তিনিচুকীয়াত পুষ্পক কাৰ ৰেলীত হিন্দী বোলছবি জগতৰ জনপ্ৰিয় অভিনেতা আশ্ৰানী

0 23
 শতাব্দ ষ্টাফ ৰিপৰ্টাৰ, তিনিচুকীয়া, ৯ জানুৱাৰী : অসম মটৰ স্পৰ্টছ ক্লাবৰ উদ্যোগত দেওবাৰে তিনিচুকীয়াত অনুষ্ঠিত হয় পুষ্পক কাৰ ৰেলী ২০২৩ ৷ মুঠ ৮০ টা দলে অংশগ্ৰহণ কৰা এই ৰেলীৰ তিনিচুকীয়া চহৰৰ চলিহা নগৰ খেলপথাৰৰ পৰা পুৱা ফ্লেগ অফ কৰি শুভাৰম্ভ কৰে দিনজান সেনা চাউনিৰ জি অ’ চি অনুৰাগ সিং ৰাৱত, তিনিচুকীয়াৰ উপায়ুক্ত নৰসিং পৱাৰ, আৰক্ষী অধীক্ষক অভিজিত গৌৰৱ, অতিৰিক্ত উপায়ুক্ত মনজিৎ বৰকাকতিকে ধৰি একাধিক বিশিষ্ট ব্যক্তিয়ে৷ ৰেলীত অংশগ্ৰহণকাৰীসকলে সমগ্ৰ দিনটো নিৰ্ধাৰিত পথৰে ভ্ৰমণ কৰি পুনৰ চলিহা নগৰ খেলপথাৰত উপস্থিত হোৱাৰ পাছত নিশালৈ উক্ত স্থানতে বঁটা বিতৰণী অনুষ্ঠানৰ আয়োজন কৰা হয় ৷ উল্লেখ্য, পুষ্পক কাৰ ৰেলীৰ বঁটা বিতৰণী অনুষ্ঠানৰ প্ৰধান আকৰ্ষণৰূপে উপস্থিত থাকে হিন্দী বোলছবি জগতৰ জনপ্ৰিয় অভিনেতা আশ্ৰানী ৷ প্ৰায় ৩৫০ খনতকৈও অধিক হিন্দী চিনেমাত অভিনয় কৰা প্ৰবীন শিল্পীজনৰ উপস্থিতিয়ে অংশগ্ৰহণকাৰীসকলৰ লগতে উপস্থিত ৰাইজৰ মাজত যথেষ্ট উৎসাহ আৰু মনোৰঞ্জনৰ সৃষ্টি কৰে ৷ প্ৰখ্যাত কৌতুক অভিনেতাজনে অনুষ্ঠানত বিজয়ীসকলক বঁটা প্ৰদান কৰাৰ লগতে নিজৰ জনপ্ৰিয় সংলাপ আৰু ভাষণেৰে উপস্থিত ৰাইজক দীৰ্ঘ সময়ৰ বাবে মন্ত্ৰমুগ্ধ কৰি ৰাখে ৷ জনপ্ৰিয়তা লাভৰ পূৰ্বে বহু বছৰৰ আগতে তিনিচুকীয়াত দীঘলীয়া সময় পাৰ কৰি যোৱাৰ স্মৃতি ৰোমন্থন কৰি তেওঁ নিজৰ কৰ্মজীৱন একপ্ৰকাৰে তিনিচুকীয়াৰ পৰাই আৰম্ভ হোৱা বুলি ব্যক্ত কৰি পুনৰ সুদীৰ্ঘ সময়ৰ অন্তত তিনিচুকীয়ালৈ আহিবলৈ পাই সুখী অনুভৱ কৰা বুলি কয়৷ ইয়াৰ বাবে তেওঁ পুষ্পক কাৰ ৰেলীৰ আয়োজকসকলৰ লগতে তিনিচুকীয়াবাসীক ধন্যবাদ জ্ঞাপন কৰে ৷ বলীউডৰ বিখ্যাত শিল্পীজনে অসমৰ মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাক প্ৰশংসা কৰি মুখ্যমন্ত্ৰীয়ে অসমখনৰ উন্নয়নৰ বাবে যথেষ্ট ভাল কাম কৰি আছে বুলি উল্লেখ কৰে ৷ বঁটা বিতৰণী অনুষ্ঠানত হিন্দী বোলছবি জগতৰ অভিনেতাজনৰ উপৰি কেন্দ্ৰীয় মন্ত্ৰী ৰামেশ্বৰ তেলীৰ লগতে আন কেইবাজনো গণ্যমান্য ব্যক্তি উপস্থিত থাকে । পুষ্পক কাৰ ৰেলীত বিভিন্ন শাখাত বিজয়ী ১৩ টা দলক বঁটা প্ৰদান কৰা হয় ৷
মন্তব্য দিয়ক

Your email address will not be published.

This website uses cookies to improve your experience. We'll assume you're ok with this, but you can opt-out if you wish. Accept Read More