰি মূল পথৰ পৰা আঁতৰি পথৰ কাষত নমাত ক্ষয়ক্ষতি আৰু দুৰ্ঘটনা সংঘটিত হোৱাৰ নজিৰ আছে ৷ ইফালে পথটো পূৰ্বৰ তুলনাত ঠেককৈ নিৰ্মাণ কৰি যানজঁটৰ সমস্যাক নিমন্ত্ৰণ দিয়া হৈছে বুলিও স্মাৰক-পত্ৰত উল্লেখ ৷ ইয়াৰোপৰি পথ নির্মাণত জড়িত শ্ৰমিকৰ সুৰক্ষাৰ কোনো ধৰণৰ ব্যৱস্থা ঠিকাদৰে গ্ৰহন নকৰি শ্ৰমিকৰ জীৱনৰ লগত এক প্ৰকাৰে হেতালি খেলা বুলি স্মাৰক-পত্ৰত অভিযোগ কৰা হয় ৷ সমস্যাৰ গুৰুত্ব বুজি এইক্ষেত্ৰত শীঘ্ৰে বিহিত ব্যৱস্থা গ্ৰহণ কৰিবলৈ অসম চাহ জনগোষ্ঠী জাতীয় মহাসভাৰ তিনিচুকীয়া জিলা সমিতি আৰু দক্ষিণ তিনিচুকীয়া আঞ্চলিক যুৱ সংঘ তৰফৰ পৰা স্মাৰক-পত্ৰত দাবী জনাই ইয়াৰ অন্যথা এই অনিয়মৰ বিৰুদ্ধে আন্দোলনৰ পথ গ্ৰহণ কৰিবলৈ বাধ্য হ’ব বুলি সকীয়াই দিয়া হৈছে ।

মন্তব্য দিয়ক

Your email address will not be published.

This website uses cookies to improve your experience. We'll assume you're ok with this, but you can opt-out if you wish. Accept Read More