ছাইন ইন / যোগদান
ছাইন ইন
পাছৱৰ্ড ৰিক’ভাৰ কৰক.
A password will be e-mailed to you.
শতাব্দ প্ৰতিনিধি, তিনিচুকীয়া, ৩১ মে’ : দেশৰ স্বাধীনতাৰ ৭৫ বছৰ উপলক্ষে উদযাপিত ’আজাদী কা অমৃত মহোৎসৱ’ৰ লগত সংগতি ৰাখি প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে প্ৰধানমন্ত্ৰী আৱাস যোজনা আৰু কেন্দ্রীয় চৰকাৰৰ অন্যান্য জনকল্যাণমূলক আঁচনিৰ হিতাধিকাৰীসকলৰ সৈতে ভাৰ্চুৱেল মাধ্যমেৰে কৰা বাৰ্তালাপ অনুষ্ঠানত আজি তিনিচুকীয়া জিলাৰ বিভিন্ন আঁচনিৰ যথেষ্ট সংখ্যক হিতাধিকাৰীয়ে অংশগ্ৰহণ কৰে । তিনিচুকীয়া উন্নয়ন প্ৰাধিকৰণৰ সাংস্কৃতিক কেন্দ্রৰ সভাগৃহত দেশৰ প্ৰধানমন্ত্ৰীৰ ভাষণ আৰু বিভিন্ন ৰাজ্যৰ চৰকাৰী আঁচনিৰ হিতাধিকাৰীসকলৰ সৈতে ভাৰ্চুৱেল মাধ্যমেৰে কৰা মত বিনিময় অনুষ্ঠানৰ পোনপটীয়া সম্প্ৰচাৰৰ ব্যৱস্থা কৰা হয় । এই পোনপটীয়া সম্প্ৰচাৰ অনুষ্ঠানত মুখ্য অতিথি হিচাপে উপস্থিত থাকে তিনিচুকীয়াৰ বিধায়ক তথা শ্ৰম আৰু চাহ জনজাতি কল্যাণ দপ্তৰৰ মন্ত্ৰী সঞ্জয় কিষাণ । কাৰ্যসূচীৰ আৰম্ভণিতে জিলা পৰিষদৰ মুখ্য কাৰ্যবাহী বিষয়া মুনীন্দ্ৰ বৰদলৈয়ে আদৰণি ভাষণ প্ৰদান কৰি জিলাখনত বৰ্তমান ৰূপায়ন হৈ থকা বিভিন্ন কেন্দ্রীয় তথা ৰাজ্য চৰকাৰৰ আঁচনিসমূহৰ অগ্ৰগতিৰ বিষয়ে বিতংকৈ উল্লেখ কৰে । ইয়াৰ পাছতে উপায়ুক্ত নৰসিং পৱাৰে ভাষণ প্ৰদান কৰি উপস্থিত হিতাধিকাৰীসকলক বিভিন্ন চৰকাৰী জনকল্যাণমূলক আঁচনিৰ বিষয়ে সজাগ হবলৈ আহ্বান জনায় । ইয়াৰ লগতে সমগ্ৰ জিলাতে চৰকাৰী আঁচনিৰ সফল ৰূপায়নৰ বাবে সংশ্লিষ্ট বিভাগসমূহৰ উপৰি জিলা প্ৰশাসন উভয়ে বদ্ধপৰিকৰ বুলি উল্লেখ কৰে । কোনো কাৰণতে চৰকাৰী আঁচনিৰ সফল ৰূপায়নত দুৰ্নীতিক প্ৰশ্ৰয় দিয়া নহ’ব বুলিও উপায়ুক্তই উল্লেখ কৰে । আনহাতে অনুষ্ঠানৰ মুখ্য অতিথি মন্ত্ৰী সঞ্জয় কিষাণে চৰকাৰী আঁচনিসমূহৰ সফল ৰূপায়নৰ বাবে হিতাধিকাৰীসকল সজাগ হোৱাটো নিত্যান্তই প্ৰয়োজনীয় বুলি কয় । জিলা প্ৰশাসনৰ লগতে সংশ্লিষ্ট বিভাগসমূহক প্ৰতিটো চৰকাৰী আঁচনিৰ নিকা তথা সফল ৰূপায়ন সুনিশ্চিত কৰিবলৈ তেওঁ আহ্বান জনায় । অনুষ্ঠানত মন্ত্ৰী কিষাণে তিনিগৰাকী হিতাধিকাৰীক প্ৰধানমন্ত্ৰী আৱাস যোজনাৰ আৱন্টন পত্ৰ প্ৰদান কৰে । আজিৰ অনুষ্ঠানত জিলা প্ৰশাসনৰ উচ্চ পদস্থ বিষয়াবৰ্গৰ লগতে বিভিন্ন বিভাগৰ মুৰব্বী বিষয়া আৰু ভালেসংখ্যক বিশিষ্ট ব্যক্তি উপস্থিত থাকে ।