তিনিচুকীয়াত পুনৰ ভয়ংকৰ পথ দুৰ্ঘটনা

নিৰ্বিকাৰ ট্ৰেফিক পুলিচ

0 33
শতাব্দ প্ৰতিনিধি, তিনিচুকীয়া, ১৮ মে’ : তিনিচুকীয়া চহৰৰ হিজুগুৰী এলেকাৰ উৰণীয়া সেঁতুৰ সমীপত আজি পুনৰ সংঘটিত হয় এক ভয়ংকৰ পথ দুৰ্ঘটনা । জানিব পৰা মতে ৰে’লৱে গুডছ্ য়াৰ্ডৰ পৰা সামগ্ৰী কঢ়িয়াই অনা এ এছ ০১ ইউ ৮৫৯৫ নম্বৰৰ এখন ট্ৰাকে এজন পথচাৰীক মহটিয়াই নিয়ে । দুৰ্ঘটনাৰ পাছত উক্ত স্থানত উপস্থিত হোৱা হিজুগুৰী আৰক্ষীয়ে গুৰুতৰভাৱে আঘাতপ্ৰাপ্ত ব্যক্তিজনক অসামৰিক চিকিৎসালয়লৈ প্ৰেৰণ কৰে । ইফালে দূৰ্ঘটনা সংঘটিত কৰিয়েই ট্ৰাক এৰি পলায়ন কৰে চালকজনে । দুৰ্ঘটনাত আঘাতপ্ৰাপ্ত ব্যক্তিজন হিজুগুৰীৰ মা কালি হোটেলৰ কৰ্মচাৰী বুলি স্থানীয় ৰাইজে জানিবলৈ দিয়ে যদিও সম্পূৰ্ণ পৰিচয় লাভ কৰিব পৰা হোৱা নাই । স্থানীয় ৰাইজে অভিযোগ কৰা মতে ৰে’লৱে গুডছ্ য়াৰ্ডৰ পৰা বিভিন্ন গুদামলৈ সামগ্ৰী কঢ়িয়াই অনা ট্ৰাকৰ চালকসকলে হেণ্ডিমেন অবিহনে অত্যাধিক বোজাই কৰি ট্ৰাক চলোৱাৰ কাৰণে একে স্থানতে বাৰম্বাৰ ইটোৰ পাছত সিটো পথ দুৰ্ঘটনা সংঘটিত হৈ আহিছে । কিন্তু ইয়াৰ পাছতো নিৰ্বিকাৰ ভূমিকা গ্ৰহণ কৰি অহা তিনিচুকীয়াৰ যানবাহন আৰক্ষীয়ে ব্যৱস্থা গ্ৰহণ কৰাৰ পৰিৱৰ্তে দুৰ্ঘটনাৰ সমস্ত দোষ জনসাধাৰণৰ ওপৰত জাপি দি দায়িত্ব এৰাই চলাৰ অপচেষ্টা কৰা বুলি ৰাইজৰ অভিযোগত প্ৰকাশ ।
মন্তব্য দিয়ক

Your email address will not be published.

This website uses cookies to improve your experience. We'll assume you're ok with this, but you can opt-out if you wish. Accept Read More