তিনিচুকীয়াত ছ্যুকাফাৰ পূৰ্ণাংগ প্ৰতিমূৰ্ত্তি উন্মোচন

0 86

শতাব্দ ষ্টাফ ৰিপৰ্টাৰ, তিনিচুকীয়া, ২৯ ডিচেম্বৰ : তিনিচুকীয়াৰ শ্ৰীপুৰীয়াস্থিত (ছ্যুকাফা নগৰ) তাই সংস্কৃতি চর্চা কেন্দ্রৰ প্ৰাংগণত বুধবাৰৰ পৰা দুদিনীয়াকৈ আয়োজন কৰা তাই সংস্কৃতি চর্চা কেন্দ্ৰৰ পূর্ণাংগ অধিৱেশন আৰু তাই সাংস্কৃতিক সমাৰোহৰ লগত সংগতি ৰাখি আজি চাওল্যুং ছ্যুকাফাৰ এটি প্ৰতিমূৰ্ত্তি উন্মোচন কৰে ৰাজ্যৰ শিক্ষামন্ত্ৰী ডাঃ ৰনোজ পেগুয়ে ৷ IMG 20221229 WA0067ভাষণত মন্ত্ৰী পেগুৱে কয় যে ৰাজ্যৰ লগতে অসমৰ বাহিৰতো বীৰ লাচিত বৰফুকনৰ ৪০০ বছৰীয়া জন্ম জয়ন্তী উদযাপনৰ সময়ত তাই সংস্কৃতি চৰ্চা কেন্দ্ৰই নিজ পুঁজিৰে চাওল্যুং ছ্যুকাফাৰ প্ৰতিমূৰ্ত্তি নিৰ্মাণ কৰি এক আদৰ্শ দাঙি ধৰিছে ৷ তাই সংস্কৃতি চৰ্চা কেন্দ্ৰই কৃষ্টি-সংস্কৃতি ধৰি ৰাখিবলৈ সক্ষম বুলি উল্লেখ কৰি তেওঁ উদ্যোক্তাসকলক ধন্যবাদ জ্ঞাপন কৰে ৷ তেওঁ লগতে কয় যে ছাত্ৰ-ছাত্ৰীসকলে যাতে মহান বীৰসকলক জানিব পাৰে তাৰ উদ্দেশ্যেৰে স্বদেশ নামৰ এক পাঠ্যক্ৰম ইতিমধ্যে আৰম্ভ কৰা হৈছে ৷ আগন্তুক দিনসমূহত মৰাণ, মটককে আদি কৰি সকলো জনগোষ্ঠীয় বীৰসকলৰ বিষয়ে যুৱ প্ৰজন্মই যাতে অধ্যয়নৰ সুযোগ লাভ কৰিব পাৰে সেই উদ্দেশ্যেৰে ভূগোল আৰু বুৰঞ্জী বাধ্যতামূলক কৰা হ’ব বুলি মন্ত্ৰী পেগুৱে কয় ৷ ইয়াৰ পাছত তাই সংস্কৃতি চৰ্চা কেন্দ্ৰৰ সভাপতি মনোজ কুমাৰ বৰাৰ পৌৰোহিত্যত অনুষ্ঠিত সভাত একাধিক গণ্যমান্য ব্যক্তিৰ উপস্থিতিত মন্ত্ৰীগৰাকীয়ে অনুষ্ঠানৰ লগত সংগতি ৰাখি প্ৰস্তুত কৰা টিংৰাই নামেৰে এখন স্মৃতিগ্ৰন্থ উন্মোচন কৰে ৷ ইফালে, কালি প্ৰথমদিনৰ কায্যসূচীত কালি ৪২ জন আহোম স্বৰ্গদেউৰ লগতে তাই সংস্কৃতি চৰ্চা কেন্দ্ৰৰ ডামসকলৰ নামত বৃ্ক্ষৰোপন অনুষ্ঠানত উপস্থিত আছিল পদ্মশ্ৰী, অৰণ্য মানৱ যাদৱ পায়েঙে আৰু তাই সকলৰ ধৰ্মীয় পূজাগৃহ চাও চেং ৰেণ উন্মোচন কৰে ৰাজহ মন্ত্ৰী যোগেন মহনে ৷ নিশা কেইবাজনো স্বনামধন্য সংগীত শিল্পীৰ অংশগ্ৰহণেৰে সাংস্কৃতিক অনুষ্ঠানৰ জৰিয়তে দুদিনীয়া কাৰ্য্যসূচীৰ সামৰণি মৰা হ’ব ৷

মন্তব্য দিয়ক

Your email address will not be published.

This website uses cookies to improve your experience. We'll assume you're ok with this, but you can opt-out if you wish. Accept Read More