তিনিচুকীয়াত কেন্দ্ৰীয় বিদ্যালয়ৰ অধ্যক্ষক দুষ্কৃতিকাৰীৰ আক্ৰমণ

0 60

শতাব্দ প্ৰতিনিধি, তিনিচুকীয়া, ১৮ আগষ্ট : তিনিচুকীয়া চহৰৰ নপুখুৰী অঞ্চলত আজি পুৱা দুষ্কৃতিকাৰীৰ আক্ৰমণৰ বলি হয় এজন শিক্ষাগুৰু ৷ নপুখুৰীস্থিত কেন্দ্ৰীয় বিদ্যালয়ৰ অধ্যক্ষ সুৰজিৎ সিঙক আজি পুৱা দুৰ্বৃত্তই গজাল থকা কাঠেৰে আক্ৰমণ কৰাৰ ঘটনাক কেন্দ্ৰ কৰি ইয়াত তীব্ৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে । জানিব পৰা মতে অধ্যক্ষগৰাকীয়ে পুৱা প্ৰাতঃভ্ৰমণ কৰি থাকোতেই কোনো দুৰ্বৃত্তই গজাল থকা কাঠেৰে তেওঁক আকস্মিকভাৱে আক্ৰমণ কৰে ৷ ফলত অধ্যক্ষগৰাকীৰ গাত গজাল সোমাই ৰক্তক্ষৰণ হয় । ঘটনা সন্দৰ্ভত অধ্যক্ষ সিঙে দিয়া এজাহাৰৰ ভিত্তিত তিনিচুকীয়া আৰক্ষীয়ে ভাৰতীয় দণ্ডবিধিৰ ৪৪৫/৩২৪/৫০৬ ধাৰাৰ অধীনত ৭৭২/২২ নম্বৰত এটা গোচৰ ৰুজু কৰি তদন্ত অব্যাহত ৰাখিছে যদিও বাতৰি লিখাৰ সময়লৈকে দুষ্কৃতিকাৰীক আটক কৰিব পৰা নাই ৷ অধ্যক্ষগৰাকী বৰ্তমান চিকিৎসাধীন অৱস্থাত আছে ৷

মন্তব্য দিয়ক

Your email address will not be published.

This website uses cookies to improve your experience. We'll assume you're ok with this, but you can opt-out if you wish. Accept Read More