তিনিচুকীয়াত ডেম্পৰ পৰা ওলাল বস্তাই বস্তাই গুলীৰ খালী কাৰ্টিজ : সজীৱ গুলীও জব্দ

0 23

শতাব্দ প্ৰতিনিধি, তিনিচুকীয়া, ১১ আগষ্ট : স্বাধীনতা দিৱসৰ প্ৰাকমুহূৰ্তত আলফাই (স্বা) সংঘটিত কৰিব পৰা যিকোনো কূটাঘাতমূলক কাৰ্য্য প্ৰতিৰোধ কৰাৰ বাবে তিনিচুকীয়া আৰক্ষীয়ে নিৰাপত্তা ব্যৱস্থা কঠোৰ কৰি তোলাৰ সময়তে আজি চহৰখনৰ নপুখুৰীৰ এটা ডেম্পৰ পৰা আৰক্ষীয়ে জব্দ কৰে ১৯ বস্তা খালী গুলীৰ কাৰ্টিজ ৷ তিনিচুকীয়াৰ উপ-আৰক্ষী অধীক্ষক হিৰণ্য কুমাৰ বৰাৰ নেতৃত্বত চলা এই অভিযানত আৰক্ষীয়ে বীৰেন্দ্ৰ শ্বাহ ওৰফে টি আই নামৰ লোকজনৰ ডেম্পটোৰ পৰা উক্ত বৃহৎ পৰিমাণৰ গুলীৰ কাৰ্টিজসমূহ জব্দ কৰিবলৈ সক্ষম হয় ৷ তাৎপৰ্যপূৰ্ণ কথা যে খালী কাৰ্টিজৰ মাজতে ওলাইছে কেইবাজাইও সজীৱ গুলী ৷ ডেম্পটোৰ মালিক শ্বাহে খালী কাৰ্টিজসমূহ সেনাবাহিনীৰ পৰা নিলামত ক্ৰয় কৰা বুলি ব্যক্ত কৰিছে যদিও কোনো নথিপত্ৰ প্ৰদৰ্শন কৰাত ব্যৰ্থ হয় ৷ ইফালে শ্বাহৰ বক্তব্য আৰক্ষীয়ে মানি ল’ব পৰা নাই কিয়নো জব্দ কৰা কাৰ্টিজসমূহৰ ভিতৰত এনে মাৰণাস্ত্ৰৰ কাৰ্টিজো আছে যি মাৰণাস্ত্ৰ সেনাবাহিনীয়ে ব্যৱহাৰ নকৰে ৷ ইয়াৰোপৰি ডেম্পটোৰ পৰা বুজন পৰিমাণৰ অইলৰ সামগ্ৰী, পাইপ, তাঁৰ, তামৰ সামগ্ৰী, দুচকীয়া বাহন আদি উদ্ধাৰ হয় যিবোৰ চুৰি বুলি সন্দেহ কৰা হৈছে ৷ আৰক্ষীয়ে আপত্তিজনক সামগ্ৰীসমূহ জব্দ কৰাৰ লগতে ডেম্পৰ গৰাকী বীৰেন্দ্ৰ শ্বাহক ভাৰতীয় দণ্ডবিধি আইনৰ কেইবাটাও ধাৰাত গ্ৰেপ্তাৰ কৰিছে ৷ উল্লেখ্য যে তিনিচুকীয়া চহৰৰ অলিয়ে-গলিয়ে গঢ় লৈ উঠা অধিকাংশ ডেম্পৰ মালিকে চুৰি সামগ্ৰী ক্ৰয় কৰি চুৰিকাৰ্য্যত হাত উজান দি আহিছে ৷ চহৰখনৰ গৰিষ্ঠসংখ্যক ডেম্পেই চলি আছে নীতি-বৰ্হিভূতভাৱে ৷

মন্তব্য দিয়ক

Your email address will not be published.

This website uses cookies to improve your experience. We'll assume you're ok with this, but you can opt-out if you wish. Accept Read More