তিনিচুকীয়াত অগ্নিকাণ্ড

0 11

শতাব্দ প্ৰতিনিধি, তিনিচুকীয়া, ১৯ নৱেম্বৰ : তিনিচুকীয়া চহৰৰ হিজুগুৰী অঞ্চলত আজি পুৱা সংঘটিত এক বিধ্বংসী অগ্নিকাণ্ডত কেইবাটাও বাসগৃহ ভস্মীভূত হয় ৷ জানিব পৰা মতে হিজুগুৰীস্থ ’আকবৰ দৰবাৰ’ নামৰ হোটেলখনৰ পাছফালে থকা কেইবাটাও ঘৰ আজিৰ অগ্নিকাণ্ডত জাহ যায় ৷ উক্ত ঘৰ সমূহত হোটেলখনৰ কেইবাজনো কৰ্মচাৰীয়ে বাস কৰিছিল ৷ অগ্নিকাণ্ড কিদৰে সংঘটিত হ’ল সেয়া এতিয়াও স্পষ্ট হোৱা নাই ৷ টিনৰ চালিৰ ঘৰবোৰ তৰ্জাবেৰৰ হোৱা বাবে জুইৰ লেলিহান শিখাই মূহূৰ্ততে এইসমূহ আগুৰি ধৰে ৷ ইয়াৰোপৰি এটা ৰন্ধন গেছৰ চিলিণ্ডাৰ বিস্ফোৰিত হোৱাৰ ফলত জুইৰ তীব্ৰতা বৃদ্ধি পায় ৷ অগ্নিনিৰ্বাপক বাহিনীৰ ৪ খন গাড়ীয়ে দীৰ্ঘ সময় চেষ্টা কৰি জুই নিয়ন্ত্ৰণলৈ আনিবলৈ সক্ষম হয় ৷ কিন্তু ইয়াৰ পূৰ্বেই তাত বাস কৰা লোকসকলৰ প্ৰায় সকলো সা-সামগ্ৰী জুয়ে গ্ৰাস কৰে ৷

মন্তব্য দিয়ক

Your email address will not be published.

This website uses cookies to improve your experience. We'll assume you're ok with this, but you can opt-out if you wish. Accept Read More