তিনিচুকীয়াত গা ধুবলৈ গৈ ২ যুৱকৰ সলিল সমাধি

0 24

শতাব্দ প্ৰতিনিধি, তিনিচুকীয়া, ২০ আগষ্ট : তিনিচুকীয়া চহৰৰ উপকণ্ঠৰ গুইজানৰ কলীয়াপানী ঘাটত গা ধুবলৈ গৈ আজি গভীৰ পানীত ডুব গৈ তিনিচুকীয়াৰ দুই যুৱকে কৰুণভাৱে মৃত্যুক সাৱটিব লগা হোৱাৰ ঘটনাই ইয়াত চাঞ্চল্যৰ সৃষ্টি কৰিছে ৷ জানিব পৰা মতে আজি দিনৰ ভাগত পাঁচ বন্ধুৱে গুইজানৰ সমীপৱৰ্তী মাগুৰি বিলৰ কলীয়াপানী ঘাটত গা ধুবলৈ গৈছিল । বিলখনৰ এটা দ সুঁতি অতিক্ৰম কৰিবলৈ কেওজনে এডাল ৰছী ব্যৱহাৰ কৰিছিল যদিও ৰছীডাল চিঙি পৰাত গভীৰ পানীত ডুব যায় তিনিচুকীয়াৰ দহোতীয়াচুকৰ ৰূপক কলিতাৰ পুত্ৰ মাধুৰ্য কলিতা (২০) আৰু বৰগুৰিৰ বাসিন্দা পূৰ্ণানন্দ গোঁহাইৰ পুত্ৰ ঋষভ গোহাঁই (১৮) । বাকী তিনি সমনীয়াৰ চিঞৰ-বাখৰত ঘটনাস্থলীত স্থানীয় লোক উপস্থিত হৈ গুৰুতৰ অৱস্থাত ঋষভ গোহাঁইক উদ্ধাৰ কৰি গুইজান আৰক্ষীৰ সহযোগত তিনিচুকীয়াৰ অসামৰিক চিকিৎসালয়লৈ প্ৰেৰণ কৰে যদিও চিকিৎসকে যুৱকজনক মৃত ঘোষণা কৰে । আনফালে গুইজান আৰক্ষী আৰু এছ ডি আৰ এফৰ অভিযানত মাধুৰ্য কলিতাৰ মৃতদেহ পাছত উদ্ধাৰ কৰা হয় । স্থানীয় লোকৰ ভাষ্য অনুসৰি আজি দিনৰ ভাগত কলীয়াপানী ঘাটত গা ধুবলৈ যোৱা পাঁচজন যুৱকৰ দুজন পানীৰ গভীৰতালৈ গৈ ডুব যায় ৷ পৰৱৰ্তী সময়ত স্থানীয় ৰাইজৰ তৎপৰতাত এজনক সংকটজনক অৱস্থাত উদ্ধাৰ কৰা হয় আৰু আনজনৰ মৃতদেহ আবেলি গুইজান আৰক্ষীৰ উপস্থিতিত এছডিআৰএফ বাহিনীয়ে অভিযান চলাই উদ্ধাৰ কৰে ৷ জানিব পৰা মতে মৃত ঋষভ গোহাঁই তিনিচুকীয়া মহাবিদ্যালয়ৰ স্নাতক প্ৰথম বৰ্ষৰ ছাত্ৰ আছিল । অন্যহাতে মাধুৰ্য কলিতাই উচ্চতৰ মাধ্যমিক পৰীক্ষা উত্তীৰ্ণ হৈ ৰঙাগড়া পথৰ আদিত্য ডায়গনেষ্টিক এণ্ড হস্পিতেলত কৰ্মৰত হৈ আছিল যুৱক দুজনৰ অকাল মৃত্যুত অঞ্চলজুৰি শোকৰ ছাঁ পৰিছে ।

মন্তব্য দিয়ক

Your email address will not be published.

This website uses cookies to improve your experience. We'll assume you're ok with this, but you can opt-out if you wish. Accept Read More