তিনিচুকীয়াত অৱস্থান ধৰ্মঘট কার্যসূচীৰে‍ অজাযুছাপৰ উত্তাল প্ৰতিবাদ

0 10
শতাব্দ প্ৰতিনিধি‍, তিনিচুকীয়া, ১ জুলাইঃ ৰাজ্যৰ বান আৰু খহনীয়া সমস্যাক ৰাষ্ট্ৰীয় সমস্যা হিচাপে ঘোষণা কৰা, শেহতীয়া বানত ক্ষতিগ্ৰস্ত ৰাইজক পুনৰ সংস্থাপন আৰু ক্ষতিপুৰণ প্ৰদানৰ ব্যৱস্থা কৰা, বৃহৎ নদীবান্ধ বন্ধ কৰা আদি দাবীত অসম জাতীয়তাবাদী যুৱ-ছাত্ৰ পৰিষদৰ (অজাযুছাপ) তিনিচুকীয়া জিলা সমিতিয়ে আজি তিনিচুকীয়া চহৰৰ মাজমজিয়াত তিনিঘন্টীয়া অৱস্থান ধৰ্মঘট কাৰ্য্যসূচী ৰূপায়ন কৰি উপায়ুক্তৰ যোগেদি দেশৰ প্ৰধানমন্ত্ৰীলৈ এখন স্মাৰক-পত্ৰ প্ৰেৰণ কৰে। আজিৰ প্ৰতিবাদী কার্যসূচীত উপস্থিত থাকি পৰিষদৰ কেন্দ্ৰীয় সমিতিৰ যুটীয়া সম্পাদক সুৰজিৎ মৰাণ, জিলা সমিতিৰ সভাপতি সোনমনি চলিহা আৰু সাধাৰণ সম্পাদক কাঞ্চন বৰাই কয় যে ভয়াবহ বান সমস্যাত দুৰ্যোগৰ সন্মুখীন হোৱা অসমৰ ৰাইজে মাটিভেঁটি হেৰুৱাবলগীয়াত পৰিছে। অজাযুছাপই বাৰম্বাৰ অসমৰ বানপানী আৰু গৰাখহনীয়া সমস্যাক ৰাষ্ট্ৰীয় সমস্যা হিচাপে স্বীকৃতি দিবলৈ দাবী জনাই অহাৰ পাছতো কেন্দ্ৰীয় চৰকাৰে গুৰুত্ব দিয়া পৰিলক্ষিত হোৱা নাই। অজাযুছাপৰ প্ৰতিবাদকাৰীসকলে কেন্দ্ৰৰ এনে গা এৰা দিয়া মনোভাৱৰ তীব্ৰ সমালোচনা কৰে। আজিৰ প্ৰতিবাদী কার্যসূচীত অজাযুছাপৰ কৰ্মীসকলে ’বানপানী আৰু গৰাখহনীয়া সমস্যাক ৰাষ্ট্ৰীয় সমস্যা হিচাপে স্বীকৃতি দিয়ক, বানত ক্ষতিগ্ৰস্ত ৰাইজৰ পুনৰ সংস্থাপন আৰু ক্ষতিপুৰণৰ ব্যৱস্থা কৰক, বৃহৎ নদীবান্ধ বন্ধ কৰক, কেন্দ্ৰীয় চৰকাৰ হায় হায়’ আদি শ্ল’গান দি পৰিৱেশ উত্তাল কৰি তোলে ।
মন্তব্য দিয়ক

Your email address will not be published.

This website uses cookies to improve your experience. We'll assume you're ok with this, but you can opt-out if you wish. Accept Read More