তিনিচুকীয়াত গা ধুবলৈ গৈ সন্ধানহীন ৰাজু

0 12
শতাব্দ প্ৰতিনিধি‍, তিনিচুকীয়া, ১৯ জুলাই : তিনিচুকীয়া চহৰৰ উপকণ্ঠৰ গেলাপুখুৰীৰ চান্দমাৰী-তৰাজান সংযোগী দলঙত আজি পুৱা গা ধুবলৈ গৈ এজন লোক বাতৰি লিখাৰ পৰলৈকে সন্ধানহীন হৈ থকাৰ ঘটনাক কেন্দ্ৰ কৰি অঞ্চলটোত চাঞ্চল্যৰ সৃষ্টি হৈছে । শুংসূত্ৰহীন হৈ থকা ব্যক্তিজন বাৰেকুৰি থানাৰ অন্তৰ্গত তৰাজান গাওঁ নিবাসী ভোলা প্ৰজাৰ পুত্ৰ ৰাজু প্ৰজা ওৰফে গোবিন্দ (৪০) বুলি প্ৰকাশ । স্থানীয় সূত্ৰে জানিব পৰা মতে ভৰত আৰু বিনয় নামৰ আন দুই যুৱকৰ সৈতে গা ধুবলৈ গৈ সন্ধানহীন হৈ পৰে ৰাজু ওৰফে গোবিন্দ । ইফালে ৰাতিপুৱাই ঘটনাস্থলীত বাৰেকুৰি আৰক্ষী, গেলাপুখুৰী আৰক্ষীৰ লগতে এছ ডি আৰ এফৰ দল উপস্থিত হৈ উদ্ধাৰ অভিযান চলাই যদিও বাতৰি লিখাৰ পৰলৈকে যুৱকজনক উদ্ধাৰ কৰিবলৈ সক্ষম হোৱা নাই ।
মন্তব্য দিয়ক

Your email address will not be published.

This website uses cookies to improve your experience. We'll assume you're ok with this, but you can opt-out if you wish. Accept Read More