তিনিচুকীয়াত মটক ৰজা সৰ্বানন্দ সিংহ দিৱস

৬ জনগোষ্ঠীৰ জনজাতিকৰণৰ বাবে ৰাজ্য চৰকাৰে কৰণীয় কৰিছে, প্ৰয়োজন মাথোঁ কেন্দ্ৰৰ সহানুভূতিৰঃ  মন্ত্ৰী অতুল বৰা

0 143

শতাব্দ প্ৰতিনিধি, তিনিচুকীয়া, ২৫ মে’ : অসম চৰকাৰৰ সাংস্কৃতিক সঞ্চালকালয়ৰ উদ্যোগত তথা তিনিচুকীয়া জিলা প্ৰশাসন আৰু সদৌ অসম মটক সন্মিলনৰ সহযোগত তিনিচুকীয়াৰ বৰগুৰি হাইস্কুল খেলপথাৰৰ মাটিবৰ বৰসেনাপতি ক্ষেত্ৰ আৰু পৱন নেওঁগ সোঁৱৰণি মণ্ডপত তিনিদিনীয়া বৰ্ণাঢ্য কাৰ্যসূচীৰে অব্যাহত থকা ২২০ সংখ্যক মটক ৰজা স্বৰ্গদেউ সৰ্বানন্দ সিংহ দিৱসৰ আজি দ্বিতীয় দিনাৰ কাৰ্য্যসূচী অনুসৰি বাহিৰ কৰা বাৰেৰহণীয়া সাংস্কৃতিক শোভাযাত্ৰাই সমগ্ৰ তিনিচুকীয়াবাসীৰ মন মোহিবলৈ সক্ষম হয় ।IMG 20220525 190300 অসমীয়াৰ স্বাভিমানস্বৰূপ তথা আভিজাত্যৰ প্ৰতীক দুটা হাতীক অনুসৰণ কৰি ঐতিহাসিক তিনিকোণীয়া পুখুৰীৰ পাৰৰ পৰা আৰম্ভ হোৱা শোভাযাত্ৰাত গায়ন-বায়নকে মুখ্য কৰি মটক জনগোষ্ঠীৰ হুঁচৰি, গছতলৰ বিহু, কুলাবুঢ়ী নৃত্য, মৰাণ বিহু, দেউৰী বিহু, মিচিং বিহু, টাই আহোম, তাংছা সাংস্কৃতিক দ’ল, ঝুমুৰকে ধৰি বহুকেইটা সাংস্কৃতিক দলে অংশগ্ৰহণ কৰে । প্ৰখৰ ৰ’দ মূৰত লৈ আটকধুনীয়া সাংস্কৃতিক শোভাযাত্ৰাই ৰঙ্গাগড়া পথ হৈ প্ৰায় পাঁচ কিল’মিটাৰ অতিক্ৰমি বৰগুৰিস্থিত মূল মণ্ডপলৈ ৰাওনা হৈ তাতে কাৰ্য্যসূচীৰ সামৰণি পেলায় । দিৱসৰ আজি পুৱাৰ নিৰ্ধাৰিত কাৰ্যসূচী অনুসৰি পতাকা উত্তোলন, স্মৃতি তৰ্পন, প্ৰদৰ্শনীৰ দ্বাৰ উন্মোচন, মটক জনগোষ্ঠীয় গছতলৰ বিহু আৰু হুঁচৰি প্ৰদৰ্শন সম্পন্ন হয় । মুকলি সভাত মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাৰ লিখিত ভাষণ ৰাইজৰ আগত পাঠ কৰে অসম চৰকাৰৰ সাংস্কৃতিক পৰিক্ৰমা বিভাগৰ সঞ্চালক দেৱজিৎ খনিকৰে । অসম মটক সন্মিলনৰ সভাপতি চান্দ কুমাৰ গোঁহাইৰ সভাপতিত্বত অনুষ্ঠিত মুকলি সভাত উপস্থিত থাকি কৃষিমন্ত্ৰী অতুল বৰাই বেংমৰা ৰাজ্যৰ প্ৰতিষ্ঠাতাজনক শ্ৰদ্ধাৰে সোঁৱৰণ কৰে । নিজৰ ভাষণত তেওঁ কয় মটক জনগোষ্ঠীৰ লগতে ৰাজ্যৰ ছয় জনগোষ্ঠীৰ জনজাতিকৰণৰ বাবে ৰাজ্য চৰকাৰে কৰণীয় কামখিনি ইতিমধ্যে কৰি ৰাখিছে । মাথোঁ কেন্দ্ৰীয় চৰকাৰে সহানুভূতি প্ৰদৰ্শন কৰিলেই এই সমস্যাৰ সমাধান হ’ব । ৰাজ্যৰ মিত্ৰজোঁটৰ চৰকাৰখনে সমূহ জাতি, জনগোষ্ঠীৰ হকে কাম কৰিছে বুলি উল্লেখ কৰা মন্ত্ৰী বৰাই কয় যি ইতিমধ্যে কেইবাখনো স্বায়ত্তশাসিত পৰিষদ গঠন কৰি জনগোষ্ঠীসমূহৰ উন্নয়নৰ কাৰণে কাম কৰি কৰি থকা হৈছে । মন্ত্ৰী বৰাৰ লগতে মুকলি সভাত চাবুৱাৰ বিধায়ক পোনাকণ বৰুৱা, উপায়ুক্ত নাৰ্ছিং পৱাৰ, হাউচিং বৰ্ডৰ অধ্যক্ষ পুলক গোঁহাইকে আদি কৰি একাধিক গণ্যমান্য ব্যক্তি উপস্থিত থাকে । মুকলি সভাৰ পাছত নিশালৈ জনপ্ৰিয় কণ্ঠশিল্পী ভৃগু কাশ্যপ আৰু নীলাভ নীতাৰ সংগীতানুষ্ঠানেৰে আজিৰ কাৰ্য্যসূচীৰ সামৰণি মৰাৰ পাছত কাইলৈ অন্তিম দিনা পুৱা মাৰাথন দৌৰ প্ৰতিযোগিতাৰ পাছতে চাফাই অভিযানৰে দিৱসৰ সামৰণি পৰিব ।

মন্তব্য দিয়ক

Your email address will not be published.

This website uses cookies to improve your experience. We'll assume you're ok with this, but you can opt-out if you wish. Accept Read More