তিনিচুকীয়াত অবৈধ নিৰ্মাণৰ বিৰুদ্ধে তীব্ৰ অভিযান অব্যাহত ৰখাৰ দাবী আছুৰ

ৰাজনৈতিক হস্তক্ষেপ নচলিব

0 14

 শতাব্দ প্ৰতিনিধি, তিনিচুকীয়া, ২৩ জুন : তিনিচুকীয়া জিলা প্ৰশাসন আৰু পৌৰসভাৰ বেদখল বিৰোধী অভিযানে একাংশক নাৰাজ কৰি তোলাৰ সময়তে অবৈধ নিৰ্মাণৰ বিৰুদ্ধে প্ৰশাসনৰ আৰু পৌৰসভাই অব্যাহত ৰখা অভিযানক আদৰণি জনাইছে তিনিচুকীয়া আঞ্চলিক ছাত্ৰ সন্থাই । কোনো কাৰণতে যাতে এই অভিযান থমকি নৰয় তাক নিশ্চিত কৰাৰ বাবেও প্ৰশাসন আৰু পৌৰসভাক আহ্বান জনাইছে তিনিচুকীয়া আঞ্চলিক ছাত্ৰ সন্থাই । এক বিবৃতিত আঞ্চলিক ছাত্ৰ সন্থাই কয় যে ৰাজ্যৰ অন্যতম বাণিজ্যিক চহৰৰূপে খ্যাতি থকা তিনিচুকীয়াৰ বিশৃংখল তথা কদৰ্য চহৰ হিচাপেও অপবাদ আছে । চহৰখনৰ পৰিকল্পিত উন্নয়নৰ বাবে প্ৰশাসন আৰু পৌৰসভা দায়বদ্ধ । তিনিচুকীয়া চহৰৰ উন্নয়নত বাধা হৈ থিয় দিয়া কাৰকবোৰ চিহ্নিত কৰি এইবোৰৰ সমাধানৰ জৰিয়তে ঐতিহাসিক চহৰখনৰ উন্নয়নৰ গতি তৰান্বিত কৰাৰ বাবে আছুৱে জিলা প্ৰশাসন আৰু পৌৰসভাক আহ্বান জনাইছে । আজি তিনিচুকীয়া আছুৰ এটি দলে পৌৰপতি জয়ন্ত বৰুৱাক সাক্ষাৎ কৰি এখন স্মাৰক-পত্ৰ প্ৰদান কৰে । স্মাৰক-পত্ৰত চহৰখনৰ নলা-নৰ্দমাসমূহ বিজ্ঞানসন্মতভাৱে নির্মাণ কৰি কৃত্রিম বানপানীৰ সমস্যা দূৰ কৰা, পৌৰ এলেকাৰ অবৈধ গৃহ, ব্যৱসায়ীক প্ৰতিষ্ঠানসমূহ চিনাক্ত কৰি শীঘ্ৰে উচ্ছেদৰ ব্যৱস্থা কৰা আৰু এনে দুষ্কাৰ্যত জড়িত দোষীক উপযুক্ত শাক্তি দিয়া, বিশুদ্ধ খোৱাপানীৰ যোগান ধৰা আৰু অসম্পূৰ্ণ পানী যোগান আঁচনিকেইখন কাৰ্য্যক্ষম কৰি তোলা, চহৰৰ পদপথৰ কাষত থকা ফাষ্ট ফুড, শাক-পাচলি, ফল-মূল তথা অন্যান্য সামগ্ৰীৰ ঠেলাসমূহ স্থায়ীভাৱে উচ্ছেদ কৰি যানজঁটৰ সমস্যা দূৰ কৰা, আৱৰ্জনা তথা বৰ্জিত পদাৰ্থসমূহৰ বিজ্ঞানসন্মত নিষ্কাষণৰ ব্যৱস্থা কৰাকে ধৰি কেইবাটাও দাবী উত্থাপন কৰা হয় । ইয়াৰোপৰি পথৰ কাষত ষ্ট্ৰীট লাইটৰ ব্যৱস্থা কৰা, বিকল ষ্ট্ৰীট লাইটসমূহ কার্যক্ষম কৰা, চিচিটিভি কেমেৰা সংস্থাপন কৰা, ঐতিহাসিক তিনিকোণীয়াত পুখুৰীৰ পাৰত ভেণ্ডৰ জ’নৰ পৰিকল্পনা বাতিল কৰিবলৈও স্মাৰক-পত্ৰখনত তিনিচুকীয়া আঞ্চলিক ছাত্ৰ সন্থাই দাবী জনায় । বৃহত্তৰ ৰাজহুৱা স্বাৰ্থ তথা তিনিচুকীয়া চহৰৰ উন্নয়নৰ স্বাৰ্থত গ্ৰহণ কৰা কৰ্মসূচী কোনো ৰাজনৈতিক হস্তক্ষেপত যাতে স্থবিৰ হৈ নপৰে সেয়া নিশ্চিত কৰিবলৈও আছুৱে জিলা প্ৰশাসন আৰু পৌৰসভাক আহ্বান জনাইছে । ইয়াৰ অন্যথা অনাগত দিনত ব্যাপক গণতান্ত্রিক আন্দোলন গঢ়ি তুলিবলৈ বাধ্য হ’ব বুলিও আঞ্চলিক ছাত্ৰ সন্থাই স্পষ্ট কৰি দিয়ে ।

মন্তব্য দিয়ক

Your email address will not be published.

This website uses cookies to improve your experience. We'll assume you're ok with this, but you can opt-out if you wish. Accept Read More