তিনিচুকীয়াত চৰকাৰৰ সমালোচনাত মুখৰ প্ৰব্ৰজন বিৰোধী মঞ্চৰ আহ্বায়ক উপমন্যু হাজৰিকা

বেদখলকাৰী বাংলাদেশীৰ পক্ষতহে চৰকাৰী নীতি

0 74

শতাব্দ ষ্টাফ ৰিপৰ্টাৰ, তিনিচুকীয়া, ৪ মাৰ্চ : অসম চৰকাৰে উচ্ছেদৰ নামত খিলঞ্জীয়াৰ আৰু বাংলাদেশী বেদখলকাৰীৰ বাবে দুটা পৃথক নীতি গ্ৰহণ কৰাৰ অভিযোগ তুলিছে প্ৰব্ৰজন বিৰোধী মঞ্চৰ আহ্বায়ক তথা উচ্চতম ন্যায়ালয় জ্যেষ্ঠ অধিবক্তা উপমন্যু হাজৰিকাই ৷ আজি তিনিচুকীয়াত অনুষ্ঠিত এক সংবাদমেলত তেওঁ কয় শিলসাঁকোৰ উচ্ছেদে স্পষ্ট কৰিলে যে ড° হিমন্ত বিশ্ব শৰ্মা নেতৃত্বাধীন চৰকাৰৰ উচ্ছেদতো খিলঞ্জীয়াৰ বাবে এটা আৰু বাংলাদেশী বেদখলকাৰীৰ বাবে আন এটা নীতি আছে ৷ দীৰ্ঘদিন ধৰি বসবাস কৰা খিলঞ্জীয়া ৰাইজক ক্ষতিপূৰণ বা বিকল্প ভূমি আবণ্টনৰ ক’তো কোনোধৰণৰ উল্লেখ নাই ৷ আনহাতে বাংলাদেশী বেদখলকাৰীক ক্ষতিপূৰণ, সংস্থাপন ইত্যাদি সকলো সুবিধা প্ৰদান কৰা হৈছে ৷ আনকি মিছন বসুন্ধৰা 2.0ৰ জৰিয়তে ২০১১ চনলৈকে অহা বাংলাদেশী বেদখলকাৰীক ১৪ লাখ পিজিআৰ, ভিজিআৰ ভূমিত সংস্থাপনৰ প্ৰস্তুতি চলাইছে ৷ যি খিলঞ্জীয়াৰ বাবে সংৰক্ষণ অসম চুক্তিৰ ছয় নম্বৰ দফাত কাৰ্যকৰী কৰিবলৈ লিপিবদ্ধ আছে, ২০২০ চনত ছয় নম্বৰ দফা সমিতিৰ প্ৰতিবেদন আছে আৰু বিভিন্ন সময়ত স্বয়ং ড° হিমন্ত বিশ্ব শৰ্মা আৰু বিভিন্ন বিজেপি নেতাৰ পৰা এই প্ৰতিবেদন কাৰ্যকৰী কৰাৰ প্ৰতিশ্ৰুতি দিয়া হৈছে সেই সকলোবোৰ নস্যাৎ কৰিছে বৰ্তমান বিজেপি চৰকাৰৰ উচ্ছেদ আৰু ভূমি নীতিয়ে ৷ উল্লেখ্য যে বেদখলকাৰী বাংলাদেশীয়ে আদালতত গোচৰ তৰিলে চৰকাৰে সংস্থাপন দিয়াৰ প্ৰতিশ্ৰুতিৰ ভিত্তিত তেওঁলোকক সংস্থাপন আৰু ভূমি আবন্টনৰ নিৰ্দেশ দিয়ে ৷ ড° হিমন্ত বিশ্ব শৰ্মা চৰকাৰে প্ৰথম উচ্ছেদ অভিযান চলাইছিলে ছিপাঝাৰৰ গৰুখুটিত য’ত পিজিআৰ, ভিজিআৰ ভূমি বেদখলকাৰী সাতশ পৰিয়ালক ইতিমধ্যে সংস্থাপনৰ ব্যৱস্থা কৰিলে ৷ এই তথ্য প্ৰকাশ পাই উচ্চতম ন্যায়ালয়ৰ যোৱা ২৪ জানুৱাৰীৰ ৰায়দানত ৷ এই ৰায়দানত উল্লেখ কৰা হয় চৰকাৰী পক্ষৰ প্ৰতিশ্ৰুতি যে গৰুখুটিৰ সাতশ পৰিয়ালৰ ছশ পৰিয়ালক চৰকাৰে ভূমি আবন্টন কৰি সংস্থাপন কৰিছে ৷ সেইকাৰণে উচ্চতম ন্যায়ালয়ে বাকী এশ পৰিয়ালক সংস্থাপনৰ নিৰ্দেশ দিলে ৷ প্ৰব্ৰজন বিৰোধী মঞ্চৰ আহ্বায়ক হাজৰিকাই কয় যে চৰকাৰে সংস্থাপনৰ দাবী বিৰোধ কৰিব লাগিছিল ৷ কিয়নো আইনগতভাৱে বেদখলকাৰী অপৰাধী আৰু সংস্থাপন দিয়া কোনো আইনী নীতি-নিয়ম নাই ৷ গুৰুত্বপূৰ্ণ কথা যে গৰুখুটিত বসবাস কৰা ৬০ শতাংশ লোকৰ নাম এন আৰ চিত নাই ৷ য’ত নেকি বৰ্তমানৰ এন আৰ চিখন অশুদ্ধ আৰু হয়তো পুনৰীক্ষণ কৰিলে কোনো বেদখলকাৰীৰ নামেই নাহিব, যদিও চৰকাৰ এই বিষয়ত অৱগত কিন্তু উচ্চতম ন্যায়ালয়ক অৱগত কৰা নহ’ল ৷ মুঠৰ ওপৰত বেদখলকাৰী বাংলাদেশী প্ৰায়ভাগ নাগৰিক নোহোৱা স্বত্তেও অসমৰ নাগৰিকৰ অধিকাৰ উপভোগ কৰি আছে বুলি তেওঁ উল্লেখ কৰে ৷ আনফালে গুৱাহাটীস্থিত শিলসাঁ‌কোত বসবাস কৰা খিলঞ্জীয়া লোকসকলক কোনো আগজাননী নিদিয়াকৈ বহু দশক ধৰি বসবাস কৰা লোকৰ আটোমটোকাৰীকৈ বনোৱা সপোনৰ ঘৰখন একেদিনাই ধ্বংস কৰি পেলোৱা হৈছে ৷ যিসময়ত তেওঁলোকে চৰকাৰী সা-সুবিধা উপভোগ কৰি আছিল ৷ আনকি গুৱাহাটী পৌৰনিগমৰ কৰ ভৰি আছিল ৷ মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাই খিলঞ্জীয়া আৰু বাংলাদেশীৰ মাজত কোনো পাৰ্থক্যই নাৰাখিলে, বৰঞ্চ চৰকাৰী নীতি বাংলাদেশীৰ পক্ষতহে ৰ’ল বুলি উপমন্যু হাজৰিকাই আক্ষেপ কৰে ৷ মিছন বসুন্ধৰা 2.0 অনুসৰি অসমৰ ১৪ লাখ পিজিআৰ, ভিজিআৰ ভূমি আবন্টন দিয়া হব অবৈধ বাংলাদেশী বেদখলকাৰীক ৷ তেওঁলোকে কেৱল ২০১১ চনৰ পূৰ্বে বসবাস কৰা চৰকাৰী নথি, যেনে বেদখলকাৰী জৰিমনা ৰচিদ, শৰণাৰ্থীৰ প্ৰমাণ পত্ৰ, গড়াখহনীয়াত পীড়িত প্ৰমাণ পত্ৰ ইত্যাদি প্ৰদৰ্শন কৰিলেই হ’ল৷ মুখ্যমন্ত্ৰীয়ে ডিচেম্বৰ মাহত হোৱা বিধানসভা অধিবেশনত সদনৰ মজিয়াত প্ৰতিশ্ৰুতি দিয়ে যে সকলো বেদখলকাৰীকে সংস্থাপন দিয়া হব ৷ কিন্তু নামনি অসমত যি হাৰত জনসংখ্যা বৃদ্ধি হৈছে এই মাটি সকলোকে দিব নোৱাৰিব ৷ কিয়নো জনসংখ্যা অনুপাতে আবন্টন কৰা ভূমি কম পৰিব। সকলোৱে অৱগত যে খিলঞ্জীয়া পৰিয়ালৰ তুলনাত বাংলাদেশী পৰিয়ালৰ সদস্য সংখ্যা অধিক ৷ যদিহে এন আৰ চি পুনৰীক্ষণ চৰকাৰে নকৰে তেন্তে খিলঞ্জীয়া ২০৪০ত সংখ্যালঘু হোৱাৰ পূৰ্বে ভূমি, সম্পদ, চাকৰি, সংৰক্ষণেই বাছি থকাৰ একমাত্ৰ উপায় ৷ কিন্তু তেনে অৱস্থাত যি নীতি ড° হিমন্ত বিশ্ব শৰ্মা চৰকাৰে লৈছে তেনে নীতিয়ে খিলঞ্জীয়াক ২০৪০ৰ পূৰ্বেই সংখ্যালঘু কৰিব বুলি প্ৰব্ৰজন বিৰোধী মঞ্চৰ আহ্বায়ক তথা উচ্চতম ন্যায়ালয় জ্যেষ্ঠ অধিবক্তা উপমন্যু হাজৰিকাই আশংকা প্ৰকাশ কৰে ৷

মন্তব্য দিয়ক

Your email address will not be published.

This website uses cookies to improve your experience. We'll assume you're ok with this, but you can opt-out if you wish. Accept Read More