তিনিচুকীয়াত ১ কেজি ড্ৰাগছসহ ধৃত ৪

0 7
শতাব্দ প্ৰতিনিধি‍, তিনিচুকীয়া, ১৮ জুলাইঃ মাৰাত্মক ড্ৰাগছৰ বিৰুদ্ধে তিনিচুকীয়াত আৰক্ষীয়ে অভিযান অব্যাহত ৰখাৰ সময়তে দেওবাৰে সন্ধিয়া তিনিচুকীয়াৰ পৰা মাকুম অভিমুখী বাইপাছত নিৰ্দিষ্ট তথ্যৰ ভিত্তিত অভিযান চলাই বৃহৎ পৰিমাণৰ নিষিদ্ধ ড্ৰাগছসহ চাৰিজনক ব্যক্তিক কৰায়ত্ত কৰিবলৈ সক্ষম হয়। ড্ৰাগছ সৰবৰাহ কৰাৰ অভিযোগত আৰক্ষীয়ে আটক কৰা ব্যক্তিকেইজন ক্ৰমে পানীতোলাৰ পৰাগজ্যোতি বৰা, ধন্তু বৰা আৰু ডিব্ৰুগড়ৰ স্মাইল আলী আৰু কাজী ফাৰোক বুলি প্ৰকাশ। জানিব পৰা মতে দলটোৱে প্ৰায় ১.২৩ কেজি পৰিমাণৰ সন্দেহজনক ব্ৰাউন চুগাৰ বিক্ৰীৰ বাবে আনিছিল। অভিযানকাৰী আৰক্ষীয়ে ধৃত ব্যক্তিকেইজনে ব্যৱহাৰ কৰা এ এছ ০৬ এম ০০৩০ নম্বৰৰ গাড়ীখনৰ পৰা ড্ৰাগছখিনি জব্দ কৰে। ঘটনা সন্দৰ্ভত আৰক্ষীয়ে তদন্ত অব্যাহত ৰাখিছে ।
মন্তব্য দিয়ক

Your email address will not be published.

This website uses cookies to improve your experience. We'll assume you're ok with this, but you can opt-out if you wish. Accept Read More