তিনিচুকীয়াত বিদ্যালয় বৰ্হিভূত শিশুৰ তথ্য সংগ্ৰহৰ বাবে গুৰুত্বপূৰ্ণ সভা

0 17

শতাব্দ প্ৰতিনিধি, তিনিচুকীয়া, ২৯ নৱেম্বৰ : সমগ্ৰ শিক্ষা, তিনিচুকীয়াৰ উদ্যোগত বিদ্যালয় বৰ্হিভূত শিশুৰ তথ্য সংগ্ৰহৰ বাবে গঠিত জিলা পৰ্যায়ৰ সমিতিৰ এখন গুৰুত্বপূৰ্ণ সভা আজি তিনিচুকীয়া জিলাৰ উপায়ুক্তৰ কাৰ্য্যালয়ৰ সভাকক্ষত অনুষ্ঠিত হৈ যায় ৷ শিক্ষা বিভাগৰ দায়িত্বত থকা অতিৰিক্ত উপায়ুক্ত সুশান্ত দত্তৰ সভাপতিত্বত অনুষ্ঠিত সভাত জিলা পৰিষদৰ সভাপতি ৰাজেন কৈৰী, সমাজ কল্যাণ বিষয়া তথা সহকাৰী আয়ক্ত নীলুৰাম শৰ্মা, সহকাৰী আয়ুক্ত অপৰূপা বৰগোহাঁইৰ উপৰি স্বাস্থ্য আৰু পৰিয়াল কল্যাণ, শ্ৰম বিভাগৰ প্ৰতিনিধি আৰু সমগ্ৰ শিক্ষাৰ বিষয়াসকল উপস্থিত থাকে৷ তিনিচুকীয়া জিলাৰ সকলো গাওঁ, চাহ বাগিচা আৰু চহৰাঞ্চলৰ ৱাৰ্ডসমূহ সামৰি ২,৬৮১ টা চুবুৰীৰ ৬ৰ পৰা ১৯ বছৰ বয়সৰ বিদ্যালয় বৰ্হিভূত শিশুৰ তথ্য সংগ্ৰহৰ বাবে এক পৰিকল্পিত কৰ্মসূচী যুগুত কৰা হৈছে ৷ সভাত সংশ্লিষ্ট সকলো বিভাগৰ বিষয়াসকলে নিজ নিজ বিভাগৰ তৃণমূল পৰ্যায়ৰ কৰ্মীসকলক এই তথ্য সংগ্ৰহ প্ৰক্ৰিয়াত সক্ৰিয়ভাৱে অংশগ্ৰহণ কৰি সুচাৰুৰূপে তথ্য সংগ্ৰহৰ কাম সম্পন্ন কৰাত সহযোগিতা আগবঢ়োৱাৰ আশ্বাস প্ৰদান কৰে ৷ সভাত অতিৰিক্ত উপায়ুক্তই বিদ্যালয় বৰ্হিভূত কোনো শিশুৰ নাম যাতে এই তথ্য সংগ্ৰহ কৰাৰ সময়ত বাদ পৰি নাযায় সেইটো নিশ্চিত কৰাৰ বাবে প্ৰতিটো বিভাগৰ বিষয়া, কৰ্মচাৰীসকলে সমন্বয়ৰ যোগেদি ক্ষেত্ৰ পৰ্যায়ৰ বিষয়সমূহ বিবেচনা কৰি নিৰ্দিষ্ট সময়সীমাৰ ভিতৰত এই তথ্য সংগ্ৰহৰ কাম সম্পূৰ্ণ কৰিবলৈ নিৰ্দেশ দিয়ে ৷

মন্তব্য দিয়ক

Your email address will not be published.

This website uses cookies to improve your experience. We'll assume you're ok with this, but you can opt-out if you wish. Accept Read More