তিনিচুকীয়াত তাই সংস্কৃতি চৰ্চা কেন্দ্ৰৰ পূৰ্ণাংগ অধিৱেশন

তাই সাংস্কৃতিক সমাৰোহত পদ্মশ্ৰী যাদৱ পায়েং

0 20

শতাব্দ ষ্টাফ ৰিপৰ্টাৰ, তিনিচুকীয়া, ২৮ ডিচেম্বৰ : তিনিচুকীয়া জিলাৰ শ্ৰীপুৰীয়াস্থিত তাই সংস্কৃতি চৰ্চা কেন্দ্ৰৰ পূৰ্ণাংগ অধিৱেশন আৰু তাই সাংস্কৃতিক সমাৰোহ উপলক্ষে আজি পৰিৱেশ সুৰক্ষা সমিতিৰ উদ্যোগত ভাষাৰ ওজা হেমচন্দ্ৰ বৰুৱা সোঁৱৰণি বৰ্ষজোৰা গছপুলি ৰোপণ, বিতৰণ আৰু প্ৰতিপালন কাৰ্য্যসূচীৰ অন্তৰ্গত গছপুলি ৰোপণ আৰু বিতৰণ কাৰ্য্যসূচী ৰূপায়ণ কৰা হয় ৷ গছপুলি ৰোপণ কাৰ্য্যসূচীৰ শুভাৰম্ভ কৰে পদ্মশ্ৰী যাদৱ পায়েং আৰু পৰিৱেশ সুৰক্ষা সমিতিৰ কেন্দ্ৰীয় সভাপতি ঋতুৰাজ বৰুৱাই। গছপুলি ৰোপণ শুভাৰম্ভ কৰি পদ্মশ্ৰী যাদৱ পায়েঙে গোলকীয় উষ্ণতা বৃদ্ধিৰ বিষয়টো গুৰুত্ব সহকাৰে লৈ ৰাইজক গছপুলি ৰোপণ কৰিবলৈ আহ্বান জনায় ৷ কাৰ্য্যসূচী অনুসৰি প্ৰথমে পতাকা উত্তোলন কৰে তাই সংস্কৃতি চৰ্চা কেন্দ্ৰৰ সভাপতি মনোজ বৰাই ৷ সহযোগিতা আগবঢ়াই তাই সংস্কৃতি চৰ্চা কেন্দ্ৰৰ পূৰ্ণাংগ অধিৱেশন আৰু তাই সাংস্কৃতিক সমাৰোহৰ সভাপতি নকুল কোঁৱৰে ৷ মৈদাম তৰ্পণ কৰে তাই সংস্কৃতি চৰ্চা কেন্দ্ৰৰ সম্পাদক প্ৰাঞ্জল ৰাজকোঁৱৰ আৰু উদযাপন সমিতিৰ সম্পাদক পুলক গগৈয়ে ৷ গছপুলি ৰোপণ কাৰ্য্যসূচীৰ পাছতে পদ্মশ্ৰী যাদৱ পায়েং আৰু পৰিৱেশ কৰ্মী ঋতুৰাজ বৰুৱাক তাই সংস্কৃতি চর্চা কেন্দ্ৰৰ ফালৰ পৰা এখন তাই ফাচী, এটা ফাৰো, স্বর্গদেও চাওলুং ছ্যুকাফাৰ এখন সোণালী প্ৰতিচ্ছবি আৰু এখন পত্ৰৰে সম্বৰ্ধনা জনোৱা হয় ৷ আজিৰ কাৰ্য্যসূচীত পৰিৱেশ সুৰক্ষা সমিতিৰ কেন্দ্ৰীয় উপ-সভাপতি দিগন্ত ভট্ট, সাংস্কৃতিক মুখ্য সম্পাদক জিন্টু শইকীয়া, কেন্দ্ৰীয় সদস্য অপূৰ্ব দাস, জিলা উপ-সভাপতি জীৱন দত্ত, জিলা সম্পাদক ৰাজীৱ গগৈ, জিলা সহকাৰী সম্পাদক ডিব্ৰু গগৈ, জিলা প্ৰতিপালন সম্পাদক ৰাজু বৰ্মন উপস্থিত থাকে ৷

মন্তব্য দিয়ক

Your email address will not be published.

This website uses cookies to improve your experience. We'll assume you're ok with this, but you can opt-out if you wish. Accept Read More